12/12/2025
আজি তলত দিয়া ফটোখন দেখিলোঁ আমাৰ অসমীয়া বিবাহ অনুষ্ঠানৰ এহাল দৰা-কইনাৰ। হয়তো বহুতে এয়া সাধাৰণ ভাৱে লৈছে বা ল'ব কিন্তু মোৰ দৃষ্টিত এয়া অপ-সংস্কৃতি। অসমীয়া হিন্দু বিবাহৰ এইবোৰ বজৰোৱা নীতি-নিয়ম কেতিয়াও নাছিল। মই আজিৰ পৰা বহুত দিনৰ আগতেই এই সম্পৰ্কে এক সজাগতা অনাৰ চেষ্টা কৰিছিলোঁ এটা লেখাৰ যোগেদি। এবাৰ পঢ়ি চাবচোন।
আজিকালি আকৌ আমাৰ অসমীয়া বিয়াবোৰত ট্ৰেণ্ড এটা ওলাইছে, মানে দৰাই কইনাৰ ঘৰত গৈ সমাজৰ আগত ভিতৰলৈ চাই চিঞৰি ক'ব লাগিব, "জান তুমি ক'ত আছা, ওলাই আহা" নাইবা "সোণজনী মই তোমাক চাবলৈ ৰৈ আছোঁ, ওলাই আহা ।" ইয়াৰ পাছত দৰা-কইনাৰ নৃত্য, ৰীলছ্ বনোৱা এইবোৰ আছেই । এইবোৰ আমাৰ অসমীয়া হিন্দু বিবাহৰ ৰীতি নীতিৰ ভিতৰত আছিলনে ? এয়া জানো বাহিৰৰ সংস্কৃতিৰ অনুকৰণ নহয় ? বিদেশৰ মানুহে আজিকালি আমাৰ অসমীয়া সাজ-পোছাক, কৃষ্টি-সংস্কৃতি, ৰাস-ভাওনা, অসমীয়া খাদ্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে আমাৰ একাংশই এতিয়া নিজৰেই কৃষ্টি-সংস্কৃতি, পৰম্পৰাগত সাজ-পোছাক, খাদ্য বিসৰ্জন দি পশ্চিমীয়া সংস্কৃতিক আদৰি লোৱা দেখা গৈছে ।
পৰিৱৰ্তন আমাক লাগিব কিয়নো যুগৰ লগে লগে কিছুমান পৰিৱৰ্তন আমি আদৰি ল'ব লগা হয় কিন্তু আমি শিপাৰপৰা বিচ্ছিন্ন হোৱা উচিতনে ?
বিবাহ এক পবিত্ৰ বন্ধন । সামাজিক বিভিন্ন লোকাচাৰৰ ভিতৰত বিবাহেই হৈছে সবাতোকৈ মহত্বপূৰ্ণ; কিয়নো এইবিধ লোকাচাৰ বা সংস্কাৰৰ মাধ্যমেৰে মনুষ্যই গৃহস্থাশ্ৰমত প্ৰবেশ কৰে । বিবাহ মানেই কেৱল এগৰাকী স্ত্ৰী আৰু পুৰুষৰ মিলনেই নহয়; দুটি ভিন্ন পৰিয়ালৰ মিলন আৰু সংস্কৃতি, সভ্যতা, পৰম্পৰা তথা সংস্কাৰৰ মিলন । কিন্তু আমাৰ অসমীয়া হিন্দু বিবাহৰ ৰীতি-নীতি, পৰম্পৰাৰ যেন স্বকীয়তা হেৰাই গৈছে, এই অতি আধুনিকতাৰ কবলত পৰি ।
আমাৰ বিবাহৰ নিয়মমতে বিবাহ অনুষ্ঠান আছিল দুদিনৰ । এদিন জোৰোণ, পাছদিনা বিয়া । তাৰ আগতে শৰাই পেলোৱা বা তামোল-পাণ কটা বুলি এটা নিয়ম থাকে । আৰু কিছুমানৰ ক্ষেত্ৰত আঙঠি পিন্ধোৱা অনুষ্ঠান এটাও হয় । কিন্তু আজিকালি বিবাহ এক সপ্তাহজুৰি হয় ।
সংগীত, মেহেন্দী অনুষ্ঠান ইত্যাদি । তাৰ মাজতে আকৌ দৰা কইনাৰ ফটো শ্বুটিঙৰ পৰ্ব আছেই । দেখাক দেখি এতিয়া সাধাৰণ ঘৰৰ ল'ৰা-ছোৱালী কিছুমানেও এনেধৰণৰ অপ-সংস্কৃতি অনুকৰণ কৰিবলৈ উঠিপৰি লাগিবলৈ চেষ্টা কৰা দেখা গৈছে ।
