News 4 Bongaigaon

News 4 Bongaigaon ইয়াত বিশেষকৈ বঙাইগাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ বা - বাতৰি প্ৰকাশ কৰা হয় ৷

Government Registered Web Portal.

12/10/2025
11/10/2025

✅ #বঙাইগাঁৱৰ ব্ৰহ্মপুত্ৰ কাৰ্বন লিমিটেডৰ শতাধিক শ্ৰমিকক হঠাতে কামৰ পৰা অব্যাহতি_

#চি আই টি ইউৰ উদ্যোগত শ্ৰমিকৰ প্ৰতিবাদঃ

 #আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯১ সংখ্যক জন্মদিন-
11/10/2025

#আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯১ সংখ্যক জন্মদিন-

 #বঙাইগাঁৱত ১২ অক্টোবৰত পলিঅ' প্ৰতিষেধক প্ৰদান- #জিলাখনৰ ১,১২,৪৯৯ টি শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান...
11/10/2025

#বঙাইগাঁৱত ১২ অক্টোবৰত পলিঅ' প্ৰতিষেধক প্ৰদান-

#জিলাখনৰ ১,১২,৪৯৯ টি শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ-

#বঙাইগাঁও জিলাত অহা ১২ অক্টোবৰ দেওবাৰে ৫ বছৰ পৰ্যন্ত বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব।বঙাইগাঁও জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ এম ইছলামে জানিবলৈ দিয়ে যে ১২ অক্টোবৰত বঙাইগাঁও জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।জিলাখনত প্ৰায় ১,১২,৪৯৯ টি শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ জনাইছে । ইয়াৰ বাবে জিলাখনত মুঠ ৫৪৪ টা পলিঅ' প্ৰতিষেধক প্ৰদান কেন্দ্ৰ থাকিব। প্ৰথম দিনা অৰ্থাত ১২ অক্টোবৰত পলিঅ' প্ৰতিষেধক প্ৰদান কেন্দ্ৰত পলিঅ' প্ৰতিষেধক দুটোপাল প্ৰদান কৰা হ'ব। আনহাতে ১৩ আৰু ১৪ অক্টোবৰত ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক দুটোপাল প্ৰদান কৰা হ'ব। ইয়াৰ বাবে ১০ টা চিকিৎসা কৰ্মীৰ দল গঠন কৰা হৈছে যাতে প্ৰথম দিনা পলিঅ' প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ আহিব নোৱাৰা শিশুসকলক ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক দুটোপাল খুৱাব পাৰে দলসমূহৰ কৰ্মীয়ে। পলিঅ' প্ৰতিষেধক প্ৰদানৰ ট্ৰেনজিট পইন্ট ২২ টা চিনাক্ত কৰা হৈছে। যদিও ভাৰতবৰ্ষত যোৱা ২০১১চনৰ পৰা এটাও পলিঅ' ৰোগী চিনাক্ত হোৱা নাই তথাপি চুবুৰীয়া দেশ পাকিস্তান আৰু আফগানিস্তানত এতিয়াও পলিঅ' ভাইৰাছৰ সংক্ৰমণ হৈ আছে। চুবুৰীয়া দেশ হিচাপে পাকিস্তান আৰু আফগানিস্তানৰ পৰা আমাৰ দেশলৈ পলিঅ' ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়েহে ভাৰত চৰকাৰে ২০২৫ চনৰ ১২ অক্টোবৰত উপ-ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক অভিযানৰ আয়োজন কৰিছে। গতিকে জিলাখনৰ পিতৃ-মাতৃসকলে ৫ বছৰ বয়সলৈকে থকা তেওঁলোকৰ নিজ নিজ সন্তানৰ উপৰিও ওচৰৰ অঞ্চলৰ ৫ বছৰ পৰ্যন্ত সকলো শিশুক ১২অক্টোবৰত পলিঅ' প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ আনি দুটোপাল পলিঅ' প্ৰতিষেধক খুৱাই যাতে নিজৰ সন্তানৰ লগতে দেশখনক সুৰক্ষিত কৰাত সহযোগিতা আগবঢ়ায় তাৰ বাবে বঙাইগাঁও জিলা স্বাস্থ্য সেৱা সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

11/10/2025

#নিউ বঙাইগাঁওস্থিত ব্ৰহ্মপুত্ৰ কাৰ্বন লিমিটেডৰ শ্ৰমিকক চাটাই -

✅ #বঙাইগাঁৱৰ ১২ বছৰীয়া শিশু সন্ধানহীন-  #বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও আৰক্ষী চকীৰ অন্তর্গত ভাওলাগুৰিৰ এটি ১২ বছৰীয়া শিশু স...
11/10/2025

