G Plus Assam

G Plus Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from G Plus Assam, News & Media Website, Dabaka.

15/02/2026

মামুন ৰসিদৰ পক্ষত বিল্লাল, কামাল আৰু ফাৰুক আহমেদ।

মামুন ৰসিদৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ বিল্লাল, কামাল আৰু ফাৰুকৰ।

নীলবাগানত সংবাদমেল পাতি তিনি বিজেপি নেতাই মামুন ৰসিদৰ বিৰুদ্ধে একাংশ কংগ্ৰেছ কৰ্মীয়ে অপপ্ৰচাৰ চলাই বুলি মন্তব্য কৰে।

উল্লেখ্য যে ২০১৪ চনৰ পৰা বিজেপিত জড়িত থকা মামুন ৰসিদক ষড়যন্ত্ৰ কৰাৰ অভিযোগ একাংশ কংগ্ৰেছ কৰ্মীৰ।

06/02/2026
16/09/2025

হোজাই জিলাত SIRক লৈ কৰণীয় কি, বৰ্ণনা কৰিছে জেষ্ঠ অধিবক্তা ৰুহিনা ওৱাৰিচ চৌধুৰীয়ে

10/09/2025

হিমন্ত বিশ্ব শৰ্মাই যিমানেই ষড়যন্ত্ৰ নকৰক কিয়, ২০২৬ত গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হ'ব।

ৰাতুল কলিতা
জ্যেষ্ঠ মুখপাত্ৰ
অসম প্ৰদেশ কংগ্ৰেছ কমিটি

সন্ধানহীন:মোৰাঝাৰ বজাৰৰ পৰা নিৰুদ্দেশ। মোৰাঝাৰ বজাৰত ভাড়াতীয়া হিচাপে বসবাস কৰি থকা মাটিকলা গাৱৰ তৈয়বুৰ ৰহমানৰ ৭-৮ বছৰ...
09/09/2025

সন্ধানহীন:মোৰাঝাৰ বজাৰৰ পৰা নিৰুদ্দেশ। মোৰাঝাৰ বজাৰত ভাড়াতীয়া হিচাপে বসবাস কৰি থকা মাটিকলা গাৱৰ তৈয়বুৰ ৰহমানৰ ৭-৮ বছৰীয়া কিশোৰ ল'ৰা চাহিল আহমেদ সন্ধানহীন।

যদি কোনোবাই ক'ৰবাত দেখা পায় তেনেহ'লে 8822421551 এইটো নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালে পৰিয়ালে ।

09/09/2025

ডবকাত চলিছে ভোট যুদ্ধ ,ভোটদান কৰিবলৈ ৰাইজৰ দিঘলীয়া শাৰী,পিছে এয়া কোনো বিধান সভা ,লোকসভা অথবা পঞ্চায়ত নিৰ্বাচন নহয়। এয়া গাওঁ বুঢ়া নিৰ্বাচনৰ বাবে ভোট দান কৰিছে ৰাইজে৷ ডবকাৰ আমবাৰী ফৰেষ্ট গাওত গাওঁ বুঢ়া নিযুক্তিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত দীৰ্ঘ দিনৰ পৰা চলি আছিল তীব্ৰ সংঘাত । সংঘাতৰ অন্ত পেলাবলৈ প্ৰশাসনিক অনুমতি সপক্ষে গাওঁ বাসীয়ে অনুষ্ঠিত কৰিলে নিৰ্বাচন।,ডবকা যমুনা উপত্যকা আঞ্চলিক বিষয়া ভিজিৎ ভট্টাচাৰ্য্যই প্ৰিচাডিং বিষয়া হিচাপে উপস্থিত থাকি শংকৰ মন্দিৰ চৌহদত আৰাম্ভ হয় ভোট গ্ৰহণ ,গাওঁ প্ৰধানৰ বাবে ৰানা কুমাৰ দাস আৰু নমিতা বিশ্বাসৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হয়৷ মুঠ ভোটাৰৰ সংখ্যা ৩৫৪,তাৰে কাষ্ট হয় ৩৪২ টা ভোট। ১২ টা ভোট বাতিল হয়৷ নমিতা বিশ্বাসে ১৪৩ টা ভোট লাভ কৰাৰ বিপৰীতে ৰানা কুমাৰ দাসে লাভ কৰে ১৯৯ টা ভোট৷নমিতাত কৈ ৰানাই ৫৬ টাকৈ অধিক ভোট লাভ কৰি বিজয়ী হয়৷

