Bokakhat Dorpon News

Bokakhat Dorpon News বোকাখাত দৰ্পণ, ৰাইজৰ হকে ৰাইজৰ লগত । BOKAKHAT DORPON NEWS ,NEWS
(2)

14/08/2026

বৰ্তমান সমগ্ৰ অসমৰ লগতে গোলাঘাটৰো বিভিন্ন এলেকাত মদ, ভাং, আদি মাদ্ৰক দ্ৰব্যৰ লগতে বিশেষকৈ ড্ৰাগছৰ অবাধ প্ৰচলন ঘটিছে ৷ আৰু এই সমূহৰ বাবেই সমাজখন স্খলিত হৈছে ৷ বহু মহিলা কম বয়সতে বিধবা হৈছে ৷ বহু শিশু নিথৰুৱা হৈছে৷ আমাৰ ভবিষ্যত প্ৰজন্মৰ সুৰক্ষা তথা সমাজত সুষ্ঠ পৰিবেশ বৰ্তাই ৰাখিবৰ বাবে স্বেচ্ছাসেৱী সংগঠন পায়নিয়াৰ ফাউণ্ডেচনৰ উদ্যোগত, এন আৰ এল আৰু ৰাইজৰ সহযোগত নোগোৰা অহা ১৮ আগষ্টৰ পুৱা ১০ বজাৰ পৰা “মাদ্ৰক দ্ৰব্য বিৰোধিতাৰে দিনজোৰা এক কায্যসূচী অনুষ্ঠিত কৰিবৰ বাবে ব্যাপক প্ৰচাৰ চলোৱা হৈছে ৷এই কায্যসূচীত বিদ্যালয়ৰ ছাত্ৰছাত্ৰী, শিক্ষক -কৰ্মচাৰী, জামুগুৰি আৰক্ষী থানা; গাওঁ ৰক্ষী বাহিনী, জামুগুৰি গাওঁ পঞ্চায়তেও পূৰ্ণ সহযোগিতা আগ বঢ়াব ৷

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭 #𝐣𝐨𝐫𝐡𝐚𝐭

14/08/2026

ভাৰতীয় জনতা পাৰ্টীৰ বোকাখাত মণ্ডলৰ সৌজন্যত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বোকাখাত নাট্য মন্দিৰৰ সন্মুখত ৰাইজৰ মাজত প্ৰায় ২,০০০খন ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰা হয়।

14/08/2026

বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত সম্বৰ্ধনা:;;;;;::; বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত ৮০তম স্বাধীনতা দিৱস উপলক্ষে আজি বোকাখাত সমজিলাৰ কলা, সংস্কৃতি, খেলাধূলা আদি বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা মুঠ ৩৩গৰাকী লোকক সম্বৰ্ধনা জনায়।

14/08/2026

📌৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাখাতত ত্ৰিৰংগা যাত্ৰা।

দেশবাসী সাজু হৈছে স্বাধীনতাৰ ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ।
বোকাখাতত দেখা গ'ল ব্যাপক উৎসাহ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত।
১৫০ মিটাৰৰ বৃহৎ ত্ৰিৰংগা পতাকা লৈ সমদল বোকাখাতৰ ৰাজপথত ।
বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত সম জিলা প্ৰশাসন আৰু বোকাখাত পৌৰ সভাৰ উদ্যোগত উলিওৱা সমদলত কেইবা শতাধিক ৰাইজৰ অংশ গ্ৰহণ কৰে ।
বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে ত্ৰিৰংগ পতাকা লৈ সমদলত অংশ গ্ৰহণ কৰে।

14/08/2026

বোকাখাতত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুশীলনৰ অন্তিম দিনা আৰক্ষী বাহিনী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা বাহিনী আৰু সমজিলাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰে।
বোকাখাত সমজিলাৰ আয়ুক্ত সুজাতা গগৈৰ নেতৃত্বত ১৭খন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে আৰক্ষীৰ কুচকাৱাজৰ দলে স্বাধীনতা দিৱসৰ বাবে চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰে।

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭 #𝐣𝐨𝐫𝐡𝐚𝐭

13/08/2026

মানুহে মানুহৰ বাবে—জুবিন দাৰ আদৰ্শৰে সুৰীয়া আহ্বান কণ্ঠশিল্পী ধন্তী দাসৰ

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭 #𝐣𝐨𝐫𝐡𝐚𝐭

13/08/2026

নুমলীগড় শোধনাগাৰৰ চি এছ আৰ পুঁজিৰ অপব্যৱহাৰক লৈ বিধায়ক মৃণাল শইকীয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭 #𝐣𝐨𝐫𝐡𝐚𝐭

