দেৰগাঁও বাণী-Dergaon Baani

দেৰগাঁও বাণী-Dergaon Baani Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from দেৰগাঁও বাণী-Dergaon Baani, News & Media Website, Dergaon.

29/10/2025

🔴মঙ্গল বাৰে দেৰগাঁৱৰ বৰপুখুৰীপাৰ গাঁৱৰ ৰাইজে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে মহিমামণ্ডিত খনিকৰ পুথিৰ নাম আৰু পাঠৰ লগতে জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰে। সকলোৱে এটাই আশা অতি সোনকালে ন্যায় পাওক হিয়াৰ আমঠু জনে।

28/10/2025

📌আজি গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ-২০২৫ৰ বাকৰিত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ উদ্যোগত "শৰতৰ সুবাসত গীত-কথা-কবিতাৰ গুঞ্জণ" শীৰ্ষক অনুষ্ঠানৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পাঠ।

27/10/2025

📌আজি #গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ-২০২৫ৰ ষষ্ঠ দিন। গ্ৰন্থপ্ৰেমীৰ ব্যাপক ভীৰ।আজি অনুষ্ঠিত হ'ল কেইবাটিও আকৰ্ষণীয় প্ৰতিযোগিতা। কাইলৈ অৰ্থাৎ মঙ্গল বাৰে অনুষ্ঠিত হ'ব পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ উদ্যোগত "শৰতৰ সুবাসত গীত-কথা-কবিতাৰ গুঞ্জণ" শীৰ্ষক অনুষ্ঠানৰ লগতে নয়নমণি নৃত্যাঞ্জলী কলাকেন্দ্ৰৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু পুৰণি অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা।

27/10/2025

🔴দেওবাৰে #গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহত শিশুৰ কলৰৱেৰে মুখৰ "শিশুদিন"। এই শিশুৰ দিনত শিশু সকলৰ মাজত অনুষ্ঠিত হ'ল বিভিন্ন প্ৰতিযোগিতা। শিশুৰ দিনত বিশেষ ভাবে উপস্থিত থাকে সংগীত,অভিনয়,কলাৰ ৰাজ্যিক-ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিভা তথা ভাগৱত ব্যাখ্যাৰ বিশেষ আকৰ্ষণ প্ৰিয়দৰ্শন ডেকা।

26/10/2025

📌অহোৰাত্ৰ ভাগৱত পাঠত ভক্তি ৰসত বুৰ গ'ল দেৰগাঁৱৰ ফেটা গাওঁ।

25/10/2025

📌 #দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। আগন্তুক কাৰ্যকালৰ বাবে সভাপতি হিচাপে বুবুল চন্দ্ৰ বৰাক সভাপতি আৰু ড°ক্ষীৰেশ্বৰ লইঙক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে।

24/10/2025

🔵 #গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৫ৰ বাকৰিত বৃহস্পতিবাৰে সন্ধিয়া সৃজনমৰ উদ্যোগত অনুষ্ঠিত "গল্প কথা"অনুষ্ঠানত প্ৰসিদ্ধ গল্পকাৰ অতনু ভট্টাচাৰ্য্য আৰু বিশিষ্ট শিল্পী মিতালী দে'ৰ যুগলবন্দীয়ে কেইবা শতাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰিলে।

23/10/2025

🔵 #গোলাঘাট গ্ৰন্থ মেলা আৰু সাহিত্য সমাৰোহ-২০২৫ৰ বাকৰিত লেখিকা ড°জুৰি দেৱীৰ দুখনকৈ গ্ৰন্থ ক্ৰমে "ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ এটি বিশ্লেষণ" আৰু "প্ৰবন্ধ সংবোধন"উন্মোচন আৰু কবি স্বাগতা বৰাৰ নৱতম কাব্য গ্ৰন্থ "হৃদয়ৰ স্পন্দন"উন্মোচন…

22/10/2025

🔴আজিৰপৰা অৰ্থাৎ বুধবাৰৰ পৰা গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আৰম্ভ...

আজিৰপৰা গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ আৰম্ভ। আজি দুপৰীয়া কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, ৰাইজৰ বিপুল অংশগ্ৰহণেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সমস্বৰে পৰিৱেশন কৰিলে' মায়াবিনী' আৰু অসম সাহিত্য সভাৰ আৰম্ভণি গীত ' চিৰ চেনেহী মোৰ ভাষা জননী' ।

22/10/2025

👉 #দেৰগাঁৱৰ বিভিন্ন স্থানত পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে কালীপূজা উদযাপন।

প্ৰত্যেকটো পূজা স্থলীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই দিপাৱলীৰ লগতে কালী পূজা উদযাপন কৰা পৰিলক্ষিত হয়।

21/10/2025

👉প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি
এই আঁচনিখনৰ সুযোগ গ্ৰহণ কৰি নিন্মলিখিত হিচাবে ৰাজসাহায্য লাভ কৰক।
যোগাযোগ🤳 +91 86381 69180

21/10/2025

🛑দেৰগাঁৱত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন।

অসম চৰকাৰৰ 'শুশ্ৰূষা সেতু' অভিযানৰ অধীনত অসমৰ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকটো বিধান সভা সমষ্টিতিত ১৮ বছৰৰ তলৰ কিশোৰ কিশোৰী সকলৰ বাবে বৃহৎ স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰা হৈছে।

দেৰগাঁৱটো কাইলৈ অৰ্থাৎ ২২ অক্টোবৰ বুধবাৰে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এই বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে।

Address

Dergaon

Telephone

+917002393568

Website

Alerts

Be the first to know and let us send you an email when দেৰগাঁও বাণী-Dergaon Baani posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share