09/09/2025

CAA বাতিলৰ দাবীত নলবাৰীত বীৰ লাচিত সেনা অসমে সাব্যস্ত কৰে প্ৰতিবাদ

মোৰ গান হওক/ বহু আস্থাহীনতাৰ বিপৰীতে/ এক গভীৰ আস্থাৰ গান।/ মোৰ গান হওক /  কল্পনা-বিলাসৰ বিপৰীতে/  এক সত্য প্ৰশস্তিৰ ধ্যা...
08/09/2025

মোৰ গান হওক/ বহু আস্থাহীনতাৰ বিপৰীতে/ এক গভীৰ আস্থাৰ গান।/ মোৰ গান হওক / কল্পনা-বিলাসৰ বিপৰীতে/ এক সত্য প্ৰশস্তিৰ ধ্যান।।

গীত-মাতৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিক উদ্বুদ্ধ কৰা মহান শিল্পী ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা দেৱৰ আজি জন্ম বাৰ্ষিকী। আজি মহান শিল্পী গৰাকীক সুঁৱৰি ৰাজ্যজুৰি পালন কৰা হৈছে জন্ম শতবাৰ্ষিকী। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সম্প্ৰতি চৌদিশে এক উলাহ- মালহৰ লগতে সাংগীতিক পৰিৱেশে নিশ্চয় বিৰাজ কৰিব।

অসম চৰকাৰৰ উদ্যোগত বহল ভিত্তিত আয়োজন কৰা হৈছে সুধাকণ্ঠৰ শতবাৰ্ষিকী অনুষ্ঠান। শিল্পীগৰাকীৰ কালজয়ী গীত- মাতৰ লগতে তেওঁৰ সৃষ্টিৰাজিক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰা হ’ব। ৰাজ্য চৰকাৰে আয়োজন কৰা এই অনুষ্ঠানত গীত- মাতৰ উপৰিও বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।

১৩ ছেপ্তেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা ১০০ টকীয়া স্মৃতি মুদ্ৰাও মোদীৰ উপস্থিতিত উন্মোচন কৰা হ’ব।

ইফালে অসমৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়া তথা সুধাকণ্ঠৰ গুণমুগ্ধসকলে আয়োজন কৰিছে জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ।

আজি দীঘলীপুখুৰী পাৰত ছাত্ৰ সন্থাই আয়োজন কৰিছে উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ। য’ত অসমৰ বিভিন্ন মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে সুধাকণ্ঠক সুঁৱৰি গীত পৰিৱেশন কৰিব।

07/09/2025

সোণাপুৰৰ চামতাত জলবিস্ফোৰণ

ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ্ছে। শনিবাৰে নিশা লামডিঙত সাংবাদিকৰ ওপৰত দলবদ্ধ আক্রমণৰ ঘটনা সংঘটিত হৈছে। সাং...
07/09/2025

ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ্ছে। শনিবাৰে নিশা লামডিঙত সাংবাদিকৰ ওপৰত দলবদ্ধ আক্রমণৰ ঘটনা সংঘটিত হৈছে। সাংবাদিকগৰাকীয়ে নিজৰ কৰ্তব্য শেষ কৰি ঘৰলৈ গৈ থকাৰ সময়ত দলবদ্ধ আক্রমণৰ বলি হ'ব লগা বুলি সচেতন মহলে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, প্ৰায় ২০ জনীয়া এটা দুৰ্বৃত্তৰ দলে সাংবাদিকগৰাকীক প্ৰাণে মৰাৰ চেষ্টা চলাছিল। সাংবাদিকগৰাকীৰ নাম সুজিত সৰকাৰ ওৰফে (হৰি)। তেওঁৰ ঘৰ হৈছে লামডিঙত।

আনহাতে আন এক অভিযোগ অনুসৰি দুৰ্বৃত্তৰ দলটোৱে সাংবাদিকগৰাকীৰ সোণৰ চেইন, মোবাইল, ঘড়ী তথা বাইক কাঢ়ি লৈ যায়। ইতিমধ্যে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সোধা পোচাৰ বাবে ২ জনক আটক কৰি থানাত লৈ যায়।

ইফালে আৰক্ষীয়ে ততাতৈয়াকৈ সাংবাদিকগৰাকীক অসামৰিক চিকিৎসালয়ত লৈ যায় । অৱশ্যে উন্নত চিকিৎসাৰ বাবে সুজিত চৰকাৰক অন্য স্থানলৈ প্ৰেৰণ কৰে। তাৰোপৰি ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে লামডিং থানত এজাহাৰ দাখিল কৰাৰ লগতে সুজিত সৰকাৰ ওপৰত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়ে লামডিং প্ৰেছ ক্লাবৰ লগতে সচেতন মহলে।

Address

Dabaka

Website

Alerts

Be the first to know and let us send you an email when G Plus Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share