✅ #বঙাইগাঁৱৰ ১২ বছৰীয়া শিশু সন্ধানহীন-

#বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও আৰক্ষী চকীৰ অন্তর্গত ভাওলাগুৰিৰ এটি ১২ বছৰীয়া শিশু সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে নিউ বঙাইগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে নিউ বঙাইগাঁও ভাওলাগুৰিৰ হাছেন আলী আৰু মমিৰন খাতুনৰ পুত্র হাছিনুৰ ৰহমানে (১২) যোৱা ৪ অক্টোবৰৰ সন্ধিয়া আনুমানিক ৬ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ উল্লেখ্য যে ৪ অক্টোবৰৰ সন্ধিয়া মাটিয়া বৰণৰ গেঞ্জী আৰু নীলা ৰঙৰ জিনচ পৰিধান কৰি শিশুটি ঘৰৰ পৰা ওলাই গৈছিল আৰু তাৰ পিচৰে পৰা সন্ধানহীন হৈ আছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়া তথা তেওঁলোকৰ আত্মীয় স্বজনৰ ঘৰত খা-খবৰ লৈছে যদিও অদ্যপি শিশুটিৰ সন্ধান উলিয়াব পৰা নাই ৷ কোনোলোকে শিশুটিৰ সন্ধান লাভ কৰিলে ৭৮৯৬৩০১১১২ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

✅ #অভয়াপুৰী বিধানসভা সমষ্টিত মেগা স্বাস্থ্য শিবিৰ-  #বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ সমষ্টিভিত্তিক মেগা স্বাস...
11/10/2025

✅ #অভয়াপুৰী বিধানসভা সমষ্টিত মেগা স্বাস্থ্য শিবিৰ-

#বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ সমষ্টিভিত্তিক মেগা স্বাস্থ্য শিবিৰ "শুশ্ৰূষা সেতু" শুকুৰবাৰে অভয়াপুৰী সমজিলাৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হয়। শূন্যৰ পৰা ১৮ বছৰ বয়স পৰ্যন্ত ল'ৰা - ছোৱালীক প্ৰাধান্য দি অনুষ্ঠিত কৰা এই মেগা স্বাস্থ্য শিবিৰত জিনগত বেমাৰ, হৃদৰোগ, চকু আৰু কাণৰ বিকাৰ আদিকৰি মুঠ ৫০ টা বেমাৰত আক্ৰান্ত ল'ৰা - ছোৱালীৰ চিকিৎসা আগবঢ়োৱা হয়। অভয়াপুৰী পৌৰসভাৰ পৌৰপতি সুশান্ত পোদ্দাৰে ফিটা কাটি মুকলি কৰা এই মেগা স্বাস্থ্য শিবিৰ মুকলি অনুষ্ঠানত অভয়াপুৰী সমজিলাৰ সমজিলা আয়ুক্ত শান্তা কাৰ্কী ছেত্ৰী, সমজিলা আৰক্ষী অধীক্ষক অনুপ কুমাৰ বৰা, অভয়াপুৰী পৌৰসভাৰ উপ- পৌৰপতি ৰবিন দাস, চক্ৰ বিষয়া ৰাজেশ সিং, সহকাৰী আয়ুক্ত প্ৰশান্ত বৰা, আফান খান, ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গোপাল চন্দ্ৰ ৰায় আদিকৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সমজিলা আয়ুক্ত শান্তা কাৰ্কী ছেত্ৰীয়ে জনোৱা মতে এই মেগা স্বাস্থ্য শিবিৰত দুপৰীয়া ১২ বজালৈ ১২ শৰো অধিক ৰোগীয়ে নাম পঞ্জীয়ন কৰে।

11/10/2025

✅ #জুবিনদাই খুঁটা বগোৱাৰ প্ৰকৃত কাৰণটো কি আছিল শুনক ...

10/10/2025

#মুখ্যমন্ত্ৰীয়ে এলঝাইমাৰ বা ডিমেনচিয়াত ভুগিছে , চিকিৎসাৰ প্ৰয়োজন -মীৰা বৰঠাকুৰ

 #গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তৰ অপসাৰণৰ দাবীত অসম জতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁৰ হাততেই কৰিলে স...
10/10/2025

#গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তৰ অপসাৰণৰ দাবীত অসম জতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁৰ হাততেই কৰিলে স্মাৰকপত্ৰ অৰ্পন...

10/10/2025
✅ #ককায়েক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ভগ্নী ড০ পামী বৰঠাকুৰৰ আৱেগবিহ্বল ফেচবুক পোষ্ট ’’তোক যে জুইকুৰা লগাই দিলোঁ.....
10/10/2025

✅ #ককায়েক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ভগ্নী ড০ পামী বৰঠাকুৰৰ আৱেগবিহ্বল ফেচবুক পোষ্ট

’’তোক যে জুইকুৰা লগাই দিলোঁ... দহিলো কিন্তু মই.... সত্যটো নজনালৈকে এই দহন নকমে!
সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে!

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when News 4 Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share