News 4 Bongaigaon

News 4 Bongaigaon ইয়াত বিশেষকৈ বঙাইগাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ বা - বাতৰি প্ৰকাশ কৰা হয় ৷

Government Registered Web Portal.

✅  I  #শুকুৰবাৰে নিশা পুনৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত গাঞ্জাসহ আটক সৰবৰাহকাৰী । আটকাধীন গাঞ্জা সৰবৰাহকাৰীজন বিহাৰৰ কিশোৰ ...
07/08/2026

✅ I #শুকুৰবাৰে নিশা পুনৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত গাঞ্জাসহ আটক সৰবৰাহকাৰী । আটকাধীন গাঞ্জা সৰবৰাহকাৰীজন বিহাৰৰ কিশোৰ কুমাৰ ( ২৭) ।

#নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত চলোৱা তালাচী অভিযানত গাঞ্জাসহ সৰবৰাহকাৰীজনক আটক কৰে । আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ বেগৰ পৰা মুঠ ১০.২২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে । লগতে আৰক্ষীয়ে এটা মোবাইল আৰু এখন ৰে’লৰ টিকতো উদ্ধাৰ কৰে ।

07/08/2026

✅ I #বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষাখণ্ডৰ ৪৩ খন বিদ্যালয়ৰ শিক্ষকক একেলগে লোকপিয়লৰ দায়িত্ব-

#জিলা আয়ুক্তক আমছুৰ স্মাৰক পত্র

#বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষাখণ্ডৰ ৪৩ খন বিদ্যালয়ৰ শিক্ষকসকলক একেলগে লোকপিয়লৰ দায়িত্ব ন্যস্ত কৰাত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) ৰ বঙাইগাঁও জিলা সমিতিৰ ফালৰ পৰা গভীৰ উদ্বেগ আৰু তীব্র আপত্তি জনাইছে ৷ এই সন্দৰ্ভত শুকুৰবাৰে বঙাইগাঁও জিলা আমছুৱে বঙাইগাঁও জিলাৰ আয়ুক্তক এখন স্মাৰক পত্র প্ৰদান কৰি শিক্ষা ব্যৱস্থা ব্যাহত কৰা সিদ্ধান্ত বাতিলৰ দাবী জনায় l

✅  I  #শুকুৰবাৰে আবেলিৰ ভাগত নিউ বঙাইগাঁও  চৰকাৰী ৰে'লৱে আৰক্ষীয়ে ৩২.৪৬ কিলোগ্ৰাম গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক...
07/08/2026

✅ I #শুকুৰবাৰে আবেলিৰ ভাগত নিউ বঙাইগাঁও চৰকাৰী ৰে'লৱে আৰক্ষীয়ে ৩২.৪৬ কিলোগ্ৰাম গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোকজন কেৰালাৰ ধনুষ থাম্পন ।

#আবেলি ৰে'লৱে জংচনৰ ১ নং প্লেটফৰ্মত চৰকাৰী ৰে'লৱে আৰক্ষীয়ে নিয়মীয়াকৈ পৰীক্ষা আৰু অনুসন্ধান অভিযান চলাই থকাৰ সময়তে শিৱ মন্দিৰৰ ওচৰত তিনিটা ট্ৰলী বেগ লৈ এজন লোকে সন্দেহজনকভাৱে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি লোকজনক আটক কৰি সোধা- পোছা কৰে ৷ পিচত আৰক্ষীৰ নিৰন্তৰ জেৰাত লোকজনে তেঁৱৰ বেগত গাঞ্জা থকা বুলি স্বীকাৰ কৰাত আৰক্ষীয়ে লোকজনৰ তিনিটা ট্ৰলী বেগত তালাচী চলোৱাত এই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে ।

#নিউ বঙাইগাঁও চৰকাৰী ৰে'লৱে আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰীজনৰ পৰা এটা আইফোন, এখন আধাৰ কাৰ্ড আৰু নিউ বঙাইগাঁৱৰ পৰা নিউ জলপাইগুৰি জংচনলৈ যাত্ৰা কৰাৰ বাবে ৰে'লৰ টিকট এখনো উদ্ধাৰ কৰে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰে ৷

✅  I  #বঙাইগাঁৱত শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণঃ  #বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষক সকলক একক ন'ডেল একাউন্ট- স্প...
07/08/2026

✅ I #বঙাইগাঁৱত শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণঃ

#বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষক সকলক একক ন'ডেল একাউন্ট- স্পৰ্শ মডিউলযোগে বেতন প্ৰদানৰ নিৰ্দেশ বাতিলৰ দাবী

