27/12/2020
বহুপথাৰত অসমীয়া সাহিত্য সন্মিলনীৰ আঞ্চলিক সমিতি গঠন
অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত বনগাঁওৰ নামনি বহুপথাৰ হাইস্কুলত এখনি সভা অনুষ্ঠিত হৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষক ফনীধৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত শিক্ষক মানিক গগৈয়ে। অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন পুজাৰী, দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰা, পত্ৰিকা সম্পাদক জ্যোতিজনাৰ্দন বৰা, শ্ৰীমন্তশঙ্কৰদেৱ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিজয় গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত নামনি বহুপথাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বীনা বৰুৱা ফুকন, কবি বিজয়া গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক লোকাৰাম গগৈ, পৰেশ গগৈ, কবি নেত্ৰজ্যোতি গগৈ হাজৰিকাকে ধৰি বহুকেইজন বক্তাই সাহিত্য সন্মিলনীৰ দৰে সংগঠনৰ অৱশ্যকতাৰ ওপৰত বক্তব্য আগবঢ়ায়। এই সভাতে মানিক গগৈক সভাপতি, বিজয় কুমাৰ গগৈক কাৰ্যকৰী সভাপতি, বীনা বৰুৱা ফুকন আৰু লোকৰাম গগৈক উপ-সভাপতি, ৰঞ্জিত গগৈক সাধাৰণ সম্পাদক, ৰক্তিম দুৱৰা আৰু অনুৰাধা গগৈ ক সহঃসম্পাদক, দীজেন গগৈক কোষাধ্যক্ষ আৰু বলীন দুৱৰাক পত্ৰিকা সম্পাদক হিচাপে লৈ অসমীয়া সাহিত্যৰ বহুপথাৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়।