Dr. Gyanashree Bora

Dr. Gyanashree Bora Official page of Dr. Gyanashree Bora
(3)

এই উদ্ভাৱনী শক্তিক মানিবই লাগিব। জাপানৰ প্ৰধানমন্ত্ৰীক দেখাবলৈ বুলি পকাত ড্ৰীল কৰিয়েই গছ ৰুই দিছে। ড্ৰীল কৰা খৰচ, লেবাৰ ...
19/06/2026

এই উদ্ভাৱনী শক্তিক মানিবই লাগিব। জাপানৰ প্ৰধানমন্ত্ৰীক দেখাবলৈ বুলি পকাত ড্ৰীল কৰিয়েই গছ ৰুই দিছে। ড্ৰীল কৰা খৰচ, লেবাৰ খৰচ ৰাইজৰেই টকা যিহেতু। মুঠতে গুৱাহাটী সুন্দৰ কৰিহে এৰিব। লাগিলে পকাতেই গছ ৰোপণ কৰিয়েই হওঁক, গুৱাহাটী এইবাৰ "পাৰপল সুন্দৰ" নকৰালৈকে নিস্তাৰ নাই কাৰো।

আমাৰ Skywards with Gyanashreeৰ প্ৰথম খণ্ডটি।  লিংকটি কমেণ্টত আমি দিছোঁ। সময় পালে এবাৰ চাব বুলি আশা ৰাখিলোঁ। লগতে আপোনালো...
19/06/2026

আমাৰ Skywards with Gyanashreeৰ প্ৰথম খণ্ডটি। লিংকটি কমেণ্টত আমি দিছোঁ। সময় পালে এবাৰ চাব বুলি আশা ৰাখিলোঁ। লগতে আপোনালোকৰ মতামতসমূহো পাম বুলি আশা কৰিলোঁ।

লাহে-লাহে চৰকাৰী বিদ্যালয়বোৰ নিঃশেষ হৈ গৈ আছে। সকলোৱে ব্যক্তিগত খণ্ডলৈ সন্তানক পঠিয়াব পাৰিবনে?? শ্ৰমিক সকলে?? দৈনিক হাজি...
18/06/2026

লাহে-লাহে চৰকাৰী বিদ্যালয়বোৰ নিঃশেষ হৈ গৈ আছে। সকলোৱে ব্যক্তিগত খণ্ডলৈ সন্তানক পঠিয়াব পাৰিবনে?? শ্ৰমিক সকলে?? দৈনিক হাজিৰা কৰি খোৱা মানুহবোৰে?? ওচৰত বিদ্যালয় নথকাৰ বাবে বহু দূৰৈত গৈ সন্তানে পঢ়িবলৈ বাধ্য হ'লে সকলোৱে শিক্ষা গ্ৰহণ কৰা বা কৰিব খোজা পৰিৱেশ এটা থাকিব নে??
সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰেই ব্যক্তিগতকৰণ হৈছে, শিক্ষাক লৈ ব্যৱসায়মুখী এটা পৰিৱেশ সৃষ্টি কৰা হৈছে।
কি হ'ব শিক্ষাখণ্ডৰ ভৱিষ্যত??

16/06/2026
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ NSS গোটৰ উদ্যোগত,  যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু  “ৰক্তই জীৱন” নামৰ স্বে...
14/06/2026

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ NSS গোটৰ উদ্যোগত, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু “ৰক্তই জীৱন” নামৰ স্বেচ্ছাসেৱী সংস্থাটিৰ সহযোগত আয়োজন হোৱা ৰক্ত দান শিবিৰটিত কালি উপস্থিত থাকোঁ। মহাবিদ্যালয়খনিৰ বহু ছাত্ৰ-ছাত্ৰীয়ে আজি শিবিৰটিত কালি ৰক্তদান কৰি শিবিৰটি সাফল্যমণ্ডিত কৰি তোলে।

২০১৬ চনত প্ৰতিষ্ঠা হোৱা “ৰক্তই জীৱন” নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ৰক্তদানৰ সমান্তৰালকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ আদিৰ জড়িয়তে বিভিন্ন সামাজিক কাম-কাজ কৰি আহিছে। তেখেতসকলৰ লগত মোক জড়িত হ’বলৈ সুযোগ দিয়াৰ বাবে তেখেতসকলক ধন্যবাদ জনালোঁ। লগতে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ NSS গোট তথা ছাত্ৰ-একতা সভাৰ সদস্যসকলক কৃতজ্ঞতা জনালোঁ।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো🙏
13/06/2026

