04/08/2026
ৰামায়ণৰ পৰা আৰম্ভ কৰি মহাভাৰত পৰ্যন্ত বিনাশৰ আৰম্ভনি অষ্টৰে নাই হোৱা , বিনাশ কেৱল ভুল কথা শুনাৰ বাবেই আৰম্ভ হল .....
মন্থৰাৰ কথা শুনাৰ বাবেই শ্ৰী ৰামৰ বনবাস,
সূৰ্পনখাৰ কথা শুনি লংকা জ্বলি চাই হল,
সকুনিৰ কথা শুনি কুৰু বংশ শেষ ,
আৰু এজনী সাধাৰন ধুবিৰ কথা শুনি.....
সম্পুৰ্ণ আয়ুধ্যা নগৰি উদং হল ।
সেয়ে কোৱা হয় আনৰ ভুল কথা শুনি নিজৰ বিবেগ আনৰ ভৰিত থৈ চলিলে এদিন সকলো শেষ হব । তাতকৈ যদি নিজৰ বিবেগ লৈ নিজৰ গুণ আৰু কৰ্ম প্ৰথম শুদ্ধ কৰি নিজক পৰিবৰ্ত্তন কৰি চলিব জানে তেন্তে মানুহৰ সুখ ,সমৃদ্ধি তথা উন্নতি অনিবাৰ্য।
সকলো আমাৰ মাজতে আছে মাথোঁ আমি কোন ধৰণে আছোঁ সেই ধৰণে আমাক ঈশ্বৰ আৰু মহাজাগতিক শক্তিয়ে দি যায়।
সেয়ে কোৱা হয় যদি আমি নিজে ভাল তেন্তে আমি সকলো ভাল দেখিম আৰু আমাৰ লগতো সকলো ভাল হব আৰু যদি আমি নিজে বেয়া তেন্তে আমি আনক বেয়াই সজাম আৰু আনক বেয়া কৰিব গৈ গৈ শেষত আমাৰ সকলো শেষ হব .....
কাৰণ যি কৰিম , যি দিম সেয়াই প্ৰকৃতিয়ে,ঈশ্বৰে ওলোটাই আমাক দিয়ে। মিছাতে আনক দোষা ৰূপ কৰি লাভ নাই ।
আনে কাৰো বেয়া কৰিব নোৱাৰে আৰু আনে কাৰো ভালো কৰিব নোৱাৰে। ঠিক একেই দৰে আন কোনেও বুজাই বুজাই জ্ঞান দিবও নোৱাৰে........
বিবেগ নিজৰ লাগিব , জ্ঞান নিজে লব লাগিব আৰু নিজে অজ্ঞানি হৈ বেছি আনৰ মগজুত চলিলে এদিন নিজৰ সকলো শেষ । ৰব লাগিব মাথোঁ আলোচনাৰ পাত্ৰ হৈ এয়াই ৰামায়ণ, মহাভাৰতৰ উদাহৰণ .....
সু প্ৰভাত 🌅 good morning everyone ✅