11/01/2021
োচনাপন্থী_আলফা_অনুপ_চেতিয়াৰ_বিস্ফোৰক_মন্তব্য_‘চৰত বাস কৰা সকলেহে ৰক্ষা কৰিছে অসমীয়া ভাষা।
আলোচনাপন্থী আলফা অনুপ চেতিয়াৰ বিস্ফোৰক মন্তব্য 'চৰত বাস কৰা সকলেহে ৰক্ষা কৰিছে অসমীয়া ভাষা'
আলোচনাপন্থী আলফা অনুপ চেতিয়াৰ বিস্ফোৰক মন্তব্য ‘চৰত বাস কৰা সকলেহে ৰক্ষা কৰিছে অসমীয়া ভাষা’ নহলে অসমত অসমীয়া ভাষা ৰক্ষা কৰোতা নাই। নহলে অসমত অসমীয়া ভাষটো সংখ্যালঘুত পৰিণত হলহেঁতেন ৷ আমি অসমত অসমীয়া ভাষাটো হেৰুৱাব লগীয়া হলহেঁতেন ৷’
সেয়ে অসমীয়াই শ্ৰদ্ধা কৰিব লাগে পূৰ্ৱ বংগীয়মূলৰ লোক সকলক ৷ চৰ-চাপৰিত বাস কৰা এই সকল লোকৰ প্ৰতি ভূল ধাৰণা কেতিয়াও লব নালাগে ৷ এজন মানুহ লুঙি-টুপি পিন্ধিলেই তেওঁক বাংলাদেশী বুলি ভবাটো ভুল।
ৰাজনীতিবিদ সকলে বিশেষ ভূমিকাৰে চৰ বাসীৰ ওপৰত কালিমা হানিব বিচাৰিছে এইটো ৰাজনীতিক নেতা সকলৰ কৌশল। ৰাজনৈতিক নেতা সকলৰ স্বাৰ্থপূৰণৰ বাবে চৰ-চাপৰি মানুহক ব্যৱহাৰ কৰি আহিছে যাৰ বাবে চৰৰ মানুহক সন্মান আৰু মৰ্যাদা নিদিয়ে ৷
চৰ অঞ্চলত বাস কৰা লোকক ৰাজনৈতিক নেতাই যাতে নিজস্ব স্বাৰ্থত ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে সকলোকে সজাগ-সচেতন হবৰ বাবে আহ্বান জানাইছে অনুপ চেতিয়াই ৷
আনহাতে ‘কা'( CAA) সন্দৰ্ভত আলোচনাপন্থী আলফা নেতাগৰাকীৰ মন্তব্য, বিজেপি চৰকাৰে ‘কা’ আনি বিভাজনৰ ৰাজনীতি কৰিছে সকলো জাতি জনগোষ্ঠীক ভাগভাগ কৰিব খুজিছে ৷ সেয়ে ‘কা’ৰ সদায় বিৰুদ্ধাচৰণ কৰিব আৰু ভবিষ্যতলৈ বিৰুদ্ধাচৰণ কৰি যাব অনুপ চেতিয়াই ৷
আলোপতিচৰ আঞ্চলিক বজাৰ প্ৰাংগনত ছচিয় ইকনমিক এণ্ড ৰুৰেল ডেভেলপমেণ্ট এছোছিয়েশ্যনৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত চৰ-চাপৰি শিক্ষা সমাৰোহত অংশলৈ এই মন্তব্য কৰিছে খিলঞ্জীয়া মঞ্চ,অসমৰ মুখ্য আহ্বায়ক অনুপ চেতীয়াই ৷