31/07/2023
মৈদামৰ পৰা মই চ্যুকাফাই কৈছোঁ ঃ
মোৰ পিতৃ পুৰুষ খুত্যাংখাঙ্গ মুংৰিমুংৰাং (মাওলুঙ) প্ৰদেশৰ ৰজা আছিল ৷ মোৰ পিতৃৰ তিনিগৰাকী কু্ঁৱৰীৰ ভিতৰত মাজু কুঁৱৰী "ন্যাঙ্গ" ৰ গৰ্ভত মোৰ জন্ম ৷ মোৰ আই আৰু মাহীদেউ নৰাদেশৰ কুঁৱৰী আছিল ৷ বৰ মাৰ দুজন পুত্ৰ আছিল ৷ মই আইৰ গৰ্ভত থাকোঁতেই দেউতা ঢুকাইছিল ৷ সেয়েহে মোৰ আই "ন্যাঙ্গ" আৰু মাহীদেউ "চ্যাঙ্গ" ক নিজ ৰাজ্য নৰা দেশলৈ আমাৰ পুথাওদেউৱ লৈ আহিছিল ৷ মই এনাইদেউ (মাৰ মাক) ঘৰতে জন্ম হ’লো ৷ মোৰ নাম ৰাখিলে চ্যুকাফা ৷ আৰু মাহীদেউৰ গৰ্ভত জন্ম হোৱা ভাইটোৰ নাম ৰাখিলে চ্যুখ্ৰানফা ৷ ইতিমধ্যেই আমাৰ পিতৃ মুংৰিমুংৰাংৰ স্বৰ্গদেউ খ্যুত্যাংখাঙ্গৰ মৃত্যু হ’লত ডা ডাঙৰীয়া আৰু ইষ্ট কুটুমে বৰ মাৰ বৰ পুত্ৰ আৰু সৰু পুত্ৰক ৰাজ্য ভগাই দি ৰজা পাতিলে ৷ ইফালে আমি দুয়ো ভাই পুথাদেউৰ ( মাৰ দেউতা) ঘৰত এনাইদেউৰ মৰম আৰু তত্বাৱধানত ডাঙৰ হ’বলৈ ধৰিলো ৷ পুথাদেউ এনাইদেউৰ পুত্ৰ সন্তান নাছিল ৷ দিনে দিনে পুথাদেউৰ শৰীৰ পৰি আহিল ৷ পুথাওদেউৱে ভাই চ্যুখ্ৰানফাক বেছি মৰম কৰিছিল ৷ সেয়েহে তেওঁ জীয়াই থাকোঁতেই নৰা ৰাজ্যৰ ৰজা হিচাপে চ্যুখ্ৰানফাক ৰাজঅভিষেক কৰোৱালে ৷ আৰু মোক যুৱৰাজ বাব দিলে ৷ কিছুদিন পিছত আমাৰ পুথাওদেউ চ্যুখ্ৰাংফাৰো স্বৰ্গী হয় ৷
মই আছিলোঁ অলপ বেছি স্বাভিমানী টাই কোঁৱৰ ৷ সেয়েহে ভাইটোৰ তলত যুৱৰাজ হৈ থাকিবলৈ মোৰ ইচ্ছা ন’গল ৷ এনাইদেউৱে মোৰ মনৰ ভাৱ বুজিব পাৰি মোক কাষলৈ মাতি নি কৈছিল -
- একেটা চুঙতে দুটা বাঘ নাথাকে ৷ একেখন শালতে দুটা মস্তীদাৰ হাতী নাথাকে ৷ একেখন পাটত দুটা ৰজা নাথাকে ৷
এনাইদেউৰ কথা সাৰোগত কৰিয়েই মই নামনিলৈ ভটিয়াই গৈ এখন নতুন ৰাজ্য স্হাপন কৰাৰ সপোন দেখিলোঁ ৷ মোৰ মনৰ কথা খিনি এনাইদেউক ক’লোঁ ৷ এনাইদেউৱে নৰা ৰজা ভাই চ্যুখ্ৰানফাক মোৰ মনৰ কথা জনালে ৷ ভাই চ্যুখ্ৰানফাই বোলে -
