উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC

  • Home
  • India
  • Dergaon
  • উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC

উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC Social group��

12/07/2025

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ #প্ৰতিষ্ঠাপক_অধ্যক্ষ_হৰকান্ত_মহন্ত দেৱৰ পুণ্য তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি তেখেতৰ সোঁৱৰণত গোটত আয়োজন কৰা অনুষ্ঠানটিৰ সফলতা কামনা কৰি হৰকান্ত মহন্ত দেৱৰ সহধমিনী শ্ৰদ্ধাৰ শ্ৰীযুতা দেৱযানী মহন্ত বৰমাই এটি ভিডিও আমালৈ প্ৰেৰণ কৰিছে।

বৰমাৰ আশীষ শিৰত লৈ আমি অনুষ্ঠিত কৰিছোঁ আজিৰ অনুভৱ কথন প্ৰতিযোগিতা। বৰমা কুশলে থাকক, আমাৰ সাহস হৈ থাকক🙏

প্ৰণামিকা শৰ্মা🙏🏻


Highlights
fans

হে' মোৰ প্ৰিয় সতীৰ্থসকল             আশা কৰোঁ আপোনালোক সকলো কুশলে আছে! আজিৰ এই দিনটো আপোনালোকৰ মাজত 'বিশেষ ৰূপ'ত  থাকিবলৈ...
06/07/2025

হে' মোৰ প্ৰিয় সতীৰ্থসকল আশা কৰোঁ আপোনালোক সকলো কুশলে আছে! আজিৰ এই দিনটো আপোনালোকৰ মাজত 'বিশেষ ৰূপ'ত থাকিবলৈ পাই আমি নিজকে পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ। গোটৰ সন্মানীয় প্ৰশাসক মহোদয়ক আমাক এই সুবিধাকণ দিয়াৰ বাবে কৃতজ্ঞতা জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ আন্তৰিকতা, সদিচ্ছা আৰু আলফুলীয়া অনুভৱৰ ৰেখ দেখি আহ্লাদিত মই। ইংৰাজী সাহিত্যৰ প্ৰখ্যাত লেখক ৰাল্থ ৱাল্ডোৱে কৈছিল----- আপুনি-মই জীৱনৰ ঘাটে ঘাটে লগ পোৱা প্ৰতিজন সঁচা বন্ধুৱেই একোখন মূল্যৱান গ্ৰন্থৰ দৰে।এখন মূল্যৱান গ্ৰন্থ অধ্যয়ন কৰি আমি যিধৰণৰ বৌদ্ধিক, মানসিক তৃপ্তি লাভ কৰোঁ, সেই একেধৰণৰ তৃপ্তি, সুখ সঁচা বন্ধুৰ সান্নিধ্যত পোৱা যায়। 'ভাল বন্ধু লাভৰ একমাত্ৰ উপায় হৈছে নিজে সেই ভাল বন্ধুজন হ'বলৈ চেষ্টা কৰা'। বন্ধুসকল, এই ধাৰণাৰেই আপোনালোকৰ বুকুৰ মাজৰ এজন হ'বলৈ চেষ্টা কৰিছোঁ মই। আপোনালোকে ইজনে সিজনৰ প্ৰতি প্ৰদৰ্শন কৰা আন্তৰিকতাপূৰ্ণ মনোভাৱ,মন্তব্যই গোটৰ ভেটি সুদৃঢ় কৰাই নহয়, প্ৰতিজন সুহৃদৰ বুকুত সিঁচি দিছে 'ভালপোৱা'ৰ আকুল বাৰ্তা। সকলোৰে কুশল-মংগল কামনা কৰিলোঁ।

পংকজ মহন্ত,
গুৱাহাটী-৭৮১০০৬

Highlights

প্ৰিয় সতীৰ্থসকল,   আহক, এটা বিশেষ দিন বিশেষভাৱে আমি উদযাপন কৰোঁ।     যিখন মহাবিদ্যালয়ে আমাক আজিৰ দিনবোৰ উপহাৰ দিছে সেই...
06/07/2025

