ALL ASSAM News 30

ALL ASSAM News 30 All Assam News30 before everyone, first of all. We are almost years old in the world of digital media
(4)

🔴ডিগবৈ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) নবাগত আদৰণি সভাত শিক্ষাৰ্থীক সম্বৰ্ধনা।এশ শতাংশ উত্তীৰ্ণ বঁটা লাভ পদাৰ্থ বিজ্ঞান ব...
21/08/2025

🔴ডিগবৈ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) নবাগত আদৰণি সভাত শিক্ষাৰ্থীক সম্বৰ্ধনা।এশ শতাংশ উত্তীৰ্ণ বঁটা লাভ পদাৰ্থ বিজ্ঞান বিভাগৰ।

✍️ডিগবৈ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) ২০২৫-২৬ বৰ্ষৰ নবাগত আদৰণি আৰু কৃৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা সভাখন মহাবিদ্যালয়ৰ সভাকক্ষত কালি অনুষ্ঠিত হয়।অধ্যক্ষ ড°পবিত্ৰ ভৰালীয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কন্দৰ্প কাশ্যম গগৈয়ে।মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিগবৈ সম জিলাৰ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁইয়ে নবাগত সকলৰ উদ্দেশ্যি প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে।সন্মানীয় অতিথি হিচাপে ডিগবৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিতেন্দ্ৰ নাথ শৰ্মা,অতিথি হিচাপে অৱসৰী উপাধ্যক্ষ ড° অৰুণ চন্দ্ৰ দত্ত, শৈক্ষিক প্ৰমুখ তথা পৰিক্ষা নিয়ন্ত্ৰক ড° জয়ন্ত সন্দিকৈ, ছাত্ৰ একতা সভাৰ মুখ্য উপদেষ্টা ড° গৌৰী বুঢ়াগোহাঁই, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° পবন গগৈ,শ্ৰেষ্ঠ শিক্ষক প্ৰশান্ত প্ৰসাদ সিং,দীপা শৰ্মা বৰঠাকুৰ,ড° অপৰাজিতা গগৈ আৰু ড° দেৱশ্ৰী গগৈ। পাপৰি কলিতা স্মাৰক শ্ৰেষ্ঠ বিজ্ঞান স্নাতক বঁটা পদাৰ্থ বিজ্ঞান বিভাগৰ ৰোহণ ছেত্ৰী, উপেন্দ্ৰনাথ কোঁৱৰ স্মাৰক শ্ৰেষ্ঠ বিজ্ঞান বঁটা,প্ৰাণী বিজ্ঞান বিভাগৰ বিবেকানন্দ দাস আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ দিক্ষীতা গগৈক নগদ ধন,স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে। শ্ৰেষ্ঠ কলা স্মাতক বঁটা,শিক্ষাতত্ব বিভাগৰ কৃষ্ণা দেলনাথ আৰু হেম কুমাৰ গগৈ বাণিজ্য স্মাতক বঁটা তমন্না থাপাই লাভ কৰাত তেওঁ লোকক নগদ ধন,স্মাৰক, মানপত্ৰ প্ৰদান কৰে।সভাত বিশেষ কৃতিত্ব লাভ কৰা বাণিজ্য শাখাৰ ২ গৰাকী, বিজ্ঞান শাখাৰ ৩২ গৰাকী,ক'লা শাখাৰ ৫ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৯ গৰাকী কৃৰ্তি শিক্ষাৰ্থীৰ লগতে শ্ৰেষ্ঠ গ্ৰন্থাগাৰ ব্যৱহাৰকাৰী জয়শ্ৰী দাসক নগদ ধন,স্মাৰক আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।উক্ত সভাতে ২০২৫ বৰ্ষৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ বিভাগৰ বঁটা পদাৰ্থ বিজ্ঞান বিভাগলৈ আৰু এশ শতাংশ উত্তীৰ্ণৰ বিশেষ বঁটা প্ৰাণী বিজ্ঞান বিভাগক প্ৰদান কৰে।

বিনন্দ কোঁৱৰ,ডিগবৈ।

🔴ভাৰতীয় প্ৰতিভা অলিম্পিয়াড (বিজ্ঞান) পৰীক্ষাত চতুৰ্থ স্থানত উজ্জলিল ডিগবৈৰ সোণাক্ষী পাল।ডিগবৈ:ডিগবৈ ইংৰাজী মাধ্যমৰ বিদ...
21/08/2025

🔴ভাৰতীয় প্ৰতিভা অলিম্পিয়াড (বিজ্ঞান) পৰীক্ষাত চতুৰ্থ স্থানত উজ্জলিল ডিগবৈৰ সোণাক্ষী পাল।