13/08/2026

বোকাখাত, ১৩ আগষ্ট :
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ১২ আগষ্টত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিশ্ব হাস্তী দিৱস উদযাপন কৰা হয় । বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি ১২ আগষ্টৰ পুৱাতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ বোকাখাতৰ পৰা বুঢ়াপাহাৰলৈকে থকা সকলো এনিমেল কৰিডৰ পাৰ হৈ যোৱা ৭১৫ নং ৰাষ্ট্ৰীয় পথৰ দুয়ো কাষৰ আৱৰ্জনা পৰিস্কাৰ কৰা হয় । উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আয়োজিত এই আৱৰ্জনা পৰিস্কাৰ অভিযানত বোকাখাত জে ডি এছ জি মহাবিদ্যালয়, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়, কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয় আৰু বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰী, বিভাগীয় বনকৰ্মী, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি, জীপ চাফাৰী সন্থা আৰু বিভিন্ন বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে । আজি পুৱা ৫ বজাতে পানবাৰী এনিমেল কৰিডৰত কাজিৰঙাৰ সঞ্চালক ড০ চি ৰমেশ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশে আনুষ্ঠানিক ভাৱে এই আৱৰ্জনা পৰিস্কাৰ অভিযান শুভাৰম্ভ কৰে । পৰৱৰ্তী সময়ত সকলোয়ে মিলি এনিমেল কৰিডৰৰ হাতী বিচৰণৰ এলেকাৰ পৰা ৮ শ কিলোগ্ৰামৰো অধিক আৱৰ্জনা সংগ্ৰহ কৰে ।
ইয়াৰ উপৰিও হস্তী দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যান খনৰ বাগৰি বনাঞ্চলত হাতীৰ চিকিৎসা শিৱিৰ আৰু গনেশ পূজাৰ আয়োজন কৰা হয় । কাজিৰঙাৰ বিভাগীয় পশু চিকিৎসক ডা০ সুলভ শৰ্মা, পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা০ ভাস্কৰ চৌধুৰী, ডা০ মেহদি হাচান, কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ ডা০ বিশ্বজিত বৰুৱা আৰু হস্তী বিশেষজ্ঞ কৌশিক বৰুৱা, বনাঞ্চলিক বিষয়া হিমাংশু গগৈ, মৃগাংক দাস, জিজ্ঞাস বৰুৱা, নীলয় বৰুৱা আৰু ম.দুপৱন নাথো এই চিকিৎসা শিৱিৰত উপস্থিত থাকে । এই অনুষ্ঠানতে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে প্ৰদান কৰা এখন এম্বুলেঞ্চো নাৰিকল ভাঙি সঞ্চালক ড০ চি ৰমেশে উদ্বোধন কৰে । আজিৰ এই হস্তী দিৱসত আৰণ্যকৰ সঞ্জীৱ বেজবৰুৱা, ভুমিৰ উত্তম শইকীয়া, জীপ চাফাৰী সংস্থাৰ অংগদ বৰদলৈয়ে বিশেষ ভাৱে সহযোগ কৰে ।

13/08/2026

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিৱিৰ সম্পন্ন
গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু সন্মিলিত যুৱ সমাজ দেৰগাঁৱৰ সহযোগত আজি দেৰগাঁও সমজিলাৰ অন্তৰ্গত বানাক্ৰান্ত
গেন্ধালী কেন্দুগুৰি ৰংগমঞ্চত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়। এন আৰ এল বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মী দলে চিকিৎসা সেৱা আগবঢ়োৱা শিৱিৰটোত
বৃহত্তৰ বানাক্ৰান্ত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰে।

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭 #𝐣𝐨𝐫𝐡𝐚𝐭

13/08/2026

বোকাখাতৰ বিহৰা মিকিৰ চাঙত বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলালে মিকিৰ চাং বাগান প্ৰাথমিক বিদ্যালয়ত। যোৱা তিনিদিন ধৰি প্ৰতি নিশাই প্ৰায় ডেৰশ হাতীৰ এটা জাকে অবস্থান কৰে বিদ্যালয় খনৰ সমীপত থকা বাগিচাত।

#𝐆𝐨𝐥𝐚𝐠𝐡𝐚𝐭 #𝐣𝐨𝐫𝐡𝐚𝐭

Address

Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when Bokakhat Dorpon News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share