প্ৰিয় সতীৰ্থসকল,

আহক, এটা বিশেষ দিন বিশেষভাৱে আমি উদযাপন কৰোঁ।

যিখন মহাবিদ্যালয়ে আমাক আজিৰ দিনবোৰ উপহাৰ দিছে সেই বিদ্যা মন্দিৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, আমাৰ পৰম পুজনীয় #শিক্ষাগুৰু_হৰকান্ত_মহন্ত_দেৱৰ_সোঁৱৰণত প্ৰতি বৰ্ষতে আমি ১২ জুলাই দিনটো উদযাপন কৰি আহিছোঁ। এইবাৰো এইগৰাকী শিক্ষাগুৰুৰ কৰ্ম আৰু আদৰ্শক শ্ৰদ্ধা জনাই তেখেতৰ মৃত্যু তিথিত অহা ১২ জুলাই ২০২৫ তাৰিখে গোটৰ মজিয়াত অনুষ্ঠিত কৰিবলৈ লৈছোঁ এখন ' #অনুভৱ_কথন' প্ৰতিযোগিতা।
আপোনালোক সকলোৰে সহযোগিতা কামনা কৰি প্ৰতিযোগিতাৰ সবিশেষ তলত উল্লেখ কৰা হ'ল --

👉 অনুভৱ কথনৰ বিষয় ÷

" #মোৰ_মহাবিদ্যালয়_মোৰ_অনুভৱ"

👉 অনুভৱ কথনৰ সময় ২ মিনিট।

👉 ১২ তাৰিখে পুৱা ১১:০০ বজাৰ পৰা নিশা ১১:০০ বজালৈ অডিঅ' যোগে গোটলৈ অনুভৱ পঠিয়াব পাৰিব।

👉 অডিঅ'ৰ আৰম্ভতে নিজৰ নাম কব, হৰকান্ত মহন্ত দেৱলৈ শ্ৰদ্ধা জনাব আৰু তাৰ পিছত নিৰ্দিষ্ট বিষয়ৰ ওপৰত অনুভৱ কব।

👉 অনুগ্ৰহ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত অডিঅ' প্ৰেৰণ কৰিব।

শ্ৰদ্ধাৰে -...🙏🏻
#প্ৰণামিকা_শৰ্মা
পৰিচালিকা
অনুভৱ কথন প্ৰতিযোগিতা

চিন্তামণি মহন্ত
গোট প্ৰশাসক
উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ, অসম ॥
০৬-০৭-২০২৫
Highlights

 #প্ৰতিযোগিতাৰ_ফলাফল২০২৫🙏🌹            প্ৰতি বছৰৰ দৰেই এই বছৰো "উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ" ই অনুষ্ঠিত কৰিছিল " #ৰঙালী...
17/06/2025

#প্ৰতিযোগিতাৰ_ফলাফল২০২৫🙏🌹

প্ৰতি বছৰৰ দৰেই এই বছৰো "উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ" ই অনুষ্ঠিত কৰিছিল " #ৰঙালী_বিহুৰ_বিশেষ_ফটো_প্ৰতিযোগিতা -২০২৫।" ইয়াত মুঠ ত্ৰিশ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।
সন্মানীয় প্ৰতিযোগীসকল আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে আমাৰ প্ৰতিযোগিতা খনিৰ বিচাৰকৰ আসন অলংকৃত কৰিছিল দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী #ডা_ভানু_শইকীয়া বাইদেউৱে । তেওঁ এগৰাকী প্ৰাক্তন ৰাজ্যিক যুটীয়া সঞ্চালক আৰু ভাৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ। বৰ্তমান তেওঁ আয়ুষ্মান আৰোগ্য মন্দিৰ গুৱাহাটীত চিকিৎসক হিচাবে সেৱা আগবঢ়ায় আছে। ইয়াৰোপৰি তেওঁ এগৰাকী বিশিষ্ট কবি, লেখক আৰু সমাজ কৰ্মী। তেখেতৰ ইতিমধ্যে কেইবাখনো কবিতা পুথি প্ৰকাশ পাইছে। তেওঁ বৰ্তমান গুৱাহাটী চেনিকুঠীৰ স্থায়ী বাসিন্দা ।তেখেতক আমি আমাৰ মাজত বিচাৰক হিচাপে পায় ধন্য হৈছো। তেওঁৰ বহুমূলীয়া সময়ৰ যি ক্ষণিক সময় আমাক দি সূক্ষ্ম বিচাৰেৰে ফলাফল আগবঢ়ালে তাৰ বাবে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।
প্ৰতিযোগিতা খনত স্থান লাভ কৰা প্ৰতিযোগী সকলক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী শুভাকাংক্ষী সদস্যক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰতিযোগিতাখন সফল কৰি তোলা প্ৰতিগৰাকী উত্তৰণৰ সদস্যৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰলো ।শেষত গোটৰ সকলোকে ধন্যবাদ জনাই আজিৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছো।

