22/07/2025
#মিয়া বুলি একাংশই তুচ্ছ তাচ্ছিল্য কৰা অসমৰ চৰ-চাপৰিবাসীক লৈ বহুদিন পূৰ্বে লিখা নিবন্ধ এটাই সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাত সহায়ক হ’ব বুলি ইয়াত পোষ্ট কৰিলোঁ। পঢ়ি ভাল লাগিলে মন্তব্য আগবঢ়ালৈ আৰু প্ৰয়োজনীয় বুলি গণ্য কৰিলে #শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
অসমত
#অসমীয়া_ভাষালৈ াপৰিবাসীৰ #অৱদান
🔏 মহিবুল ইছলাম
অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিত বসবাস কৰা গৰিষ্ঠ স₹খ্যকেই পূৰ্ববংগীয়মূলৰ মুছলমান। এওঁলোকৰ মাতৃভাষা অসমীয়া। এওঁলোকে বিভিন্ন ৰাজহুৱা তথা আনুষ্ঠানিক ক্ষেত্ৰত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰে। ঘৰুৱা জীৱনত এওঁলোকে ব্যৱহাৰ কৰা ভাষাটো পূৰ্ববংগীয়মূলৰ মৈমনচিঙিয়া দোৱান আৰু অসমীয়া ভাষাৰ মিশ্ৰিত ৰূপ। বিভিন্ন কাৰণত অসমলৈ আহি চৰ-চাপৰিত বসতি স্থাপন কৰা পূৰ্ববংগীয়মূলৰ মুছলমান লোকসকলক স্থানীয় লোকসকলে আপোন কৰি লৈছিল আৰু অসমীয়া ভাষাক মাতৃভাষা হিচাপে আঁকোৱালি লবলৈ স্থানীয় বুদ্ধিজীৱী সকলে আহ্বান জনাইছিল।
“অসমলৈ ময়মনসিং জিলাৰ বহু মুছলমান আহিছে। যি প্ৰদেশ সমৃদ্ধিশালী, অনেক ঠাইৰ পৰা মানুহ আহি তাত বসতি কৰেহি। এইবাবে আমি আনন্দ প্ৰকাশ কৰিছোঁ। আৰ্যবিলাক এইদৰে বহু দূৰৰ পৰা আহি বসতি কৰেহি। কোচ, কছাৰী, আহোম প্ৰভৃতি জাতি অসমৰ খিলঞ্জীয়া অধিবাসী হ’ল। মিৰজুমলাৰ লগত অহা বহু মুছলমান অসমত থাকি গ’ল — তেওঁলোক অসমীয়া জাতিৰ লগত মিহলি হ’ল। ময়মনসিঙীয়াসকলে সেইদৰে অসমতে চিৰস্থায়ীকৈ বাস কৰি অসমীয়া বুলিবলৈ গৌৰৱ অনুভৱ কৰিব, তাত কোনো ভুল নাই।” (বেণুধৰ ৰাজখোৱা। ১৯২৬ চনৰ অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ অভিভাষণ। ) #১
১৯৪০ চনৰ ২৯ আগষ্টত গুৱাহাটীৰ কাৰ্জন হলৰ মুকলি প্ৰাংগণত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভা সভাত অসমৰ ভাষা, সাহিত্য, সংস্কৃতি সম্পৰ্কীয় কেবাটাও প্ৰস্তাৱ গৃহীত হয়। ইয়াৰে ষষ্ঠ প্ৰস্তাৱটো আছিল এনেকুৱা—
‘এই ৰাজহুৱা সভাই ১৯৩৭ খ্ৰীঃৰ আগতে অসম উপত্যকালৈ আহি অসমীয়াৰ মাজত স্থায়ীভাৱে বসতি কৰা সকলো শ্ৰেণীৰ ইমিগ্ৰেণ্টছক অসমীয়া জাতীয় স্বাৰ্থৰ লগত জড়িত হৈ অহা চেঞ্চাচত নিজক অসমীয়া বুলি লিখিবলৈ অনুৰোধ কৰে আৰু সেইদৰে চেঞ্চাচ কৰ্তৃপক্ষকো তেওঁলোকক অসমীয়াৰ লগত চামিল কৰি ৰাখিবলৈ অনুৰোধ কৰে’। #২
