20/08/2026
বিজেপিৰ বিৰুদ্ধে কিয় ক্ষোভ উজাৰিছে অসম মহিলা কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে৷ মীৰা বৰঠাকুৰে সৌ সিদিনা কাজিৰঙাত উপস্থিত হৈ কয়, "বিজেপি চৰকাৰে এই কাৰণে গণতান্ত্রিক আন্দোলনক বুজি নাপায়, কাৰণ ব্ৰিটিছক যেতিয়া কংগ্ৰেছে খেদিছিলে, তেওঁলোকে সেই আন্দোলনত ভাগে লোৱা নাছিলে। সেই কাৰণে গণতান্ত্রিক ভাষা তেওঁলোকে বুজি নাপায়। গণতন্ত্রত ৰাইজেই ৰজা, প্ৰতিবাদৰ ভাষাক যদি তেওঁলোকে বুজি এই কাৰণেই নাপায় যে স্বাধীনতাৰ আন্দোলনত তেওঁলোকে ভাগ লব পৰা নাছিলে। তেওঁলোকে গডছেক পূজা কৰে, সেই কাৰণে গণতান্ত্রিক আন্দোলন তেওঁলোকে বুজি নাপায়। আমি আশা কৰিছো যে চৰকাৰে মহাত্মা গান্ধীৰ গণতান্ত্রিক অহিংস আন্দোলনৰ ভাষা বুজি পাওক। আমি অহিংস আন্দোলনৰ প্ৰতিবাদেৰে তেওঁলোকক বুজাব বিচাৰিছো যে কাজিৰঙাৰ যাতে এজোপাও গছ কটা নাযায়, এটাৰো যাতে জীৱ-জন্তুৰ যাতে মৃত্যু নহয় আৰু যাতে ইকো-চেনচিটিভ জ'ন যাতে শ্ৰিংক কৰি মানুহ আৰু জীৱ-জন্তুৰ মাজত যাতে সংঘাত নহয়, তাৰ কাৰণে চৰকাৰক আমি দাবী জনাইছো।" উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক’ চেন্চেটিভ জ’নৰ পৰিসীমা ১০ কিলোমিটাৰৰ পৰা হ্ৰাস কৰি ১ কিলোমিটাৰলৈ অনা সন্দৰ্ভত ঘোষণা কৰাৰ পাছতেই অলপতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে কাজিৰঙাৰ ৰাজপথ৷ উক্ত প্ৰতিবাদত উপস্থিত থাকি হিমন্ত বিশ্বশৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ মহিলা সমিতিৰ সভানেত্ৰী মীৰা বৰঠাকুৰ৷ ইক’ চেন্চেটিভ জ’নৰ পৰিসীমা হ্ৰাস কৰাটো বিজেপি চৰকাৰৰ পুঁজিপতিক ধনী কৰাৰ কৌশল বুলি মত ব্যক্ত কৰাৰ লগতে এয়া কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে৷ আনহাতে, বিশ্ব গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষিত কৰিবলৈ সকলো ৰাইজকে আহ্বান জনায়৷
আপুনি মীৰা বৰঠাকুৰৰ মন্তব্যত সন্মত নে?
The Uncut IN DEPTH