16/07/2026
বৰোলেণ্ড ডেম'ক্ৰেটিক ৰাইটছ পাৰ্টি (BDRP)-ৰ জন্ম হৈছে গণতন্ত্ৰ, অধিকাৰ, ন্যায় আৰু জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ লক্ষ্যৰে। আমাৰ উদ্দেশ্য কোনো ব্যক্তি বা ৰাজনৈতিক দলৰ বিৰুদ্ধে বিদ্বেষ সৃষ্টি কৰা নহয়; বৰঞ্চ শান্তিপূৰ্ণ, গণতান্ত্ৰিক আৰু আইনসম্মত উপায়ে জনগণৰ অধিকাৰৰ বাবে কাম কৰা।
কিন্তু দলটোৰ ঘোষণা কৰাৰ পিছৰে পৰা মই বিভিন্ন ধৰণৰ ভয়-ভাবুকি পাই আহিছোঁ। মোক গুৰুতৰ ক্ষতি কৰাৰ ধমকি দিয়া হৈছে বুলিও জনোৱা হৈছে। এই পৰিস্থিতিৰ বাবেই মই এই ভিডিঅ'টো জনসাধাৰণৰ সন্মুখত প্ৰকাশ কৰিছোঁ, যাতে সত্য কথাবোৰ সকলোৰে ওচৰলৈ পৌঁছে।
মই স্পষ্টকৈ ক'ব বিচাৰোঁ—মই কোনো ধৰণৰ হিংসা বা সংঘাত নিবিচাৰোঁ। গণতন্ত্ৰত মতভেদ থাকিব পাৰে, কিন্তু তাৰ সমাধান হ'ব লাগে যুক্তি, আলোচনা আৰু জনগণৰ ৰায়ৰ জৰিয়তে; ভয়, ভাবুকি বা হিংসাৰ জৰিয়তে নহয়।
মোৰ প্ৰতি যদি কোনো ধৰণৰ অঘটন ঘটে বা মোৰ সুৰক্ষাৰ ওপৰত আঘাত আহে, তেন্তে ইয়াৰ তথ্য ইতিমধ্যে জনসাধাৰণৰ আগত ৰাখিলোঁ।
বৰোলেণ্ড ডেম'ক্ৰেটিক ৰাইটছ পাৰ্টি (BDRP) শান্তি, ন্যায়, গণতন্ত্ৰ আৰু জনগণৰ সাংবিধানিক অধিকাৰৰ পক্ষত সদায় দৃঢ়ভাৱে থিয় হৈ থাকিব।
জয় গণতন্ত্ৰ। জয় বড়োলেণ্ড। #