অসমলৈ আহি অসমৰ মাটিৰ প্ৰেমত বন্দী হোৱা পূৰ্ববংগীয়মূলৰ মুছলমান সকলে স্থানীয় লোকৰ উদাৰ আহ্বানত সঁহাৰি জনাই অসমীয়া ভাষাক মাতৃভাষা ৰূপে আঁকোৱালি লয়। তাৰ প্ৰমাণ পোৱা যায় ডেকা অসম, (ষষ্ঠ বছৰ, ১৪ শ সংখ্যা ২৩ আঘোণ, ১৮৬২ শক) ত প্ৰকাশিত হোৱা এটি দৰ্খাস্তৰ পৰা। সেই বিশেষ দৰ্খাস্তখন আছিল-
শ্ৰীযুত অসমৰ প্ৰধান মন্ত্ৰী, মান্যবৰেষু,
মহোদয়,
অধীন বৰপেটা মহকুমাৰ ইমিগ্ৰেণ্টছ প্ৰজাবৃন্দৰ সবিনয় নিবেদন এই যে আমালোক ২৫/৩০ বছৰ হ’ল অসমত স্থায়ীভাৱে বসতি কৰি আছো। আমালোকৰ ল’ৰা-ছোৱালীবোৰক অসমীয়া ভাষাত শিক্ষা দিছো, আৰু আমালোকেও বহুতে অসমীয়া ভাষা শিকিছে, তদুপৰি যিবিলাকে অসমীয়া ভাষা নাজানে সিবিলাকেই নিশা স্কুল পাতি অসমীয়া ভাষা শিকিবলৈ ধৰিছে। গতিকে মহোদয়ে ১৯৪১ চনৰ চেঞ্চাচত আমাক অসমীয়া ভাষা-ভাষী আৰু অসমীয়া বুলি ধৰাৰ কাৰণে গোহাৰি জনালো। ইতি—
আবেদনকাৰী সকলৰ চহী
১। ৰিয়াজুদ্দিন আহমেদ, সাং- হাউলী।
২। গাৰগালি সৰকাৰ, সাং- ৰায়পুৰ, লোকেল বোৰ্ড মেম্বাৰ।
৩। পিয়াৰ উল্লা সৰকাৰ, ভুতপূৰ্ব লোকেল বোৰ্ড মেম্বাৰ, সাং মাজগাঁও পল্লাৰ পাৰ।
৪। আব্দুল মজিদ খাঁ, চেক্ৰেটাৰী কুমাৰপীঠ মাইনৰ স্কুল।
৫। আমজাদ আলী খা, সাং-বেতবাৰী
৬। হবিবুল্লা মুন্সী, সাং-হাতীদানা দলগাঁও।
৭। দায়মুল্লা সৰকাৰ, সাং-কলবাৰী।
৮। আমিৰ আলি সৰকাৰ, সাং-ৰায়পুৰ
৯। কলিমুদ্দিন সেখ পণ্ডিত। #৩
উক্ত লোকসকলে লোকপিয়লত অসমৰ চৰ-চাপৰিত বসবাস কৰি থকা পূৰ্ববংগীয়মূলৰ মুছলমান সকলক মাতৃভাষা হিচাপে অসমীয়া ভাষা লিখিবলৈ এক প্ৰস্তাৱযোগে আহ্বান জনোৱা হেতুকে তাৰ প্ৰভাৱ অসমৰ চৰ-চাপৰিত ব্যাপক ভাৱে পৰে আৰু চৰ-চাপৰিৰ লোকসকলেও লোকপিয়লত মাতৃভাষা হিচাপে অসমীয়া ভাষা লিখিবলৈ যত্নপৰ হয়। ইয়াৰ ফলত ১৯৫১ চনৰ লোকপিয়লত অসমীয়া ভাষী সংখ্যাগৰিষ্ঠত পৰিণত হয়।
১৮৯১ চনৰ লোকপিয়ল অনুসৰি অসমৰ ২২ শতাংশ অসমীয়াভাষীৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা আছিল ৪৮জন। ১৯১১ চনৰ পিয়ল অনুসৰি ০.৮৫ লাখ অসমীয়াভাষীৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল ৩.৪৭ লাখ। একে দশা ১৯২১ আৰু ১৯৩১ চনৰ লোকপিয়লতো পৰিলক্ষিত হয়। ১৯২১ চনত ১.৩৯ লাখ আৰু ১৯৩১ চনত ১.৬১ লাখ অসমীয়াৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল ক্ৰমে ৪.০৬ লাখ আৰু ৪.