Dapon Jatiya Vidyalaya, Jania

Dapon Jatiya Vidyalaya, Jania Fresh News24 is first of its kind fully dedicated Digital News Media from Northeast India ushering.

18/10/2025
18/10/2025

18/10/2025

17/10/2025

16/10/2025

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পাছতেই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক'লে কেইটামান কথা -

যিখন কাকতত জুবিন গাৰ্গৰ সন্দৰ্ভত তেওঁ কৈছে যে তিনিদিন ধাৰাবাহিক ভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত কাকতত গৈ জুবিনে গেট ভাঙি দিছিল ,এটা বেলেগ পৰিৱেশৰ সূচনা হৈছিল,তেখতৰ মুখ আৰু জিভাখনেৰে দিনটোত যিহেতু অজস্ৰ মিছা কথা ওলায় ,এতিয়াও তেওঁ সেই লিকলিকাই থকা জিভাখনেদি মিছাকথা কিছুমান কৈ আছে ।মোটামুটি অৰ্ধ সত্য কথা কৈছে। হয় ,জুবিন গাৰ্গৰ লগত আমাৰ প্ৰতিদিন কাকতখনৰ এটাসময়ত এটা বিতৰ্ক হৈছিল ,সৰু বিতৰ্ক। আৰু তেখেতে আধা কৈ পেলাই বাকীখিনি নাই কোৱা । তাৰ পিছত যে জুবিন গাৰ্গে পেপাৰত কামটো কৰি যে ভুল কৰিছিল সেইটো তেখেতে অনুভৱ কৰি স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই কথাটো নক'লে। জুবিন গাৰ্গৰ কিছুমান কাম কেতিয়াবা তেওঁ নিজেই গম পাই যে তেখেতৰ নিজৰ ভুল হয় কেতিয়াবা, কিবা কাৰণত তেখেতৰ ভুল হয়। আৰু জুবিন গাৰ্গে কাকতত গৈ তেখেতৰ সন্দৰ্ভত বাতৰি ওলোৱাৰ কাৰণে তেখেতে অকণমান বেলেগকে দাবী ধমকি দিয় আৰ নিচিনাকৈ কাম এটা কৰিছিল আৰু পাছত তেখেতে নিজেই সেই কথাটো স্বীকাৰ কৰিছিল যে মোৰ ভুল হৈছিল ।জুবিন গাৰ্গৰ তেনেকুৱা বহুত উদাহৰণ আছে। আজি সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীয়ে কি কাৰণে আনিছে 'কিয় আনিছে আজি ?আজি মানুহে কি বিচাৰি আছে । এই যে পুৰণি ঘাঁ খুচৰি ফুৰিছে কি কাৰণে ? কালিৰ দিনটোত তেওঁ কৈছে দুবছৰ মানৰ আগতে এটা টেলিভিছন চেনেলে পঞ্চ পাণ্ডৱৰ এটা অনুষ্ঠান কৰিছিল । বাৰে বাৰে কৈ আছে তেওঁ সেই কথাটো। নাম নোলোৱাকৈ কৈ আছে। গোৱাল গালি পৰাদি যিটো অসমীয়াত শব্দ আছে তেওঁ সেইটো কথা কৈ আছে । আপোনাৰ যদি ইমানখিনি ক'বলৈ মন আছে সকলোখিনি কথা কওঁক পেপাৰখন প্ৰতিদিন ,চেনেলটো 'প্ৰতিদিন টাইম ' অনুষ্ঠানটো নিতুমণি শইকীয়াই কৰিছিল কওক না আপুনি ক'বলৈ আপোনাৰ অসুবিধা ক'ত। পঞ্চ পাণ্ডৱৰ অনুষ্ঠান আমি কৰিছিলোঁ সচাঁ কথা ।