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো🙏

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত তাত থকা ৫ জনকৈ  ব্যক্তিৰ  ইতিমধ্যেই মৃত্যু হৈছে বুলি আশংকা কৰা হৈছে। উদ্ধাৰ কাৰ্যত জড়...
13/06/2026

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত তাত থকা ৫ জনকৈ ব্যক্তিৰ ইতিমধ্যেই মৃত্যু হৈছে বুলি আশংকা কৰা হৈছে।
উদ্ধাৰ কাৰ্যত জড়িত থকা ব্যক্তিসকলে ক্ষতিগ্ৰস্ত সকলক অতি সোনকালে উদ্ধাৰ কৰি প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ।

এনে ঘটনাৰ প্ৰকৃত কাৰণ কি, সেইয়া জনিবৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ অতি প্ৰয়োজন, কাৰণ বাৰে-বাৰে এনে ঘটনা সংঘটিত হোৱা আমি দেখিবলৈ পাইছোঁ। ২০২৫ চনৰ পৰা এতিয়ালৈকে প্ৰায় ৭-৮ টাকৈ বায়ু সেনাৰ বিমান দুৰ্ঘটনা হৈছে। আমাক নিৰাপত্তা দিয়া বীৰ জোৱানসকলৰ নিৰাপত্তাৰ প্ৰসংগবোৰ অতি গুৰুত্বপূৰ্ণ।

বাৰে বাৰে এনে ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰে।

আমি উত্তৰবোৰ বিচাৰিব লাগিব।

13/06/2026

দেৰগাঁ‌ও সমষ্টিৰ ডুবিগাঁ‌ও অঞ্চলত অৱস্থিত শ্ৰী শ্ৰী ভিক্ষাৰী কৃষ্ণ মন্দিৰটি অঞ্চলটিৰ মিচিং ৰাইজৰ একমাত্ৰ সেৱাৰ স্থলি য’ত প্ৰতি মাহৰ প্ৰথম বৃহস্পতিবাৰে সমূহীয়া নাম-কীৰ্তন কৰা হয়। মন্দিৰটিৰ লগত অঞ্চলটিৰ বহু ৰাইজৰ বিশ্বাস আৰু আস্থা জড়িত হৈ আছে আৰু মন্দিৰটিত বহু ৰাইজৰ সমাগম ঘটে। গতিকে অঞ্চলটিৰ বাবে লাহে-লাহে মন্দিৰটি পৰ্যটনৰ কেন্দ্ৰস্থল হৈ উঠিছে। কিন্তু মন্দিৰটোৱে কোনো চৰকাৰী অনুদান এতিয়ালৈকে লাভ কৰা নাই।

গতিকে মন্দিৰটিৰ লগত জড়িত ৰাইজসকলৰ আশাখিনিৰ প্ৰসংগত চৰকাৰ, প্ৰশাসন, সন্মানীয় দেৰগাঁও সমষ্টিৰ বিধায়ক মহোদয় তথা ৰাইজলৈ আমি এক অনুৰোধ জনালোঁ।

দেৰগাঁ‌ও সমষ্টিৰ ডুবিগাঁ‌ও অঞ্চলত অৱস্থিত শ্ৰী শ্ৰী ভিক্ষাৰী কৃষ্ণ মন্দিৰত কালি বৃক্ষ সপ্তাহ কাৰ্যসূচী পালন কৰোঁ। অঞ্চলট...
07/06/2026

দেৰগাঁ‌ও সমষ্টিৰ ডুবিগাঁ‌ও অঞ্চলত অৱস্থিত শ্ৰী শ্ৰী ভিক্ষাৰী কৃষ্ণ মন্দিৰত কালি বৃক্ষ সপ্তাহ কাৰ্যসূচী পালন কৰোঁ। অঞ্চলটিৰ ৰাইজৰ সহায় সহযোগিতাই আমাক যথেষ্ট উৎসাহিত কৰে।

Gyanashree Bora

Address

Chabua

Website

Alerts

Be the first to know and let us send you an email when Dr. Gyanashree Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dr. Gyanashree Bora:

Share