৭৬ লাখ। ১৯৪১ চনত লোকপিয়ল গণনা নোহোৱাৰ বিপৰীতে ১৯৫১ লোকপিয়লত এক ওলোটা প্ৰতিচ্ছবি পৰিলক্ষিত হয়। ১৯৫১ চনত ৬.৮৭ লাখ অসমীয়াৰ বিপৰীতে বাংলাভাষীৰ সংখ্যা আছিল ১.৩৯ লাখ। ১৯৫১ চনৰ লোকপিয়লৰ তথ্যত বাংলাভাষীৰ সংখ্যা নিম্নগামী হোৱাৰ বিপৰীতে অসমীয়াভাষীৰ সংখ্যাটো হঠাতে ঊৰ্ধ্বগামী হোৱাৰ কাৰণ সন্দৰ্ভত ৰঞ্জিৎ সভাপণ্ডিতে লিখিছে- “দৃশ্যপট সলনি কৰাৰ সিংহভাগ কৃতিত্বৰ দাবীদাৰ আছিল পূব বংগমূলীয় ধৰ্মীয় সংখ্যালঘুসকল। তেওঁলোকে অসমীয়াভাষী বুলি চিনাকি দি অসমীয়াক মহৎ উপকাৰ কৰিছিল। এক কথাত ন অসমীয়াৰ কাৰণেহে অসমত অসমীয়া ভাষাটো বৰ্তি থকাত সহায় কৰিছিল। ’’ #৪
অসমীয়া ভাষাক মাতৃভাষাৰূপে আদৰি লোৱা বাবে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এই জনগোষ্ঠীক ন-অসমীয়া, মৈমনছিঙীয়া আখ্যা দিছে।
সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা
চাহ-বাগিচাৰ ময়েই বনুৱা
ন-অসমীয়া মৈমনছিঙীয়া
থলুৱা নেপালী
নৃত্য-কুশলী মণিপুৰীয়া মই। #৫
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ন-অসমীয়া’ অভিধাটোক জনপ্ৰিয় কৰি তোলে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে বিংশ শতাব্দীৰ যাঠি-সত্তৰৰ দশকত তেখেতৰ সম্পাদনাত প্ৰকাশিত ‘নীলাচল’ কাকতৰ এটা সংখ্যা ‘ন-অসমীয়া মুছলমান’ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰি। ‘‘সাপ্তাহিক নীলাচল’’ৰ পাততে ‘অসমৰ ন-অসমীয়া মুছলমান” শীৰ্ষক নিবন্ধত তেখেতে লিখিছে-
“পূৰ্ববংগৰ পৰা মাত্ৰ ত্ৰিশ, চল্লিশ, পঞ্চাশ বছৰ আগতে অসমলৈ অহা এই লোকসকলৰ সংখ্যা কেৱল শ শ বা হাজাৰ হাজাৰ নহয়, তেওঁলোকৰ সংখ্যা লাখ লাখ। এই লাখ লাখ মানুহে পূৰ্বৰ সকলো সাংস্কৃতিক আৰু ভাষিক পৰিচয় মোহাৰি নিশ্চিহ্ন কৰি নিজকে নতুনকৈ অসমীয়া বুলি পৰিচয় দিব খুজিছে। তেওঁলোকৰ এই নতুন পৰিচয়ৰ ভিত্তি কি? ইয়াৰ একমাত্ৰ ভিত্তি হ’ল অসমীয়া ভাষা। তেওঁলোক ন-অসমীয়া মুছলমান — কাৰণ অসমীয়া ভাষাক নিজৰ ভাষাৰূপে গ্ৰহণ কৰি তেওঁলোক উদাৰ অসমীয়া সমাজৰ নৱাগত সদস্যৰূপে ভুক্ত হৈছে। …. লাখ লাখ মানুহৰ এনে এটা বিশাল জনগোষ্ঠীয়ে এনেভাৱে নিজৰ ভাষা স্বেচ্ছাই পৰিত্যাগ কৰি আৰু নিজৰ সাংস্কৃতিক পৰিচয় মোহাৰি পেলাই নতুন ভাষা সংস্কৃতিক আপোন বুলি গ্ৰহণ কৰাৰ উদাহৰণ বিশ্বৰ ইতিহাসতেই বিৰল বুলি ক’ব পাৰি।” #৬