- বাৰু যাব খুজিছে যাওঁক ৷ মোকো বছেৰেক চাই ধন বিত দি সহায় কৰি থাকিব ৷ এই বুলি ভাই চ্যুখ্ৰানফাই মোৰ লগত তিনিশ তিনি কুৰি মানুহ , ৰাজ অলংকাৰ , কাঁড় ধেনু ,যাঠি , এটা দঁতাল হাতী , এজনী মাখুন্দী , তিনিশ ঘোঁৰা , ভাত ৰন্ধা তিনিশ টা তামৰ টেকেলি , গোঁহাই বোৰৰ পু ভটিজা , তিনিজনা পণ্ডিত ম’হন দেওধাই ,বাইলুং লগত দি মোক নামনিলৈ পঠাই দিলে ৷ আহিবৰ সময়ত মোৰ কুঁৱৰীক আশীৰ্বাদ দি এনাইদেউৱে চকুলো টুকিছিল ৷ এনাইদেউৱে মোক ভাইটোৱে নেদেখাকৈ ৰাজঅলংকাৰ আৰু চোমদেউক লগত দিলে ৷ আৰু কাণে কাণে ক’লে -
"ইয়াৰ মহিমা বুজিবি ৷ ৰাজসম্পত্তি নুগুছে ,শত্ৰুৱে জিনিব নোৱাৰে ৷ আৰু এনাইদেউৱে মোক দুখন হেংদান দিছিল ৷ কৈছিল -
- এখন হেংদান টোক টোকালে মাছ ,পহু , চৰাই মাৰিব পাৰি ৷ আৰু আনখন যি দেশলৈ পোনকৰি দাঙে সেই দেশৰ মানুহ বশৱৰ্তী হয় ৷ ভাই চ্যুখ্ৰানফাই মোক সদলবলে চাৰি দণ্ড পথ অতিক্ৰমি আগবঢ়াই থৈ গ’ল ৷ বিদায়ৰ সময়ত এনাইদেউৰ চকুত চকুলো দেখিলো ৷ ভাইয়ে বোলে - ভাই তই যা ৷ মোক নাপাহৰিবি ৷
এই বুলি সি উলতি গ’ল ৷
এইদৰে নিজ পিতৃ ৰাজ্য মুংৰিমুংৰাং আৰু পুথাদেউৰ নৰা ৰাজ্য এৰি মই সদল বলে নামনিলৈ ভটিয়াই আহিলোঁ ৷ মোৰ বয়স তেতিয়া মাত্ৰ ২৪ বছৰ ২ মাহ ৷ দুচকুত অযুত স্বপ্ন , বকুত অদম্য সাহস আৰু কান্ধত মেটমৰা দায়িত্ববোধ ৷ এইদৰে প্ৰায় ১৩ বছৰ কাল পৰ্বতে পাহাৰে দুৰ্গম অৰণ্য ভেদি ,বনৰীয়া হিংস্ৰ জন্ত জানোৱাৰৰ আক্ৰমণ আৰু বাটত আগচিব খোজা অনেক সৰু সৰুা পাৰ্বত্য জনগোষ্ঠীৰ আক্ৰমণক প্ৰতিহত কৰি ১২২৮ খৃঃ ৰ আজিৰ দিনটোতে ডয় -কাউ -ৰঙ ত ভৰি থলোহি ৷ পাহাৰৰ ওখ চূড়াৰ পৰা আঘোন মাহৰ এই দিনটোত মই লক্ষ্য কৰিছিলো সোনোৱালী শইছৰ চিকমিকনি ৷ সেয়েহে কৈছিলোঁ - ম্যুঙ -ডুন -চূন-খাম ৷ অৰ্থাৎ সোণালী শইছৰ দেশ ৷ এইখন দেশতে পাহাৰৰ পৰা নামি নদীয়েদি ভটিয়াই আহিলোঁ এখন নতুন ৰাজ্য গঠনৰ স্বপ্ন বুকুত বান্ধি ৷ এই সৌমাৰ খণ্ডত ভৰি থৈ নানা আহৈ আহুকাল নেওঁচি ,ইয়াৰ থলগিৰী সকলৰ লগত মিলামিছা কৰি ১২৫৩ ত চে -ৰাই-ডয়ত স্হায়ী ৰাজধানী পাতিলোঁ ৷ ক্ৰমে ইয়াৰ থলুৱা সকলৰ গাভৰুৰ পাণি গ্ৰহন কৰি ,লোৱা আৰু দিয়াৰ প্ৰথাৰে ,সহনশীলতা আৰু উদাৰতাৰে অসমীয়া জাতি গঠনৰ বীজ অংকুৰিত কৰিলোঁ ৷ সকলো থলগিৰীক নিজ নিজ দক্ষতা আৰু প্ৰতিভাৰ জোখাৰে ৰাজকাৰ্যত জড়িত কৰোৱাই মহান অসমীয়া জাতিৰ পৰিকাঠামো তৈয়াৰ কৰিলোঁ ৷