ডিগবৈ:ডিগবৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় বিবেকানন্দ একাডেমী,সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী সোণাক্ষী পালে ২০২৪-২৫ বৰ্ষৰ ভাৰতীয় অলিম্পিয়াড (বিজ্ঞান) পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ দহ গৰাকীৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি ডিগবৈৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য, ভাৰতীয় প্ৰতিভা অলিম্পিয়াড হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতমূলক পৰীক্ষা,য'ত ছাত্ৰ-ছাত্ৰীৰ জ্ঞান,যুক্তিৰ দক্ষতা আৰু বিশ্লেষণাত্মক দক্ষতাৰ মূল্যায়ন কৰা হয়।অসমৰ হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণাক্ষী পালে শীৰ্ষ প্ৰদৰ্শনকাৰীৰ ভিতৰত আত্মপ্ৰকাশ কৰি নিজ বিদ্যালয়লৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয় বুলি গৌৰবৰে কয় বিবেকানন্দ একাডেমী অধ্যক্ষা সুতাপা ৰয় চৌধুৰীয়ে। ডিগবৈ মিশ্যন পাৰা নিবাসী স্বপন পাল আৰু শীলা পালৰ সুযোগ্যা কন্যা সোণাক্ষী পাল।

বিনন্দ কোঁৱৰ,ডিগবৈ।

2024-25

20/08/2025

মাৰ্ঘেৰিটাত অটল বিহাৰী বাজপেয়ী ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা।

👉ডিগবৈ শোধনাগাৰৰ জ্যেষ্ঠ কৰ্মচাৰী ৰাজেন চুতীয়া পথ দুৰ্ঘটনাত মৃত্যু।*👉 মঙ্গলবাৰে নিশা প্ৰায় ১০ বজাত কৰ্ম সম্পাদন কৰিবলৈ ব...
20/08/2025

👉ডিগবৈ শোধনাগাৰৰ জ্যেষ্ঠ কৰ্মচাৰী ৰাজেন চুতীয়া পথ দুৰ্ঘটনাত মৃত্যু।*

👉 মঙ্গলবাৰে নিশা প্ৰায় ১০ বজাত কৰ্ম সম্পাদন কৰিবলৈ বুলি যোৱা সময়তে নিজৰ স্কুটিৰ পৰা পৰি মুখ মণ্ডলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।*

👉স্থানীয়লোক আৰু পৰিয়ালৰ সদস্যৰ সহযোগত তাৎক্ষণিকভাৱে আই অ' চি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।*

👉ৰাজেন চুতীয়া এ অ' চি লেবাৰ ইউনিয়নৰ উপ-সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছিল। সৰবৰাহী চুতীয়াই মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ সন্তান আৰু বহু আত্মীয়ক এৰি থৈ যায়।*

👉ৰাজেন চুতীয়াৰ মৃত্যুত সমগ্ৰ ডিগবৈত শোঁকৰ ছা পৰে ।ডিগবৈ বিধায়ক সুৰেন ফুকন,এ অ' চি লেবাৰ ইউনিয়ন আৰু বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে।*

👉বিনন্দ কোঁৱৰ

20/08/2025

তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত হঠাৎ অৱতৰণ হেলিকপ্টাৰ

20/08/2025

এগৰাকী কণমানি, ডিগবৈ অইল ভেলী স্কুলত দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ডেভাংশ্ৰী আগৰৱালে মাত্ৰ ৬ বছৰ বয়সতে কেৱল অসমতে নহয় দিল্লীতো জিলিকি উঠিছে মডেলিং আৰু নৃত্য প্ৰতিযোগিতাত। কণমানি ডেভাংশ্ৰী সৃষ্টিমূলক নৃত্যটো যথেষ্ট পাৰদৰ্শিতা আছে।*

👉 এক হৃদয় বিদাৰক ঘটনা। যি দৃশ্য দেখিলে আপনাৰো গাৰ নম শিয়ৰী উঠিব। একেখন শ্মশানত,একে সময়তে, একে লগে জ্বলি উঠিল তিনি সতী...
19/08/2025

👉 এক হৃদয় বিদাৰক ঘটনা। যি দৃশ্য দেখিলে আপনাৰো গাৰ নম শিয়ৰী উঠিব। একেখন শ্মশানত,একে সময়তে, একে লগে জ্বলি উঠিল তিনি সতীৰ্থ তথা তিনি ছাত্ৰৰ নশ্বৰ দেহ। ঘটনাৰ স্থান চাপৰ'ৰ বহলপুৰ। উক্ত ঘটনাই সমগ্ৰ চাপৰ-বহলপুৰ অঞ্চলত পেলাইছে ব্যাপক শোকৰ ছাঁ।
👉ঘটনাৰ স্থান চাপৰ'ৰ বহলপুৰ। বহলপুৰ'ৰ চম্পাৱতী নৈত দেওবাৰে গা ধুবলৈ গৈছিল তিনি সতীৰ্থ ক্ৰমে নৱজিৎ সিংহ,হিৰকজ্যোতি সিংহ আৰু জিতু ৰায়। আটাইৰে ঘৰ আছিল বহলপুৰ বৰপাৰা ২য় খণ্ড গাওঁত। আনকি আটাইকেইজন আছিলে অধ্যয়নৰত অৱস্থাত।ঘটনা সংঘটিত হোৱাৰ পিছতে দুই মাছ মৰীয়াৰ শলাগীৱ লগীয়া প্ৰচেষ্টাত তিনিও কিশোৰৰ মৃতদেহ উদ্ধাৰ হয়। কিন্তু আশ্চৰ্যনক কথা যে দূৰ্ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা SDRF বিমূখ হৈ উভতি যাব লগা হয়। সোমবাৰে আটাইৰে মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ নিজ গাৱখনত উপস্থিত হোৱাৰ লগে-লগে এক শোঁকাকূ্ল পৰিবেশৰ সৃষ্টি হয়। বিশেষকৈ বহলপুৰ পাতালপুৰ স্থিত শ্মশানত একে লগে,একে সময়তে, তিনি সতীৰ্থৰ নশ্বৰ দেহ জ্বলাটো কোনেও সহজ ভাৱে ল'ব পৰা নাই অঞ্চল বাসী।