দুবছৰৰ আগত নহয় ,আজিৰ পৰা ১২ বছৰৰ আগত । সেই অনুষ্ঠানটোত ডঃ অমৰজ্যোতি চৌধুৰীৰ পৰিয়ালক লৈ যেনেকৈ আমি লক্ষ্যধৰ চৌধুৰীৰ অৱদানৰ কথা কৈ আমি অমৰজ্যোতি চৌধুৰী, অৰূপজ্যোতি চৌধুৰী ,অনুপজ্যোতি চৌধুৰী আৰাধনা দাসৰ পৰা ধৰি যি পাঁচজন সন্তান আছিল তেওঁলোকক লৈ যিদৰে অনুষ্ঠান কৰিছিলোঁ ,আমি ভাস্কৰজ্যোতি মহন্তহতৰ পাঁচ জন সন্তানক লৈ পঞ্চ পাণ্ডৱ নামৰ অনুষ্ঠানটি কৰিছিলোঁ। আৰু যিসকল দৰ্শকে চাইছিল তেওঁলোকৰ নিশ্চয় মনত আছে সেই অনুষ্ঠানটো আমি কৰিছিলোঁ মাক-দেউতাকক উপস্থিত কৰাই ষ্টুডিঅ'ত। ভাস্কৰজ্যোতি মহন্তৰ মাক আৰু দেউতাকক আমি বহুৱাই লৈছিলোঁ। আৰু আজিৰ পৰা ১২ বছৰৰ আগতে ভাস্কৰ জ্যোতি মহন্ত ,ননীগোপাল মহন্ত,অমৰজ্যোতি মহন্ত ,তেওঁলোকৰ অধ্যক্ষ হোৱা সৌমাৰজ্যোতি মহন্ত আৰু শ্যামকানু মহন্ত ।এই পাঁচজন সন্তানক সেই অনুষ্ঠানটোত বহোৱাইছিলো সঁচা কথা ।আজিৰ পৰা ১২ বছৰৰ আগৰ কথা আছিল সেইয়া। আমি নাজানিছিলোঁ শ্যামকানু মহন্তই এতিয়া এই কাণ্ড কৰিব। তেখেতে বাৰে বাৰে সেই কথাখিনি ক'বলৈ গৈছে। আপোনাৰ নিজৰ মালিকনাধীন পেপাৰতে শ্যামকানু মহন্তৰ article ওলাই আছিল। আপোনাৰ টেলিভিছনত এই ঘটনাটো ঘটাৰ আগলৈকে আমাৰ টিভিত বহিছিল যেনেকৈ অসমৰ প্ৰত্যেকটো টেলিভিছন চেনেলত তেনেকৈ বহিছিল আপোনাৰ চেনেলটো শ্যামকানু মহন্ত অতিথি হৈ আছিল ।তেতিয়া ক'লৈ গৈছিল সেইয়া ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা কথা স্পষ্টকৈ কওঁ আমি ভৱিষ্যদ্ৰষ্টা নহয়,আমি জ্যোতিষী নহয় ,ভৱিষ্যতলৈ কি হ'ব আমি নাজানো ।আপুনি মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন আপোনাৰ বন্ধু - বান্ধৱক লৈ মই এটা অনুষ্ঠান কৰিছিলো আৰু প্ৰশংসাৰে ওপচাই পেলাই আমি কৈছিলোঁ আমি দেখা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আপুনি একমাত্ৰ মুখ্যমন্ত্ৰী যি হ'ম বুলি মুখ্যমন্ত্ৰী হৈছে। যোৱা ৪০ বছৰে কোনো ব্যক্তি হ'ম বুলি মুখ্যমন্ত্ৰী হ'ব পৰা নাই। আপোনাৰ সেই কৃতিত্বক উচ্চ প্ৰশংসা কৰিছিলোঁ আৰু আজিৰ পৰা ১২ বছৰৰ পাছত যদি কিবা কাৰণত কালৰ গতিত যদি আপুনি কিবা কাৰণত CBI ৰ জালত পৰি যদি তিহাৰ জেলৰ অতিথি হয়গৈ তেনেহ'লে আমাক যদি কোনোবাই প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাক আপুনি আজিৰ পৰা ১০ বছৰৰ আগত প্ৰশংসাৰে ওপচাই থ'লে এয়া আপোনাৰ কেনে নৈতিকতা । মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে কি মই দায়ী হম নেকি ? আজি শ্যামকানু মহন্তৰ ১২ বছৰৰ আগৰ অনুষ্ঠানটো আপুনি খুচৰি ফুৰিছে। মহন্ত পৰিয়ালৰ কথা কৈছে। আজিৰ পৰা ১২ বছৰৰ পিছত আপুনি যদি তিহাৰ জেলৰ অতিথি হ'বলগীয়া হয় তাৰ কাৰণে মই দায়ী নহ'ম। তাৰ কাৰণে আপোনাৰ কু-কৰ্ম বিলাক দায়ী হ'ব ।