06/11/2025
| বঙাইগাঁৱত জিলা পৰ্যায়ত পালন কৰা হ'ব "জনজাতীয় গৌৰৱ দিৱস"।
১৫ নৱেম্বৰ তাৰিখটো হ'ল জনজাতীয়সকলে ভগৱান বুলি মনা স্বাধীনতা যুঁজাৰু বীৰছা মুণ্ডাৰ জন্ম দিৱস।এইবেলি বীৰছা মুণ্ডাৰ জন্মৰ ১৫০বছৰ পূৰ্ণ হ'ব। এই উপলক্ষ্যে বঙাইগাঁও জিলাত জিলা পৰ্যায়ত পালন কৰিবলৈ লোৱা হৈছে "জনজাতীয় গৌৰৱ দিৱস "।
এই দিৱস উদযাপনৰ বাবে বঙাইগাঁও জিলাৰ জনজাতীয় গাঁওসমূহৰ মুখিয়াল ব্যক্তিৰ সৈতে জিলা প্ৰশাসনে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভাত মিলিত হয়। সভাত সভাপতিত্ব কৰে জিলা আয়ুক্ত নৱদ্বীপ পাঠকে। জিলা প্ৰশাসনে মুখিয়াল ব্যক্তিসকলৰ লগত আলোচনামৰ্মে বইটামাৰী উন্নয়ন খণ্ডৰ অধীনস্থ খগৰপুৰ গাঁও-পঞ্চায়তৰ অন্তৰ্গত বাঘপাৰা গাঁৱত "জনজাতীয় গৌৰৱ দিৱস"অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লয়। চৰকাৰী নিৰ্দেশনা অনুসৰি আজিৰ সভাত আলোচনা কৰি "জনজাতীয় গৌৰৱ দিৱস "উদযাপনৰ লগত সংগতি ৰাখি জনজাতীয় গীত,নৃত্য আদি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনজাতীয় লোকসকলে সাধাৰণতে ভোগা বেমাৰ সন্দৰ্ভত স্বাস্থ্য শিবিৰ, শিক্ষা বিভাগৰ অধীনত চিত্ৰাংকন প্ৰতিযোগিতা, বীৰছা মুণ্ডাৰ জীৱনৰ বিষয়ত ৰচনা লিখা প্ৰতিযোগিতা, কৃষি বিভাগৰ ষ্টল, পশুপালন বিভাগৰ ষ্টল, মীন বিভাগৰ ষ্টল, জনজাতীয় পোছাকৰ ষ্টল, জনজাতীয় খাদ্যৰ ষ্টল আদিৰো ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ সভাত। আনহাতে কিছুমান পৰম্পৰাগত খেলো অনুষ্ঠিত কৰা হ'ব জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানৰ অংশ হিচাপে। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত শিশুৰ পৰিপুষ্টি, শাৰীৰিক বিকাশ আদি পৰ্যবেক্ষণ কৰাৰ বাবেও ষ্টল থাকিব। আনহাতে ঔদ্যোগিক দিশত গুৰুত্ব দিও ষ্টল দিয়া হ'ব উদ্যোগ আৰু বাণিজ্য বিভাগৰ তৰফৰ পৰা। বৃক্ষৰোপনৰ কাৰ্যসূচীও ৰখা হৈছে জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ লগত সংগতি ৰাখি।
তদুপৰি উক্ত অনুষ্ঠানৰ আৰম্ভণিতে জনজাতীয় লোকসকলে ভগৱান বুলি গণ্য কৰা বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি যদি বঙাইগাঁৱৰ জনজাতীয় লোকসকলৰ ভিতৰত কোনোবা স্বাধীনতা যুঁজাৰু আছিল তেওঁলোককো শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।
বঙাইগাঁও জিলাত মুঠ ২৮খন জনজাতীয় গাঁও আছে।তাৰে ভিতৰত যিকোনো ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা জনজাতীয় লোকক সম্বৰ্ধনাও জনোৱা হ'ব। ইয়াৰ উপৰিও জনজাতি সম্পৰ্কীয় কিবা আঁচনি উদ্বোধন কৰিবলগীয়া বা আধাৰশিলা স্থাপন কৰিবলগীয়া থাকিলে বা কিবা অনুদান দিবলগীয়া থাকিলে "জনজাতীয় গৌৰৱ দিৱস "উদযাপনৰ দিনটোত কৰাৰ সিদ্ধান্তও লোৱা হয় আজিৰ সভাত।