Amar Drishti আমাৰ দৃষ্টি

Amar Drishti আমাৰ দৃষ্টি আমাৰ দৃষ্টি, ডিজিটেল বাৰ্তালোচনী ৷
for Promo, Advertising contact us on Whatsapp

বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ নাচোনকুটিত কলেজীয়া ছাত্ৰক হত্যাবঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ ...
05/12/2025

বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ নাচোনকুটিত কলেজীয়া ছাত্ৰক হত্যা

বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ এজন কলেজীয়া ছাত্ৰৰ মৃতদেহ কালি আৰক্ষীয়ে নাচোনকুটিৰ এখন পথাৰত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে৷ মৃতদেহটো কাষৰীয়া বগুলামাৰী গাঁৱৰ লালমোহন বৰ্মনৰ পুত্ৰ তথা বাসুগাঁও মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ নয়ন বৰ্মনৰ৷ কালি কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে৷ আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱামতে যোৱা ১ ডিচেম্বৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল ২৫ বছৰীয়া নয়ন বৰ্মন। এই সম্পৰ্কে ছাত্ৰজনৰ পৰিয়ালৰ লোকে বিদ্যাপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ সন্দেহবশতঃ আৰক্ষীয়ে বুধবাৰে আকেশ্বৰ বৰ্মন নামৰ লোক এজনক কৰায়ত্ত কৰে৷ আৰক্ষীয়ে আকেশ্বৰক জেৰা কৰাত হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে৷ আৰক্ষীৰ জেৰাত আকেশ্বৰে নয়ন বৰ্মনক হত্যা কৰাৰ কথা স্বীকাৰ কৰে৷ আকেশ্বৰ বৰ্মনৰ পত্নীৰ সৈতে নয়নৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহতে আকেশ্বৰে নয়নক হত্যা কৰে৷ এক ডিচেম্বৰৰ নিশা নয়ন বৰ্মনে আকেশ্বৰ বৰ্মনৰ পত্নীৰ সৈতে দেখা কৰিবলৈ নাচোনকুটিলৈ যোৱাৰ সময়ত পূৰ্বৰে পৰা নয়নৰ অপেক্ষাত থকা আকেশ্বৰ বৰ্মনে নয়ন বৰ্মনক চোকা অস্ত্ৰৰে পেট আৰু পিঠিত ঘপিয়াই হত্যা কৰি মৃতদেহটো খেতিপথাৰত পুতি থয়। কালি আকেশ্বৰক লগত লৈ আৰক্ষী পথাৰখনত উপস্থিত হয় আৰু মাটি খন্দাই গাঁতৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে৷ এই হত্যাকাণ্ডৰ সৈতে আৰু কোনো লোক জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷

There will be a shut down of power supply  at Chapaguri, Bengtol Gate & Dhaligaon area under the jurisdiction of Bongaig...
28/11/2025

There will be a shut down of power supply at Chapaguri, Bengtol Gate & Dhaligaon area under the jurisdiction of Bongaigaon Electrical Sub-Division -II on 29th Nov.2025 from 5.30 AM. to 8.30 AM due to the replacement of the conductor of 33 KV oil feeder.

21/11/2025

ভূমিকম্পৰ জোঁকাৰণি

17/11/2025
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্গত উপভোক্তাসকলৰ বাবে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ বিতৰণ কাৰ্যসূচী সন্দ...
09/11/2025

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্গত উপভোক্তাসকলৰ বাবে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ বিতৰণ কাৰ্যসূচী সন্দৰ্ভত আজি এখন সংবাদ মেল সম্বোধন কৰে জিলা আয়ুক্ত শ্ৰী নৱদ্বীপ পাঠকে।জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সংবাদ মেলতে গোহাৰি এখনো সাংবাদিক সকলক প্ৰদান কৰে জিলা আয়ুক্তগৰাকীয়ে।

Important contact numbers of Morigaon Police.
04/11/2025

Important contact numbers of Morigaon Police.

04/11/2025

Celebrating my 4th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

যোৱা ২২ জুলাইত বঙাইগাঁৱত এটা ভাড়াঘৰত লোকনিৰ্মাণ (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসে আত্মহত্যা কৰিছিল৷ তেওঁ Su***de ...
14/10/2025

যোৱা ২২ জুলাইত বঙাইগাঁৱত এটা ভাড়াঘৰত লোকনিৰ্মাণ (গৃহ) বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসে আত্মহত্যা কৰিছিল৷ তেওঁ Su***de note ত ওপৰৱালা বিষয়াৰ পৰা সম্পূৰ্ণ নোহোৱা কামৰ বিল পাছ কৰাৰ হেঁচা আৰু মানসিক নিৰ্যাতন পোৱা বুলি লিখি থৈ গৈছে৷ ঘটনাটোৰ তদন্ত কৰাৰ বাবে চৰকাৰে SIT গঠন কৰিছিল৷ বঙাইগাঁও সদৰ থানাত ৰুজু হোৱা গোচৰটো অৱশেষত কালি চি বি আইলৈ হস্তান্তৰ কৰা হৈছে৷ এতিয়া যোশিতা দাসৰ আত্মহত্যাৰ গোচৰ চি বি আয়ে তদন্ত কৰিব৷

10/10/2025

Address

Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when Amar Drishti আমাৰ দৃষ্টি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Amar Drishti আমাৰ দৃষ্টি:

Share