আগতে কইনা গৰাকীৰ মুখত এটা দুখবোধে ক্ৰিয়া কৰি থাকে । জন্মৰ ঘৰখনৰ পৰা বন্ধন ছিঙি অচিনাকি এখন ঘৰলৈ ওলাই যোৱাৰ দুখত চকুপানী নিগৰি থাকে । তেনেকৈয়ে তামোল-পাণৰ বটা লৈ প্ৰতিজন বিবাহ ঘৰৰ আলহীৰ পৰা আশীৰ্বাদ এটা ল'বলৈ চেষ্টা কৰে । কিন্তু এতিয়া বহুতৰ ক্ষেত্ৰত দেখা পাওঁ আলহী অতিথিৰ মাজতেই কইনাৰ নৃত্য, ৰীলছ্ বনোৱা, দৰালৈ ভিডিঅ' কল কৰা ইত্যাদিত ব্যস্ত । কোনোবা আহিলে তেওঁৰ ওচৰত আহি মাতিব লাগিব । ৰাতি অহা দৰাজনক সেইদিনা ভগৱান ৰামৰ লগত তুলনা কৰে । তেওঁৰ মুখত থাকে এটা শান্ত-সৌম্য তথা লাজকুৰীয়া ভাৱ ।
কলতলৰ মাঙ্গলিক কাৰ্য শেষ হোৱাৰ পাছত দৰাক আগবঢ়াই আনি হোমৰ ওচৰত বহুৱায় । এফালে বৈদিক কাৰ্য আৰম্ভ হয়, আনফালে আয়তীসকলে বিয়ানাম জুৰে । দৰাপক্ষই কইনাপক্ষক জোকায় আৰু কইনাপক্ষই যোৰানামৰ জাউৰি তোলে--
'ৰভাৰ খুঁটা হেলেকা
ৰভাৰ খুঁটা হেলেকা
দৰাঘৰৰ ল'ৰাবোৰৰ
চকু কেইটা টেলেকা ।'
এইবোৰ পৰম্পৰাগত ৰং ধেমালিৰ মাজতেই কইনাক মোমায়েকে দাঙি হোমৰ গুৰিলৈ লৈ আহে আজিৰ দৰে "জান ওলাই আহা" চিঞৰিব নালাগে আৰু কইনাক দাঙি আনোতে তেওঁৰ যি হিয়াভগা কান্দোন দেখিবলৈ পাওঁ বুকুখন দুখত ভাগি পৰে । এতিয়া বহুতক দেখো অকণো দুখ নাই।
যিহেতু দৰা-কইনা উভয় পক্ষৰ লগত সমাজত জ্যেষ্ঠ লোকসকল থাকে; যেনে দৰা-কইনাৰ পিতৃ-মাতৃৰ লগতে ককায়েক, মোমায়েক, খুড়া-খুড়ী লগতে পুৰোহিত এইসকলো জানো দৰা-কইনা উভয়ৰে বাবে সন্মানীয় তথা শ্ৰদ্ধাৰ নহয় ? আগতে ওৰণি অবিহনে জ্যেষ্ঠজনৰ সন্মুখত নোলোৱা পৰম্পৰা আছিল কিন্তু এতিয়া এইবোৰ বাৰু নালাগে, অপৰিহাৰ্য নহয়, কিন্তু এই যে দৰা-কইনাৰ এইসকলৰ আগতে অদ্ভুত নৃত্য তথা জান, সোণ, চিঞৰ, এইবোৰ অতিৰিক্ত হোৱা নাইনে ? নে ময়েই বাৰু বেছি আউটডেটেড নেকি ?
(আমাৰ বৰ্তমান অসমীয়া কলা-সংস্কৃতিৰ লগত জড়িত আমাৰ মাজত চেলিব্ৰিটী ব্যক্তিয়ে এইবোৰৰ প্ৰচলন আমাৰ সমাজত বেছিকৈ কৰিবলৈ লৈছে । এইসকল যিহেতু আমাৰ কিছুমানৰ বাবে আদৰ্শস্বৰূপ, সেয়ে এইবোৰ তেওঁলোকৰ বিবাহ অনুষ্ঠানত দেখি আমাৰ সাধাৰণ জনতাই অনুকৰণ কৰিছে । পশ্চিমীয়া সংস্কৃতিৰ ভাল দিশবোৰ কেতিয়াবা চাইনে ? আমাৰ ভালবোৰ তেওঁলোকে অনুকৰণ কৰে আৰু আমাৰ মানুহে বেয়াবোৰ...!!
দক্ষিণ ভাৰতৰ লোকসকলে কেতিয়াও তেওঁলোকৰ পৰম্পৰা এৰি নিদিয়ে সেইবাবে তেওঁলোকৰ চলচ্চিত্ৰসমূহো মোৰ প্ৰিয় । মনোৰঞ্জন লাগে, কিন্তু যি মনোৰঞ্জনে আমাৰ কৃষ্টি-সংস্কৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়, সেইবোৰ বৰ্জন নকৰিলে আমাৰ সকলো শেষ হ'ব ।)-
মূল পোষ্ট ✍️ অনামিকা কলিতা।