Jugal Axom

Jugal Axom Travel and Lifestyle Film Maker from Assam. I believe that the simplest way of understanding the place is to be able to see it.

With a vision of helping others follow the same bliss, I share my experiences through my videos.

10/12/2023

# ল'ৰাধেমালি 🤣

02/05/2022

কোকৰাঝাৰ জিলাৰ সমীপস্থ Dheerbeel (ধীৰবিল) ৰ মনোমোহা সৌন্দৰ্য্য

29/04/2022

টাটাই আমাক কেতিয়া আৰু কি কি উপহা্ৰ দিলে ?
কিয় খুলিলে হস্পিটাল ? জানো আহক

26/04/2022

North Sikkim স্থিত ভাৰত - চীন সীমান্তৱৰ্তী গুৰুডোংমাৰ লেক যোৱাৰ পথৰ মনোমোহা দৃশ্য

28/03/2022

বৰষুণৰ বতৰত একাপ চাহ আৰু তুমি

01/03/2022

মহাশিৱৰাত্ৰিৰ পৱিত্ৰ ক্ষণত মহাদেৱৰ আশিষ বিচাৰি দৰ্শন কৰো আহক তেজপুৰস্থিত ঐতিয্য়মণ্ডিত মহাভৈৰৱ মন্দিৰ |

02/02/2022

সৰস্বতী পূজা.. অতীত আৰু বৰ্তমান

মনৰ অনুভৱ-আমাৰ অসমৰ পাবতগজা নিউজ চেনেল আৰু পৰ্টেল সমূহৰ বাবে বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰি হৈছে আৰক্ষীয়ে জৰি...
31/12/2021

মনৰ অনুভৱ-
আমাৰ অসমৰ পাবতগজা নিউজ চেনেল আৰু পৰ্টেল সমূহৰ বাবে বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰি হৈছে আৰক্ষীয়ে জৰিমনা বিহা সুৰাসক্ত লোকে কিমান সুৰাপান কৰি আহিছে তাৰ সঠিক তথ্য উপস্থাপন কৰা, কিন্তু গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি বিবেচিত সাংবাদিক সকল
১২০০ কোটি টকাৰ নিয়োগ মেলা কেলেংকাৰী সন্দৰ্ভত নিমাত কিয়?
মূল্যবৃদ্ধি, শিক্ষা, স্বাস্থ্য, নিবনুৱাৰ সংস্থাপন, নাৰী সুৰক্ষা, মব লিঞ্ছিং, চৰকাৰী ধন আৰু সম্পত্তিৰ অপব্যৱহাৰ, বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰশ্ন কৰিব কিয় সাহস গোটাব নোৱাৰে আপোনালোকে?
নে মানুহক কমেডি দেখুওৱাটো হে প্ৰধান কাম আপোনালোকৰ?
এতিয়াও সময় আছে কেৱল মাত্ৰ টি আৰ পিৰ লোভত নিজৰ কৰ্ম সংস্কৃতিক বদনাম কৰি নিজৰ লগতে সমগ্ৰ সংবাদ মাধ্যমকটোৰ ওপৰৰ পৰা জনসাধাৰনৰ বিশ্বাস সম্পূৰ্ণ শেষ হোৱাৰ পৰা বচাওক । আমাক নিৰ্ভিক আৰু নিৰপেক্ষ সংবাদ লাগে নহলে meme আজিকালি এল.পি স্কুলৰ ছাত্ৰ ইয়ো বনাব পাৰে।

বি. দ্ৰ : কথাখিনি অপ্ৰিয় হ'লেও সত্য । একমত হ'লে শ্বেয়াৰ কৰিব।

আই অ' পিতাইৰ যে আছে এটা বগা ছোলা আজিয়েই তই  ধুই পেলাকাইলৈ আছে নিয়োগ মেলা শুনিছোঁ এক লাখ চাকৰিৰ খেলাচাকৰি পালে কাইলৈৰ প...
23/12/2021

আই অ'
পিতাইৰ যে আছে এটা বগা ছোলা
আজিয়েই তই ধুই পেলা
কাইলৈ আছে নিয়োগ মেলা
শুনিছোঁ এক লাখ চাকৰিৰ খেলা
চাকৰি পালে কাইলৈৰ পৰা
পিতায়ে চলাব নেলাগে ঠেলা
কাইলৈ পুৱাতে লাগিব মেলা
নকৰোঁ মই অৱহেলা
চাকৰিৰ টকাৰে আনি দিম তোক
নতুন এযোৰ চাদৰ মেখেলা ।

পুৱতি নিশাই পালোহি মেলা
জেৰক্স দোকানত হেঁচা থেলা
চাকৰি লোৱাৰ কথা হেৰা
লাগিবই দিয়কচোন হেঁচা থেলা ।

দেৰিকৈহে শুনিলো কিবা ঝামেলা
কোম্পানিৰ চাকৰিহে দিব হ'বলা
লগৰবোৰে কব ধৰিলে ইয়াৰ পৰা যাওগৈ ব'লা
হাতত মোৰ কাগজৰ টোপোলা
ক'ব নোৱাৰোঁ যাওগৈ ব'লা
পিতাইক চলাব নিদিও ঠেলা
আইক দিব লাগিব নতুন মেখেলা
খুৱাব লাগিব দুমুঠি দুবেলা ।

ৰৈ ৰৈ হ'ল দুপৰবেলা
১ বজাতেই শেষ হ'ল মেলা
সোমাই আহিল এজন পেটলা
হাতত লৈ এটা ডাঙৰ টোপোলা
কলে কাগজবোৰ ইয়াতে পেলা
শেষ হ'ল চব মেলাৰ খেলা
গেটত এতিয়াই মাৰিব তলা
সোনকালে ইয়াৰ পৰা পলা
নহ'লে তপিনাত পাবি মচলা ।
😡😡😡

#(যুগল অসম)

বি.দ্ৰ. - সম্পূৰ্ন ব্যক্তিগত অনুভৱহে মাথো। ভূল হ'লে ক্ষমা কৰিব। ভাল পালে অনুগ্ৰহ কৰি কপি নকৰি পোষ্টটো শ্বেয়াৰ কৰিব ।

19/10/2021

দৰঙ জিলাৰ মথেনী উৎসৱ ।আহিন আৰু কাতি মাহৰ সংক্ৰান্তি (অৰ্থাৎ কাতি বিহু) ৰ দিনা দৰঙ জিলাৰ দেবানন্দ সত্ৰত অনুষ্ঠিত হয় মথেনী উৎসৱ | পৌৰানিক গ্ৰন্থসমূহত উল্লেখ থকা দেৱতা আৰু অসুৰৰ মাজত হোৱা সমূদ্ৰমন্থনৰ আৰ্হিত অনুষ্ঠিত হয় মন্থন অথবা মথেনী | ই সমগ্ৰ দৰঙ বাসীৰ বাবে এটা উলহ মালহৰ দিন | বিশেষকৈ স্থানীয় লোক সকলে এই দিনটোত আলহী-অতিথি নিমন্ত্ৰন কৰাৰ এক পৰম্পৰা আছে | আপুনিও যদি কেতিয়াবা এই অনুষ্ঠান চাবলৈ গৈ পাইছে তেন্তে নিজৰ অভিজ্ঞতা কমেন্ট কৰি জনাবছোন |

Address

Darrang

Alerts

Be the first to know and let us send you an email when Jugal Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jugal Axom:

Share

Category