AssamTime 6

AssamTime 6 Assamese News Web Portal

09/05/2026

জুবলী বৰুৱা ৰ সাংস্কৃতিক অনুষ্ঠান লাইভ মাণিকপুৰৰ পৰা ।

30/04/2026

বেছিমাৰী চ'ক ত আকৌ চুৰিকাণ্ড ।কেতিয়া আৰক্ষী সফল হব চোৰ ধৰিবলৈ ? প্ৰশ্ন সাধাৰণ ৰাইজৰ ।

আহি আছে বঙাইগাঁও ৰ মাণিকপুৰত জনপ্ৰিয় কণ্ঠশিল্পী "জুবলী বৰুৱা"
27/04/2026

আহি আছে বঙাইগাঁও ৰ মাণিকপুৰত জনপ্ৰিয় কণ্ঠশিল্পী "জুবলী বৰুৱা"

25/04/2026

♦️নিশামণি হালৈ আৰু আমাৰ মাজত নাই ।
♦️বিহুৰ বতৰত অতিকৈ দুখৰ খবৰ ।ঘৰলৈ গৈ নাপালে বিহুৱতী গৰাকী ।
♦️এনেদৰেই শেষৰ টো ৰিলছ প্ৰস্তুত কৰিছিল যুৱতী গৰাকীয়ে
♦️নলবাৰী জিলাৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁ‌চৰি দলটিয়ে যোৱানিশা তামুলপুৰৰ নোৱাখাটত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয় দলটিৰ মূল বিহুৱতী গায়িকা তথা অসমৰ নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈয়ে৷

20/04/2026

শ্ৰীশ্ৰী শিলাঠাকুৰ প্ৰভুৰ মন্দিৰত সাততিথি উৎসৱ পালন কৰা হয় ।

20/04/2026

মাণিকপুৰ শিল্পী সংঘ ৰ উদ্যগত ৪৭ সংখ্যক মাণিকপুৰ আঞ্চলিক ৰঙালী বিহু উদযাপন ।

20/04/2026

📌মাণিকপুৰত ১০০০ (এহাজাৰ ) বিহুৱতী ৰ দ্বাৰা বিহু নাচ পৰিবেশন ।
📌আকাশগোষ্টী ৰ সুন্দৰ পদক্ষেপ ,সহযোগ কৰিলে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ে
📌বিনামূলীয়াকৈ বিহু নাচ ৰ আখৰা আৰু এনেদৰেই ১০০০ বিহুৱতী ৰ বিহুনাচ পদর্শন ।
📌মাণিকপুৰত ইতিহাস ৰচিলে আকাশ গোষ্ঠীয়ে। একে লগে ১০০০ বিহুৱতীৰ দ্বাৰা বিহু নাচ পদৰ্শন কৰাই। ১৫ দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি মাৰি যোৱাকালি ৫ বহাগ তাৰিখত মাণিকপুৰত প্ৰথম বাৰৰ বাবে ১০০০ হাজাৰ বিহুটিৰ দ্বাৰা নৃত্য পদৰ্শন কৰাই আকাশ গোষ্ঠী" এক ইতিহাসৰ সাক্ষী হৈ ৰল। বৃহত্তৰ মানিকপুৰ অঞ্চলৰ পৰা সোণ বিলাক বুটলি আনি ১৫ দিনীয়া প্ৰশিক্ষন সামৰি আজি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ সামৰণি ঘটায়। এই অনুষ্ঠানত উপস্থিত থাকে ৰবীন জ্যোতি খাটনিয়াৰ, অধ্যক্ষ, মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়, অশোক কুমাৰ নাথ, অধ্যক্ষ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বলেন কলিতা, প্ৰাক্তন অধ্যক্ষ, ঝাউবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ।, ভনীতা নাথ, পঞ্চায়ত সদস্য, ভূপতি ৰঞ্জন গোস্বামী, মহিধৰ ৰায়, আঞ্চলিক পঞ্চায়ত সদস্য, শিখৰজিৎ সিংহ, সদস্য, বঙাইগাঁও জিলা পৰিষদ, আব্দুল ছোৱাহান আলী, সম্পাদক, অসম প্ৰদেশ সাংবাদিক সন্থা। আকাশ গোষ্ঠী"ৰ সঞ্চালক নিন্টু কুমাৰ ৰায়ৰ এই প্ৰচেষ্টাক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতেও এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।

19/04/2026

📌 মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত অহা ২১ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব এক কেৰিয়াৰ কাউঞ্চেলিংৰ কৰ্মশালা।

📌 উচ্চতৰ মাধ্যমিকৰ কলা শাখাত (অসম চৰকাৰ অনুমোদিত)নামভৰ্ত্তিকৰণ চলি আছে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত।

📌 ছাত্ৰ আৰু ছাত্ৰীৰ বাবে আৱাসৰ সুব্যৱস্থা আছে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত।

📌 অহা ৮ মেত অনুষ্ঠিত হ'ব বিশেষ "ব্ৰীজ কোৰ্চ"।

📌 অধিক তথ্যৰ বাবে 80110 68292/70025 77339 নম্বৰত যোগাযোগ কৰক।

15/04/2026

ঢোল বাজিছে ,পেঁপা ও বাজিছে কিন্ত ??জুবিন দা নাই -এনেদৰেই কৈ আবেগিক হৈ পৰিল জুবিন অনুৰাগী তথা মাণিকপুৰৰ সাংস্কৃতিক কৰ্মী ভবেশ ৰাজনীশ
♦️মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে উদযাপন কৰিলে ৰঙালী বিহু ।
♦️প্ৰথম বহাগ ৰ দিনটোত মুকলি বিহু প্ৰদৰ্শন উপভোগ কৰিলে মাণিকপুৰবাসীয়ে
🔴জুবিন বিহীন প্ৰথম টো বহাগ বিহু

15/04/2026

বহাগৰ প্ৰথম দিনটোত, মাণিকপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনী য়ে ৫৭ সংখ্যক ৰঙালী বিহু উদযাপন কৰে ।
♦️জুবিন গাৰ্গ বিহীন প্ৰথম টো বহাগ বিহু

Address

Bongaigaon

Telephone

+918876082030

Website

Alerts

Be the first to know and let us send you an email when AssamTime 6 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AssamTime 6:

Share