👉দিল্লীত মডেলিঙত খিতাপ অৰ্জন ডিগবৈৰ কণমানি ডেভাংশ্ৰী আগৰৱাল।*👉 এগৰাকী কণমানি, ডিগবৈ অইল ভেলী স্কুলত দ্বিতীয় শ্ৰেণীত অধ্...
19/08/2025

👉দিল্লীত মডেলিঙত খিতাপ অৰ্জন ডিগবৈৰ কণমানি ডেভাংশ্ৰী আগৰৱাল।*

👉 এগৰাকী কণমানি, ডিগবৈ অইল ভেলী স্কুলত দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ডেভাংশ্ৰী আগৰৱালে মাত্ৰ ৬ বছৰ বয়সতে কেৱল অসমতে নহয় দিল্লীতো জিলিকি উঠিছে মডেলিং আৰু নৃত্য প্ৰতিযোগিতাত। কণমানি ডেভাংশ্ৰী সৃষ্টিমূলক নৃত্যটো যথেষ্ট পাৰদৰ্শিতা আছে।*

👉বগাপানী নাজিৰাটিং চাৰিআলি পিছপৰা অঞ্চলত বাসকৰা ঘণশ্যাম আগৰৱালা আৰু ৰুণু গোস্বামী আগৰৱালাৰ কন্যা ডেভাংশ্ৰী আগৰৱালাই VVN MISS MRS TEENS KIDS INDIA UNIVERS 2025 মডেলিং প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন কৰি অসমৰ লগতে ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।*

👉এই বৃহৎ সফতাৰ বাবে অইল ভেলী স্কুল কৰ্তৃপক্ষই ডেভাংশ্ৰীৰ লগতে তেওঁৰ শিক্ষক আৰু পিতৃ মাতৃক শুভেচ্ছা জনাইছে। ডেভাংশ্ৰীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।*

✍️বিনন্দ কোঁৱৰ

👉ডিগবৈত অচিনাক্ত বাহনৰ খুন্দাত প্ৰাত: ভ্ৰমণত যোৱা মহিলা নিহত -১,আহত -১* 👉ডিগবৈ থানাৰ অন্তৰ্গত টিংৰাই ৰেলৱে ষ্টেচন এলেকাৰ...
18/08/2025

👉ডিগবৈত অচিনাক্ত বাহনৰ খুন্দাত প্ৰাত: ভ্ৰমণত যোৱা মহিলা নিহত -১,আহত -১*

👉ডিগবৈ থানাৰ অন্তৰ্গত টিংৰাই ৰেলৱে ষ্টেচন এলেকাৰ বনগাঁৱৰ নিবাসী ৰাতিপুৱা প্ৰাত: ভ্ৰমণত যোৱা এগৰাকী মহিলা ঘটনাস্থলীতে মৃত্যু হোৱা বিপৰীতে আন এগৰাকী মহিলা গুৰুত্বৰভাৱে আহত হয়।ৰাতিপুৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাত: ভ্ৰমণত গৈছিল চুমি ভৰালী আৰু ৰূপালী ভৰালীয়ে।দ্ৰুত গতিত গৈ থকা এখন অচিনাক্ত বাহনে মহিলা দুগৰাকীক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ণ কৰে। ডিগবৈ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি চুমি ভৰালীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। ইপিনে দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ৰূপালী ভৰালীক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।পলায়ণ কৰা বাহনখনৰ ধৰা পেলাবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।*

✍️বিনন্দ কোঁৱৰ

18/08/2025

স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত ৰাহুল গান্ধীৰ এই ভিডিঅ’টোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুঘণ্টীয়া ভাষণক ছাঁ পেলাইছে।

16/08/2025

এজনৰ নামত ৩-৪ টাকৈ ভোটাৰ কাৰ্ড। তিনিটা স্থানতেই কোনে ভোট দি আছে। এইটো কেনেকৈ দিব পাৰে। কাৰ ছত্ৰছায়াত হৈ আছে এই সকলো।

Gaurav Gogoi

16/08/2025

ডিগবৈ ডিব্ৰু নৈত স্বাধীনতা দিৱসৰ দিনাই অঘটন।বন্ধু বৰ্গৰ সৈতে নৈত সাঁতুৰি থকা অৱস্থাত এজন যুৱক পানীত ডুবি মৃত্যু।

Address

Barpeta
781301

Telephone

+919365073806

Website

Alerts

Be the first to know and let us send you an email when ALL ASSAM News 30 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ALL ASSAM News 30:

Share