আজি শ্যামকানু মহন্তৰ যেনেকৈ কু-কৰ্ম দায়ী হৈছে । আজি তেওঁ বেয়া কৰিছে বেয়াটোক বেয়া বুলি কৈছোঁ। যিটোসময়ত ভাল আছিল আমি ভালটোক ভাল বুলি কৈছিলোঁ। আৰু আপুনি জুবিন গাৰ্গৰ এটা অনুষ্ঠানৰ কথা কৈছে।ডিব্ৰুগড়ত অলপতে আমাৰ গোষ্ঠীটোৱে আয়োজন কৰা ।আপুনি নোযাৱাকৈ ডাৰৰ বাতৰি ডাৰেৰে কেনেকৈ পাইছে সেইয়া আপুনি জানে। দৈনিক মিছা কথা কৈ কৈ আপোনাৰ হয়টো সংবাদমেলটো মিছা কথা ক'বলৈ খুব মন যায়। জুবিন গাৰ্গে তাত তেনেকুৱা একো কথা কোৱা নাছিল আপুনি কোৱাৰ দৰে ।তেখেতে খুব সুন্দৰকৈ তিনিটা গীত পৰিৱেশন কৰিছে আৰু তাৰ পিছত তেওঁ সাধাৰণতে কিছুমান অনুষ্ঠানত কয় মোৰ আজি গীত গাবলৈ মন যোৱা নাই। আমি তেওঁৰ গীত সম্প্ৰচাৰ কৰিছিলোঁ । খুব সুন্দৰ ড্ৰেচ আৰু তাত আমি যিটো মৰ্যাদা দিছিলোঁ আপুনি চাগে নাজানে। প্ৰতিদিন কাকতৰ ২৫ বছৰ হোৱা উপলক্ষে তাত জুবিন গাৰ্গক অনুষ্ঠান কৰিবলৈ আমি লৈ গৈছিলোঁ। সেই অনুষ্ঠানটো ভূপেন হাজৰিকাই উদ্বোধন কৰিছিল ২৫ বছৰৰ আগত। ফিটা কাটি ডিব্ৰুগড়ত প্ৰতিদিন সংস্কৰণৰ যিগৰাকী মুখ্য অতিথি হৈছিল তেওঁ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই উন্মোচন কৰিছিল আৰু ২৫ বছৰ হোৱা সেই কাকতৰ সেই সামৰণি অনুষ্ঠানটো ২৫ বছৰ হোৱা ৰূপালী জয়ন্তী অনুষ্ঠানত ভূপেন হাজৰিকাৰ স্থানত জুবিন গাৰ্গক আমি স্থান দিছিলোঁ ।তেওঁ তিনিটা গীত পৰিৱেশন কৰিছিল ।আপুনি কোৱা ধৰণৰ কথাখিনি সচাঁ নহয়। মানুহক মিছা কথা নক'ব।


       #কৰাৰকুৰ_বেকী_দলং
16/10/2025

#কৰাৰকুৰ_বেকী_দলং

এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল বাক্সাত।
16/10/2025

এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল বাক্সাত।

             #কৰাৰকুৰ_বেকী_দলং
16/10/2025

#কৰাৰকুৰ_বেকী_দলং

জুবিনৰ ন্যায় যাত্ৰাত অংশ ল’ব ৰাহুল গান্ধীয়ে
15/10/2025

জুবিনৰ ন্যায় যাত্ৰাত অংশ ল’ব ৰাহুল গান্ধীয়ে

Address

Barpeta
781314

Alerts

Be the first to know and let us send you an email when Dapon Jatiya Vidyalaya, Jania posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dapon Jatiya Vidyalaya, Jania:

Share