গ্লৰিয়াছ অসম Glorious Assam

গ্লৰিয়াছ অসম Glorious Assam অনুগ্ৰহ কৰি আপোনালোকে পেজটো Like আৰু Follow কৰিব
(1)

18/10/2025

উফ্ ❣️

16/10/2025

1.4 milion হৈ গ'ল, আজি ৰাতি ১২ বজাৰ আগত ২ মিলিয়ন হব লাগিব🙏 আমাৰ 90K অনুৰাগীলৈ অনুৰোধ যে সকলোৱে লিখক , হৈ যাব আজিয়েই।

30/09/2025

বৰ্ষাপাৰা ষ্টেডিয়ামত
▶️‘মায়াবিনী’ৰ আখৰাত ব্যস্ত বলীউডৰ সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল
আজি অনুষ্ঠিত হ’ব ‘মহিলা বিশ্বকাপ-২০২৫’ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষ শ্ৰদ্ধাঞ্জলি জনাব শ্ৰেয়া ঘোষালে...

24/09/2025

অসহনীয় 💔
এফালে কৰ্তব্য 🙏আৰু আনফালে সন্মুখত মহানায়কক বিদায় 🥹😭💔

24/09/2025

আৱেগ 💔

কাৰ লেখা নাজানো..সকলোৱে নিজৰ লগত ৰাখি থ'ব পৰাকৈ আপুৰুগীয়া...দাদাৰ শেষ নিশা..... শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা... যুগ...
23/09/2025

কাৰ লেখা নাজানো..সকলোৱে নিজৰ লগত ৰাখি থ'ব পৰাকৈ আপুৰুগীয়া...

দাদাৰ শেষ নিশা..... শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা... যুগনায়কজনৰ শেষ নিশা..... এয়াই হয়তু তেওঁৰ সেই মায়াবিনী ৰাতি.... অসমক সাৰে ৰাখি তেওঁ নিজে শুই আছে...গভীৰ প্ৰশান্তি ত.... যি প্ৰশান্তি খুউব জৰুৰী আছিল... আজি শুৱক...কোনেও আমনি নকৰে আপোনাক....লুইতৰ পাৰত আজি যে তেওঁৰ শেষ নিশা...
নোহোৱা নোপোজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলো যোৱা ৪টা দিনত.... তাকে লিখি ৰাখো...

১) অসমৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ।

২) তেওঁ কৈ যোৱা ধৰণেৰেই , তেওঁৰ‌ গীত-কথা- সুৰেৰে প্ৰতি নগৰ,প্ৰতি চহৰ,প্ৰতি গাওঁ,প্ৰতি চুবুৰী,প্ৰতিটো তিনিআলি-চাৰিআলি,প্ৰতিটো অফিচ-কাচাৰী,প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।

৩) অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ।

৪) দেহ চমজি লʼবলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৱৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে আঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলোঁ।

৫) এখন ৰাজ্য ৪ টা নিশা উজাগৰে থকা দেখিলোঁ।

৬) ১০ লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলোঁ।

৭) মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীতশিল্পী হিচাপত দ্বিতীয় বৃহত্তম ভিৰ দেখিলোঁ (প্ৰথম মাইকেল জেকচন)...

৮) The humming king of the World নামেৰে Google এ স্বীকৃতি দিয়া দেখিলোঁ।

৯) মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলোঁ। কি কুকুৰ,কি বান্দৰ,কি ঘোঁৰা,কাউৰী.... উদণ্ড ষাঁড়ে এখন্তেক ৰৈ চকুলো টুকা দেখিলোঁ।

১০) অসম সাহিত্য সভা,সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ।

১১) পাহাৰ সদৃশ গামোচাৰ দʼম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলোঁ।

১২) গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক ৬ ঘন্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ..... লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ... কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলোঁ....

১৩) অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ।

১৪) ক্ৰিকেটবলীয়া অসমীয়াই ভাৰত- পাকিস্তানৰ মেচ নোচোৱা দিনটোও দেখিলোঁ।

১৫) অহৰহ ৪ দিন সামাজিক মাধ্যমত ১০০% এজন মানুহৰেই কাহিনী- কথা- গান দেখিলোঁ।

১৬) আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ।

১৭)ৰজা বিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ।

১৮) একে সময়তে মঠ- মন্দিৰ - সত্ৰ নামঘৰ- মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলোঁ।

১৯) প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ।

২০) কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ..... পৰীক্ষা পিছুৱাই দিয়া দেখিলোঁ।

২১) সকলো দল সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলোঁ।

২২) ভৱিষ্যত প্ৰজন্মৰ বাবে হাত- ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলোঁ.....অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবী দেখিলোঁ।

২৩) বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণপণ দৌৰ দিয়া দেখিলোঁ।

২৪)ট্ৰাকৰেলী, এম্বুলেন্স ৰেলী দেখিলোঁ।

২৫)The New York Times ত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ।

২৬) বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ।

২৭) আমেৰিকান বেণ্ডে "মায়াবিনী " সুৰ তোলা দেখিলোঁ।

২৮) প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ।

২৯) BCCI য়ে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান( ৩০ চেপ্তেম্বৰ) ত এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ।

৩০) ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ।

৩১) ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ।

৩২) এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি - ফেলʼশ্বীপ দিয়াৰ পৰিকল্পনা দেখিলোঁ।

৩৩) শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ।

৩৪) আত্মহত্যা আৰু চেষ্টা দেখিলোঁ।

৩৫) ৰেলৱে ষ্টেচনৰ চাউণ্ড চিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ।

৩৬) কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ... সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ..... উলোটা ৰামধেনু দেখিলোঁ.... কেতিয়াও নেদেখা অদ্ভূত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ....কʼতো বৰষুণ নিদি কেৱল এই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ।

৩৭) অসম সাহিত্য সভাই ভাৰতৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ

ৰʼৱ....আৰু ঢেৰ দেখিলোঁ.....
ৰৈ যোৱা বহু আশা দেখিলোঁ...। আটাইতকৈ দামী সংগীতশিল্পীজনৰ অনাটন দেখিলোঁ। আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ... কু স্বাৰ্থ দেখিলোঁ.....

ইমানখিনি‌ দেখাৰ পাছত এতিয়া এটাই বাকী আছেগে... যাৰ বাবে আজি কাৰো চকুত টোপনি নাই... আজি যে তেওঁৰ শেষ ৰাতি.... আজি মায়াবিনী ৰাতি.... যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে....

( আমাৰ সন্তানে যেতিয়া সুধিব... ইমান আটোম টোকাৰী কৈ থোৱা এইখন কাৰ ফʼটো? তেতিয়াই এই পʼষ্টটো পঢ়ি শুনাম..... অনুমান কৰি লʼব তেওঁ কোন .... আমাৰ Boss কোন) জুবিন দা 💖🙏🏻



Copy paste. পঢ়িব এবাৰ 🙏🏻🙏🏻🙏🏻

Address

Patharighat Swahid Bhawaban
Darrang
784144

Telephone

+919662367082

Website

https://www.facebook.com/share/16d7ujwFXa/

Alerts

Be the first to know and let us send you an email when গ্লৰিয়াছ অসম Glorious Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to গ্লৰিয়াছ অসম Glorious Assam:

Share