
25/09/2025
“জুবিন বিহীন অসম চাব মন নাযায় দেখোন দাদা”….
মই যেতিয়াই প্ৰাণৰো আপোন মাতৃভুমী অসমলৈ আহো, তেতিয়াই মোক ইফালৰ পৰা সিফাললৈ গাড়ী চলাই লৈ ফুৰে এজন ভাইটিয়ে। নাম তেওঁৰ জিতু দাস। মোৰ ঘৰৰ ওচৰৰে ল’ৰা। মোতকৈ প্ৰায় পোন্ধৰ বছৰ সৰু। মোক যথেষ্ট সন্মান কৰে বাবে জুখি-মাখি কথা কয়। কেতিয়াবা এনেকুৱা সময় পাৰ হয় যে ২-৩ ঘণ্টা মই একো কথা নকওঁ বাবে জিতুৱেও এটা শব্দ উচ্চাৰণ নকৰে।
আজিও তেওঁ মোৰ লগতে আহিছিল। যোৱা প্ৰায় ৩-৪ দিন ধৰি জিতু আৰু মই বহুত কথা পাতিছো। ১০০% কথাই জুবিন দাৰ বিষয়ে পাতিছো। মই দুবাৰমান কান্দিছো, মোক নেদেখাকৈ জিতুৱেও কেবাবাৰো চকুপানী টুকিছে। বিভিন্ন কথাৰ মাজত জিতুৰ এষাৰ কথাই মোৰ হৃদয় চুই গ’ল। আমি সকলো কাম শেষ কৰি ঠিক নলবাৰী সোমাইছোহি আৰু, সেইখিনি সময়তে জিতুৱে কৈ উঠিল, “জুবিন বিহীন অসম চাব মন নাযায় দেখোন দাদা”.. কথাষাৰ শুনি এক প্ৰকাৰে বাকৰূদ্ধ হৈ পৰিলো মই। জাতি-ধৰ্ম-ভাষা-বৰ্ণ-বয়স নিৰ্বিশেষে জুবিন দাই কেনেকৈ সকলোকে একেদৰে চুই পেলালে।
শুনিছো জুবিন দাই নিজৰ ঘৰটো হেনো ভালকৈ সম্পূৰ্ণকৈ বনাব নোৱাৰিলে। কিন্তু আচৰিত কথা যে তেখেতে অসমৰ প্ৰতিজন মানুহৰ মনত একোখনকৈ ধুনীয়া ঘৰ বনাই পেলালে। love you Zubeen daa! জয় জুবিন দা!!