31/12/2022
দিনবোৰ মোতামোতি একেই থাকিব৷
আগৰ দৰেই পূৱত বেলি উঠিব
পশ্চিমত মাৰ যাব,
গছ লতা বন
আকাশৰ তিৰবিৰ তৰাবোৰ
একোয়েইচোন সলনি নহয়
বসন্ত আহিলেই
সেই একেইধৰণে বাউলী হ’ব মন
বৰদৈচিলাজনী আহিব
নাচনীৰ আঁচল উৰাই
ভোগগালীৰ ভোগ
ৰঙালীৰ ৰঙ
একেইচোন থাকিব সব!
সলনি হ’ব
বাৰণ্ডাত বছৰটো ওলমি থকা
তাৰিখৰ তালিকাখন৷
বাকীবোৰ মোতামোতি একেই থাকিব
সেই আগৰ দৰেই৷