এতিয়া তোমালোকক সুধিছোঁ ঃ
তোমালোকে মোক মাজে মাজে বিদেশী আক্ৰমণকাৰী সজোৱা কিয় ? মই ৰাজ্য পৰিচালনা কৰাৰ স্বাৰ্থত আৰু শত্ৰুক কঠোৰ হাতে দমন কৰাৰ বাহিৰে মোৰ হেংদানে কাৰো শিৰত আঘাত কৰা নাছিল ৷ যদি মই আক্ৰমণকাৰী হ’লো হেতেন তেনেহলে -সৌ খন নৰা ৰাজ্যৰ পৰা ইয়ালৈ আহিবলৈ মোক ১৩ বছৰ নালাগিল হেতেঁন ৷ যদি মোৰ আক্ৰমণ কৰি লুটপাত কৰাৰ অভিপ্ৰায় থাকিল হেতেঁন তেনেহলে মই লগত লৈ অহা সেই বাচি থকা এমুঠিমান মানুহেৰে এই সৌমাৰখণ্ডত ৩৯ বছৰ ৪ মাহ ১৫ দিন ৰজা হৈ থাকিব নোৱাৰিলো হেতেঁন ৷ গতিকে মোক লৈ এই অপ প্ৰচাৰবোৰ বন্ধ কৰা ৷ মই সংহতিৰ অংকুৰিত বীজ ৷ বিভেদ আৰু ঘৃণাৰ কীট নহয় ৷ আৰু শুনা -মোক লৈ বছৰে "অসম দিৱস" পাতিছা পাতা ৷ মে -ডাম -মে ফিও পাতিছা পাতা , মোৰ নামত বঁটা বাহন ও দিছা দিয়া , মোৰ নামত সমন্বয় ক্ষেত্ৰও কৰিছা কৰা ৷ মই ভাল পাইছোঁ ৷ কিন্ত এটা কথাৰ কাৰণে মই তোমালোকক বিশেষ কৈ মোৰ নাতি পুতি সকলক ক্ষমা কৰিব পৰা নাই ৷ তোমালোকে মোৰ মৈদামটোৰ মাটি বেদখল হৈছে -দেখা নাই ? মোৰ মৈদামলৈ অহা পথটোৰ মাটি মানুহে বেদখল কৰিছে দেখা নাই ? মোৰ মৈদাম হাবি জংঘলেৰে আগুৰি ধৰিল দেখা নাই ? আজি প্ৰায় ন শ বছৰে তোমালোকে মোৰ মৈদামটোকে সংৰক্ষণ কৰিব নোৱাৰিলা ? তোমালোকে কি দেশ ৰক্ষা কৰিবা ? ধিক্কাৰ হয় তোমালোকৰ ওপৰত ৷ লাচিতৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী আয়োজন কৰি দেশত বিয়পাই বাঃ বাঃ লৈছা ৷ কিন্ত মৈদামৰ পৰা মোৰ বিননি শুনিবলৈ তোমালোকৰ সাহস আৰু সময় নাই ৷ এই কথা জানিব পৰা হোৱা হ’লে লাচিতেও তোমালোকক দুচেও কৰি কাটিলেহেতেন ৷
শেষত কওঁ ;মই গঢ়ি যোৱা এই জাতিটোক বিভেদ আৰু ঘৃণাৰ লেতেৰা ৰাজনীতিৰে নষ্ট নকৰিবা ৷ এনে বহু বীৰ আজিও জীৱিত যি জাতিৰ স্বাভীমান আৰু সম্ভাৱনীয়তাক লৈ জীয়াই আছে ৷ তেওঁলোকক লালন কৰা ৷ প্ৰতিপাল কৰা ৷ দেশ খনক জাতিটোক ভাল পাবলৈ শিকা ৷ নিজক জাগ্ৰত কৰা ৷ মই মৈদামত বৰ কষ্টৰে দিন পাৰ কৰিছোঁ ৷
(Manoranjan Borgohain ৱালৰপৰা)
ফটো: চাওল্যুং চুকাফা স্বাস্থ্য আৰু গৱেষণা প্ৰতিস্থান #কপি