ৰীতা খাউণ্ড🙏🏻
নিবেদিতা হাজৰিকা🙏🏻
(পৰিচালিকাদ্বয়) ৰঙালী বিহুৰ বিশেষ ফটো প্ৰতিযোগিতা -২০২৫

চিন্তামনি মহন্ত🙏
গোট প্ৰশাসক
উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ, অসম
১৭/০৬/২০২৫
Highlights
fans

ৰাভা দিৱস উপলক্ষে উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চত অনুষ্ঠিত হ'বলগীয়া কবিতা আবৃত্তি প্ৰতিযোগিতাৰ নিৰ্বাচিত কবিতাটিৰ একাংশৰ ...
15/06/2025

ৰাভা দিৱস উপলক্ষে উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চত অনুষ্ঠিত হ'বলগীয়া কবিতা আবৃত্তি প্ৰতিযোগিতাৰ নিৰ্বাচিত কবিতাটিৰ একাংশৰ লিখিত ৰূপ আগবঢ়ালোঁ।

কবিতাৰ শিৰোনাম- নাৰী
কবি - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

নাৰী🌹
---------------

অ' ৰচকী বাই,
দুৱাৰ খোলা দুৱাৰ খোলা
সময় যে মোৰ নাই।
বেলি কোঁৱৰ সৌ
পূব গগনৰ সিংহাসনত
বহি ঢালে মৌ।।
জগত আজি হ'ল
মোহন ভৰা ৰূপত চৰা
সুন্দৰ নিৰ্মল।
সোণালী জোল বৈ
এই ধৰণীৰ মাজেদিয়েই
গৈছে সোণৰ নৈ।।
সোণৰ বিলত সৌ
পদুম পাহি পাহ মেলিছে
বইছে সোণৰ ঢৌ।।
সূৰুযকে চাই
ফুলাম চেলেং আঁতৰ কৰে
সৌ প্ৰকৃতি বাই।।
তথাপি যে তুমি
দুৱাৰ জপাই শুই আছা হায়
নোচোৱা তেও জুমি।।
অ' ৰচকী বাই
উঠা উঠা দুৱাৰ খোলা
মোৰ যে সময় নাই।
দেখোঁ চকু মেলি
নাচিছে এই বিশ্ববাসী
ৰঙত হালিজালি।
কোঠাত কিৰণবোৰ
জিলিক মাৰি হালিছে এই
মুখ কমলত মোৰ।
গছত চৰাইবোৰে
গাইছে মধুৰ ভৈৰৱী তান
অতি উলাহেৰে।।
গাত সুৰভি লৈ
বৈছে মলয় গছে পাতে
ৰিব্ ৰিব্ ৰিব্ কৈ।
হঠাৎ কোনোবাই
হেলাই হেঁপাই চেনেহেৰে
চিঞৰ মাৰি কয়--
" অ' ৰচকী বাই
দুৱাৰ খোলা দুৱাৰ খোলা
সময় যে মোৰ নাই।"
খাটাং কৰে মোৰ
হৃদ চোতালৰ দুৱাৰ দলি
কঁপি উঠিল বৰ।
লেনীয়াকৈ কৈ
কোননো তহঁত কিয়নো বা
বাজত আছ ৰৈ।"
লাগিল মহা ভয়
কেনেকৈনো সাৰিম এবে
কোন দেশলৈ গৈ?
মই যে অকলৈ
ক'লৈনো যাম কাৰ ওচৰত
সহায় ল'বলৈ।
একেলগে সৱে
সমস্বৰে আটাহ পাৰি
ক'লে একেৰৱে।
" অ' ৰচকী বাই
দুৱাৰ মেলা দুৱাৰ মেলা
আৰু যে সময় নাই।
আমি ডেকাৰ দল
নিম যে ছিঙি সেইয়া তোমাৰ
বদন শতদল।
আমি ডেকাৰ যশ
ভ্ৰমৰ সাজি চুহিম তোমাৰ
কোমল মধুৰ ৰস।
পিন্ধি ডেকাৰ সাজ
পেলাম তোমাৰ গাত প্ৰেয়সী
আলিঙ্গনৰ পাশ
অ' ৰচকী বাই
দুৱাৰ মেলা দুৱাৰ মেলা
সময় আমাৰ নাই।"
********************