লোক পিয়লত অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ বহু পূৰ্বৰে পৰা অসমৰ চৰ-চাপৰিবাসীয়ে নিজৰ ল’ৰা-ছোৱালীৰ অধ্যয়নৰ সুবিধাৰ্থে নিজ নিজ অঞ্চলত অসমীয়া মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰে। অৱশ্যে চৰ-চাপৰিৰ মুছলমান সমাজত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ সঠিক তথ্য উপলব্ধ নহয় যদিও নগাঁও জিলাৰ আলি টাঙনিত ওচমান আলী সদাগৰে ১৯০২ চনত এখন মোক্তাব স্কুল খোলে। যিখন ১৯১০ চনত ২৬৫ নং এল পি স্কুল বুলি চৰকাৰীকৰণ হয়। সম্ভৱতঃ এইখনেই উক্ত সম্প্ৰদায়ৰ লোকসকলে প্ৰতিষ্ঠা কৰা প্ৰথম অসমীয়া মাধ্যমৰ বিদ্যালয়। ইয়াৰোপৰি বৰপেটা জিলাত ১৯১৩ চনত ৰাঙাপানী প্ৰাথমিক বিদ্যালয় আৰু ১৯২১ চনত চাকলাত প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা হয়। হিলাপাকুৰীত ১৯২১ চনত অসমীয়া মাধ্যমৰ মোক্তব স্কুল প্ৰতিষ্ঠা হয় যি পিছলৈ ৮১ নম্বৰ হিলাপাকুৰী এল, পি, স্কুল নামে খ্যাত হয়। চেনিমাৰীত ১৯২২ চনত হাজী সোণা উল্লাহে এখন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰে যি পিছলৈ ১০৫ নং চেনিমাৰী প্ৰাথমিক বিদ্যালয় নামেৰে চৰকাৰীকৰণ হয়। একেদৰে ঢকুৱাত চুলতান হাজীয়ে ১৯২৯ চনত অসমীয়া মাধ্যমৰ এম. ই. মাদ্ৰাছা প্ৰতিষ্ঠা কৰা তথ্য পোৱা যায়। একেদৰে ১৯২৫ চনত সোণতলিত, ১৯২৬ চনত গুণিয়ালগুৰিত, ১৯২৮ চনত কুজাৰ পীঠত আৰু ১৯৩৪ চনত আলোপতি চৰত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰে।
অকল অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰাতে আৰু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাতে ক্ষান্ত নাথাকি চৰ-চাপৰিৰ মুছলমান সমাজৰ বহুতে ভাষা-সাহিত্যৰ চৰ্চাৰে অসমীয়া ভাষা-সাহিত্যৰ ভৰাল চহকী কৰাত অৰিহনা আগবঢ়াইছে। সেই মহান ব্যক্তিসকলৰ ভিতৰত বৰপেটাৰ চেনিমাৰীৰ ইলিম উদ্দিন দেৱান, বৰপল্লীৰ ইছমাইল হোছেইন (জ্যেষ্ঠ) কয়াকুছিৰ ইছমাইল হোছেইন (কনিষ্ঠ) বাঘবৰৰ খবিৰ আহমেদ আৰু কপোহাৰ ডঃ হাফিজ আহমেদ অন্যতম। এওঁলোকৰ উপৰিও নবীৰ হুছেইন, হায়েত আলী আহমেদ, ছকিনা খাতুন, আটাউৰ ৰহমান, কাছেমা খাতুন, এছাহাক আলী দেৱান, আব্দুল মজিদ খান, ৰেজাউল কৰিম, তাজউদ্দিন আহমেদ, আব্দুৰ মান্নান, অহিজুদ্দিন শেখ, কাজিম উদ্দিন দেৱান, আবু ছাত্তাৰ ভূঞা, ছামান দেৱান, ফজল আলী আহমেদ, কোৰবান আলী চৌধুৰী, মুজিবুৰ ৰহমান, অনোৱাৰ কাজী, ওমৰ চৌধুৰী, আক্ৰাম হুছেইন শিকদাৰ, অনোৱাৰ হুছেইন, মইনুল হক