
23/07/2025
৫ নং কলগাছিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু উপ-সভাপতিৰ নিৰ্বাচন সম্পন্ন।
———————————————
আঞ্চলিক সভানেত্ৰী পদত ৪৫ নং সোণাপুৰ-ৰুভী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা আজমিনা খাতুন। উপ-সভাপতি পদত ৪৮ নং চিকনী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য বাহাৰুল ইছলাম নিৰ্বাচিত হয়।
আজি কলগাছিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত প্ৰাধিকৃত বিষয়া শ্ৰীযুত তন্ময় ঘোষ, ৰাজহ চক্ৰ বিষয়া, বাঘবৰ ৰাজহ চক্ৰ আৰু কলগাছিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰীমতী মঞ্জুশ্ৰী ঘোষৰ উপস্থিতিত অনুষ্ঠিত হোৱা আঞ্চলিক পঞ্চায়তৰ প্ৰথম সভাত ভোট গ্ৰহণৰ জৰিয়তে নিৰ্বাচিত হয় সভানেত্ৰী আৰু উপ-সভাপতি।