কবিতা আবৃত্তি প্ৰতিযোগিতাৰ নিয়মাৱলী

১)নিৰ্দ্ধাৰিত কবিতাটো অডিঅ' যোগে আবৃত্তি কৰি গ্ৰুপলৈ প্ৰেৰণ কৰিব লাগিব ২০/০৬/২০২৫ তাৰিখ শুক্ৰবাৰে পুৱা ১০ বজাৰ পৰা নিশা ১১ বজাৰ ভিতৰত ।

২)বিচাৰকৰ আসন অলংকৃত কৰিব অসমৰ বহু কেইজন বিশিষ্ট আবৃত্তিকাৰ তথা কবিয়ে।

৩)বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হব।

৪)অডিঅ সমূহ প্ৰেৰণ কৰোঁতে প্ৰতিযোগীসকলে নিজৰ নাম কোৱাটো বাঞ্চনীয়।

৫)গ্ৰুপলৈ প্ৰেৰণ কৰা প্ৰথমটো অডিঅ'হে প্ৰতিযোগিতাৰ বাবে বিবেচিত হব ¡

প্ৰতিজন প্ৰতিযোগীলৈকে অফুৰন্ত শুভকামনা জনাইছোঁ , সকলো বিজয়ী হওক ,এইয়াই কামনা কৰিছোঁ।

পৰিচালিকা
জয়শ্ৰী হাজৰিকা

চিন্তামণি মহন্ত
(গোট প্ৰশাসক)

১৫-০৬-২০২৫

🙏🙏🙏🙏🙏
Highlights

 #প্ৰিয়_সতীৰ্থবৃন্দ,''এয়ে মোৰ শেষ গানজীৱন নাটৰ শেষ ৰাগিণীকল্যাণ খৰমান..''       জীৱনৰ শেষ পলটোও অমৰ সৃষ্টিৰে যুগমীয়া ক...
12/06/2025

#প্ৰিয়_সতীৰ্থবৃন্দ,
''এয়ে মোৰ শেষ গান
জীৱন নাটৰ শেষ ৰাগিণী
কল্যাণ খৰমান..''
জীৱনৰ শেষ পলটোও অমৰ সৃষ্টিৰে যুগমীয়া কৰি যোৱা মহান শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই গোটৰ মজিয়াত অনুষ্ঠিত কৰিব খুজিছোঁ #ৰাভা_দিৱস।
বিগত বৰ্ষৰ দৰে এইবাৰো ''২০ জুন তাৰিখে ৰাভা দিৱস'' উপলক্ষে উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চত এখনি #কবিতা_আবৃত্তি_প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। উক্ত প্ৰতিযোগিতাখনিৰ পৰিচালনাৰ দায়িত্বভাৰ দিবলৈ লৈছো গোটৰ সক্ৰিয় তথা সকলোৰে মৰমৰ #শ্ৰীমতী_জয়শ্ৰী_হাজৰিকাক । তেওঁ এই দায়িত্ব লৈ সুন্দৰ এটি কবিতা নিৰ্বাচন কৰি সুচাৰুৰূপে প্ৰতিযোগিতাখন পৰিচালনা কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।

সকলোৰে সহযোগিতাই প্ৰতিযোগিতাখন সৰ্বাংগসুন্দৰ কৰি তুলিব বুলি আশা ৰাখিলোঁ।

🙏🏻গোট প্ৰশাসক ১২/০৬/২০২৫


Highlights

❤ #ফলাফলউত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চত অনুষ্ঠিত কৰা "দেৱালী বিশেষ ফটো প্ৰতিযোগিতা"২০২৪ত সৰ্বাধিক ৪৭গৰাকী প্ৰতিযোগীয়ে যোগ...
10/06/2025

❤ #ফলাফল

উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চত অনুষ্ঠিত কৰা "দেৱালী বিশেষ ফটো প্ৰতিযোগিতা"২০২৪ত সৰ্বাধিক ৪৭গৰাকী প্ৰতিযোগীয়ে যোগদান কৰি প্ৰতিযোগিতাখনৰ জেউতি চৰাইছিল ।

