
22/05/2024
চাৰিশ বছৰ পুৰণি ঐতিহাসিক গৌৰীপুৰৰ ৰাজবাৰী এতিয়া অস্তিত্বৰ সংকটত_
এখিলা এখিলাকৈ খহিবলৈ ধৰিছে চাৰিশ বছৰ পুৰণি ঐতিহাসিক গৌৰীপুৰৰ ৰাজবাৰী৷ সোতৰশ শতিকাৰ প্ৰথম ভাগতে গৌৰীপুৰত থিতাপি লৈছিল ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই ৷ তেৱেঁই গৌৰীপুৰৰ বৰুৱা পট্টিত নিৰ্মাণ কৰিছিল ইতিহাস প্ৰসিদ্ধ এই ৰাজবাৰী ৷ চীনা শিল্পী আৰু কলকাতাৰ শিল্পীৰ হাতৰ পৰশত আটকধুনীয়াকৈ প্ৰাণ পাই উঠিছিল এই ঐতিহাসিক ৰাজ প্ৰাসাদে ৷ তাৰ পৰৱৰ্তী সময়ত ইংৰাজ ৰাজত্ব কালত ১৯১৪ চনত চীনা শিল্পীৰ নিপুণ হাতৰ পৰশত গঢ় লৈ উঠিছিল গৌৰীপুৰ ৰজাৰ হাৱা মহল !