#মুখ্যমন্ত্ৰীলৈ প্ৰশ্নপত্ৰ প্ৰেৰণ

#বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি ( SRD) শিক্ষকসকলক একক ন'ডেল একাউন্ট -স্পৰ্শ ( SNA-SPARSH ) মডিউলযোগে বেতন প্ৰদানৰ নিৰ্দেশ বাতিলৰ দাবীত শুকুৰবাৰে বঙাইগাঁৱত শিক্ষকসকলে জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সন্মুখত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আৰু বঙাইগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষক - শিক্ষয়িত্ৰী সকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ শিক্ষকসকলক উচিত মৰ্যদা প্ৰদান কৰক, শিক্ষকসকলক বিভাজন কৰা বন্ধ কৰক, শিক্ষ সমাজ এক হওক, অসম চৰকাৰ হায় হায়, এছআৰডিৰ মাধ্যমেৰে নিয়মীয়া হোৱা শিক্ষকক মানসিক শাস্তি দিয়া বন্ধ কৰক,অনতিপলমে কোষাগাৰৰ যোগেদি শিক্ষকৰ পাপ্য প্ৰদান কৰক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধৰ্ণা কাৰ্যসূচীত বিভিন্নজনে চৰকাৰ তথা শিক্ষা বিভাগৰ এনে কাৰ্যৰ বিৰোধিতা কৰি বক্তব্য ৰখাৰ লগতে অতিশীঘ্ৰে বিশেষ নিযুক্তি প্রক্রিয়াৰে নিযুক্ত শিক্ষকৰ বেতন প্রদানৰ নীতি বাতিল কৰাৰ দাবী জনায় ৷

#উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ তথা প্ৰশ্নপত্ৰও প্ৰেৰণ কৰে । ইয়াৰ প্ৰতিলিপি অসমৰ ৰাজ্যপাল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আৰু সমগ্ৰ শিক্ষা অভিযানলৈকেও প্ৰেৰণ কৰে ৷

✅  I  #বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত গাঞ্জাসহ আটক এজন । #আটকাধীন গাঞ্জা সৰবৰাহকাৰীজন হাইলাকান্দিৰ বিধান পাল ।  #বৃ...
07/08/2026

✅ I #বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত গাঞ্জাসহ আটক এজন ।

#আটকাধীন গাঞ্জা সৰবৰাহকাৰীজন হাইলাকান্দিৰ বিধান পাল ।

#বৃহস্পতিবাৰে নিশা নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষীয়ে নামনিমুৱা চাৰ্লাপল্লী এক্সপ্ৰেছত চলোৱা নিয়মীয়া তালাচীৰ সময়ত গাঞ্জাসহ লোকজনক আটক কৰে । জব্দ কৰা গাঞ্জাৰ পৰিমাণ ৮.৩৪ কিলোগ্ৰাম হ’ব ।

✅  I  #বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত সোণসহ আটক এজন ৷ #নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষী আৰু ধুবুৰীৰ শুক্ল বিভাগৰ দ...
07/08/2026

✅ I #বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত সোণসহ আটক এজন ৷

#নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষী আৰু ধুবুৰীৰ শুক্ল বিভাগৰ দলে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত চলোৱা অভিযানত তিনিখন সোণৰ বিস্কুটসহ ( প্ৰায় ৩৪৮ গ্ৰাম) যোধপুৰ ৰাজস্থানৰ ৰবীন্দ্ৰ প্ৰজাপতক আটক কৰে ।

07/08/2026

✅ I #বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত অলপতে প্ৰয়াত বিপিন বৰ্মনৰ কোচ ৰাজবংশী ভাষাৰ 'শব্দকোষ' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

#উৎপল সিংহৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰকাশিত এই শব্দকোষখন উন্মোচন কৰে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° তৰণী ডেকাই।

#অনুষ্ঠানত কোচ ৰাজবংশী ভাষা-সাহিত্যৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বক্তাসকলে কয়, কোচ ৰাজবংশী ভাষাৰ সংৰক্ষণ, বিকাশ আৰু আগন্তুক প্ৰজন্মৰ মাজত ভাষাটোৰ প্ৰচাৰ-প্ৰসাৰত এই শব্দকোষে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

✅  I   compliance with the directions of the District Commissioner & Chairman, DDMA, Bongaigaon, the BDO, Bidyapur Devel...
06/08/2026

✅ I compliance with the directions of the District Commissioner & Chairman, DDMA, Bongaigaon, the BDO, Bidyapur Development Block, in coordination with DDMA, Bongaigaon, has undertaken temporary repair and restoration of vulnerable stretches of the Chauraguri– Bhandara P&RD Embankment under Manikpur Revenue Circle.
The work aims to prevent the inflow of River Aie water into Goraimari and Chauraguri villages during extreme rainfall and rising river levels, thereby reducing the immediate risk to life, property, agricultural land, and surrounding habitations.

✅  I  #শিক্ষামন্ত্ৰীলৈ চিঠি...  #বানপীড়িত ছাত্ৰ–ছাত্ৰীৰ বাবে বিশেষ পদক্ষেপৰ দাবী আছুৰ ।
06/08/2026

✅ I #শিক্ষামন্ত্ৰীলৈ চিঠি... #বানপীড়িত ছাত্ৰ–ছাত্ৰীৰ বাবে বিশেষ পদক্ষেপৰ দাবী আছুৰ ।

06/08/2026

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when News 4 Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share