চৌধুৰী, ইৰফানুল হক, এম জুৱেদ, আব্দুল জব্বৰ, আব্দুৰ ৰহিম, হানিফ মোস্তাক আহমেদ, ৰহিম মুস্তাকী, আনোৱাৰ হুছেইন, মমী বেগম, ৰমিছা বেগম, শাহনৱাজ ৰহমত উল্লা, ডাঃ মহম্মদ আলী, আব্দুল খালেক, মাৰ্চিয়া খন্দকাৰ, আব্দুৰ ৰেজ্জাক, তালেবৰ ৰহমান, চিদ্দিকুৰ ৰহমান, মিৰ্জা হুমায়ুন কবীৰ, মুজিবৰ ৰহমান, সামেজ আহমেদ, ডঃ চুলতান আলী আহমেদ, তমিজ উদ্দিন আহমেদ, শ্বামিমা নাচৰিণ মিলন, দেলৱাৰা খন্দকাৰ, মাজম আলী আহমেদ, জমশ্বেৰ আলী, অহিজুদ্দিন শ্বেখ, আখতাৰুল ইছলাম, নাছিৰুদ্দিন আহমেদ, ছহিদুল ইছলাম, আব্দুৰ ৰহমান, মোবাৰক হুছেইন, মেছেৰ আলী, মইনুল হক চৌধুৰী, আব্দুছ ছাত্তাৰ ভূঞা, আমিৰ খান, মাইন উদ্দিন, চুলতান মামুদ মিৰ্ধা, ছফি আহমেদ, বিশ্ববন্ধু দেৱান, কাজী নীল, ৰেহেনা চুলতানা, ছালিম হুছেইন, আশ্ৰাফুল হুছেইন, মতিয়াৰ ৰহমান, আব্ৰাৰ নাদিমকে আদি কৰি চৰ-চাপৰিৰ ভালে সংখ্যক লোকে সাহিত্য চৰ্চাৰ জৰিয়তে অসমীয়া ভাষালৈ অৱদান আগবঢ়াই আছে। অতি সাম্প্ৰতিক কালত গুগল ট্ৰেঞ্চলেটৰত অসমীয়া ভাষাৰ সংযোজনৰ ক্ষেত্ৰত যিকেইজনে ব্যক্তিয়ে অগ্ৰণী ভূমিকা লৈছে তাৰ ভিতৰত চুলতান মামূদ মিৰ্ধা, মাইন উদ্দিন, আশ্ৰফুল হুছেইনো অন্যতম।
এইদৰে অসমলৈ বসতি কৰিবলৈ আহি নিজস্ব ভাষা পৰিহাৰ কৰি অসমীয়া ভাষাক মাতৃভাষা হিচাপে আঁকোৱালি লৈ, অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি, অসমীয়া সাহিত্যৰ চৰ্চাৰ জৰিয়তে চৰ-চাপৰিবাসীযে যুগে যুগে অসমীয়া ভাষালৈ অৱদান আগবঢ়াই আছে।
পাদটীকা:
১। হোছেইন, ইছমাইল (কনিষ্ঠ): অসমৰ মুছলমানৰ ঐতিহ্য আৰু সংস্কৃতি, বনলতা, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১৫ পৃঃ ২৬৪-২৬৫
২। ডেকা অসম, ষষ্ঠ বছৰ তৃতীয় সংখ্যা, ১৭ ভাদ, ১৮৬২ শক
৩। ৰহমান, হবিবুৰঃ বৃহত্তৰ অসমীয়া জাতি গঠনত চৰ চাপৰিবাসীৰ অৱদান, অসম সাহিত্য সভা, চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাট -৭৮৫০০১, প্ৰথম প্ৰকাশ জানুৱাৰী, ২০১৪, পৃঃ ৬৫-৬৬
৪। সভাপণ্ডিত, ৰণজিৎঃ প্ৰবাস প্ৰব্ৰজন অনুপ্ৰৱেশৰ চক্ৰবেহুত অসম, ছান বিম, ১ শংকৰদেৱ পথ, গুৱাহাটী-৭৮১০৩২, প্ৰথম সংস্কৰণ: ডিচেম্বৰ, ২০২০, পৃঃ ৯৯
৫। অসমীয়া ডেকাৰ উক্তি (ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা)
৬। বৰগোহাঞি, হোমেন: অসমৰ ন-অসমীয়া মুছলমান। সাপ্তাহিক নীলাচল। ১০ জুন, ১৯৭০।
Copied from Dr-Mohibul Islam