05/11/2023
অভাৱ কাক বোলে ? 😢😢😥
অর্থনীতি ক্লাছত বয়স্ক ছাৰ এজনে , কোঠাত সোমায়ে সন্মুখত বহা লৰাজনক প্রশ্ন কৰিলে ,
কোৱাচোন , অভাৱ কাক কয় ?
-'অর্থনীতিত বস্তুগত বা অবস্তুগত কোনো দ্রব্য পোৱাৰ আকাংক্ষাকে 'অভাব' বোলে ।'
লৰাজনে উত্তৰ দিলে ।
-এয়া তো অর্থনীতিৰ ভাষা,
সাধাৰণ ভাবে অভাৱ কাক কয় ? অর্থাৎ 'অভাব' বুলিলে তুমি ঠিক কি বুজি পোৱা ?
লৰাজন মূৰ তলফালে কৰি বেঞ্চৰ ফালে চাই আছে।
কি কব ভাবি আছে সি ।
ছাৰে আকৌ উত্তৰ দিবলৈ ধমক দিলে
'কোৱা সোনকালে' ...
লৰাজনে এইবাৰ সহজ সৰল ভাষাত কবলৈ আৰম্ভ কৰিলে ।
১। মই কলেজত অহাৰ সময়ত মায়ে মোক ভাড়া দিবলৈ গৈ, তেখেতৰ বেগ তন্ন তন্নকৈ বিচাৰি বহুত কষ্ট কৰি ২০/৩০ টকা বাহিৰ কৰি দিয়ে ,
আৰু মই ঘৰৰ পৰা ওলাই ৫/৭ মিনিট পিছত ঘৰলৈ উভতি ভাড়াৰ টকাটো মাক দি কলো , মা! আজি কলেজত ক্লাছ নহব।
মায়ে তেতিয়া কয় , আগত খবৰ লোৱাচোন, কলেজত ক্লাছ হব নে নাই ?
মাৰ লগত এই লুকাভাকু হৈছে 'অভাব'।
২। দেউতা যেতিয়া ৰাতি দেৰি কৰি ঘৰলৈ আহে, মায়ে তেতিয়া দেউতাক সুধে - ইমান ৰাতি কিয় হল ?
দেউতাই তেতিয়া কয় , 'ওভাৰটাইম' আছিল ।
'ওভাৰটাইম' নকৰিলে সংসাৰ কেনেকৈ চলিব ? দেউতাৰ এই অতিৰিক্ত পৰিশ্ৰম হৈছে মোৰ বাবে 'অভাব'।
৩। সৰু ভন্টিয়ে মাহৰ শেষত প্রাইভেট টিচাৰৰ টকা দেউতাৰ ওচৰৰ পৰা খুজিবলৈ যেতিয়া সংকোচবোধ কৰে সেয়াই মোৰ বাবে 'অভাব'।
৪. মাক যেতিয়া দেখোঁ ফটা ছিঙা কাপোৰ চিলাই দিওঁতে দিওঁতে কয় কাপোৰ যোৰ বহুত ভাল আৰু কিছুদিন পিন্ধিব পৰা যাব সেয়াই মোৰ বাবে 'অভাব'।
৫। মাহৰ শেষত টিউচনৰ সম্পূৰ্ণ টকাটো যেতিয়া মাৰ হাতত দি কও,
মা এইটো তুমি সংসাৰত খৰছ কৰা,
মায়ে তেতিয়া এটা স্বস্তিৰ হাঁহি মাৰে ।
এই স্বস্তিৰ হাঁহি হৈছে 'অভাব'।
৬। বন্ধু সকলৰ দামী স্মার্টফোনৰ ভিৰৰ ভিতৰত যেতিয়া নিজৰ নর্মাল ফোন লাজত লুকুৱাই ৰাখো, সেই লাজ মোৰ বাবে 'অভাব'।
৭। অভাবী হোৱা বাবে যেতিয়া ওচৰ সম্পৰ্কৰ মানুবোৰেও লাহে লাহে দুৰলৈ গুচি যায়, সেই দুৰলৈ গুচি যোৱাই মোৰ বাবে 'অভাব'। ....
গোটেই ক্লাছৰ সকলোৱে থিয় হৈ গল !
বহুতৰে চকুত চকুলো ওলাই আহিল!
ছাৰেও শেষত চকুৰ চকুলো মুছি মুছি লৰাজনক ওচৰলৈ টানি নিলে। 💝
বাস্তৱতঃ মোৰ নিজৰ লগতে আমাৰ সহপাঠী সকলৰ মাজত এনেকুৱা বহুতেই আছে,
যিসকলে কেই মাহ অপেক্ষা কৰিও ঘৰৰ পৰা সামান্য টকা নাপায় ।
সকলো দুঃখ-কষ্ট লুকাই হাহিমুখে দিনৰ পিছত দিন পাৰ কৰি দিয়ে কেতিয়াবা খাই, কেতিয়াবা নাখাই !
সিহঁতৰ হাঁহিৰ আৰত লুকুৱাই থকা কষ্টখিনি বুজাৰ সুযোগ হয়তো আমাৰো হৈ নুঠে !
এয়াই বাস্তৱ !