যিহেতু প্ৰতিযোগিতা গতিকে সুবিচাৰেৰে আমালৈ ফলাফল আগবঢ়ালে, #আঞ্চলিক_দন্ত_চিকিৎসা_মহাবিদ্যালয়_গুৱাহাটীৰ_এণ্ডডন্টিকচ্_বিভাগৰ_মুৰব্বী_অধ্যাপিকা_শ্ৰদ্ধাৰ_ডাঃ(ডঃ) #ৰুবী_কটকী_বাইদেউৱে।
জন্মসূত্রে গুৱাহাটীৰ ৰাজগড় নিবাসী ড: ৰু‌বী কটকীৰ পিতৃ প্রয়াত #ললিত চন্দ্ৰ কটকী আৰু মাতৃ স্বর্গীয়া #বাসন্তী কটকী। বর্তমান আঞ্চলিক দন্ত-চিকিৎসা মহাবিদ্যালয়ত বিভাগীয় মূৰব্বী অধ্যাপিকাৰূপে কার্যনির্বাহ কৰি থকা ড: কটকীয়ে ২০০৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা #ডক্টৰেট_ডিগ্রী লাভ কৰে। #শ্ৰীমন্ত_শংকৰদেৱ_স্বাস্থ্যবিজ্ঞান_বিশ্ববিদ্যালয়ৰ, দন্তস্বাস্থ্য বিভাগৰ ডীন হিচাপে দায়িত্বৰত ডা: কটকীয়ে বিগত সময়ছোৱাত বিভিন্ন বিষয়ত ভালেমান গুৰুত্বপূৰ্ণ লেখা প্রকাশ কৰিছে। ' #আমাৰ অসম', 'খবৰ', 'এদিনৰ সংবাদ', 'দৈনিক বাতৰি', 'দৈনিক জনমভূমি', 'দৈনিক অসম', 'নিয়মীয়া বার্তা', 'সাদিন', 'অসম বাণী' আদি বাতৰিকাকত আৰু আলোচনীত দাঁতৰ ৰোগ আৰু পৰিচৰ্যা বিষয়ক লেখাৰ উপৰি বিভিন্ন বিষয়ত সুখপাঠ্য ৰচনা লিখি পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কেৱল এগৰাকী দন্ত চিকিৎসক হিচাপেই নহয়, ডা: কটকীয়ে সুলেখিকা হিচাপেও ইতিমধ্যে সুনাম অর্জন কৰিছে। #ডাঃকটকীৰ বৰ্তমানলৈকে প্রকাশিত #গ্রন্থসমূহ হ'ল:
১/ 'আমাৰ দুপাৰি দাঁত' (২০০৮)
২/ 'দাঁত আৰু সৌন্দর্য' (২০০৯)
৩/'জীৱনৰ স্নেপশ্বট(২০১১)
৪/পাখি লগা মন' (২০১১)
৫/ 'যমল' (হোমেন বৰগোহাঞিৰ লগত যুটীয়াভাবে, ২০১১)
৬/'তপত জুৰি' (২০১২)
৭/'একুৰি চিকিৎসকৰ একুঁকি গল্প' (সম্পাদনা গ্রন্থ, ২০১৩)
৮/ 'মানুহ, প্রকৃতি আৰু কিছু নষ্টালজিয়া' (২০১৫)
৯/দাঁতৰ কথা, দাঁতৰ দিহা(২০১৭)
১০/আন্দোলন(উপন্যাস)(২০২০)
১১/দুখৰ আঁৰৰ সুখ(২০২১)
১২/ ‘অকণিৰ কবিতা’(২০২১)
১৩/আঞ্চলিক দন্ত-চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড: বি.আৰ ভূঞা সম্পাদিত গ্ৰন্ঠ আৰু
১৪/'সন্তানৰ দাঁতৰ যতন কেনেদৰে ল’ব’( শিশুৰ দাঁতৰ যতন)(২০২৫)।
#উল্লেখযোগ্য যে 'আমাৰ দুপাৰি দাঁত', 'দাঁত আৰু সৌন্দর্য' আৰু ‘দাঁতৰ কথা, দাঁতৰ দিহা’ নামৰ দন্ত চিকিৎসা সম্পকীয় গ্রন্থৰ বাবে ড: কটকীয়ে ২০০৯, ২০১৪ আৰু ২০২৪ চনত অসম লেখিকা সন্থাৰ বিশেষ বঁটা লাভ।তাৰোপৰি ২০২৪ চনৰ চেপ্তেম্বৰ মাহত, ডিব্ৰুগড়ত অনুষ্ঠিত #লেখিকা_সন্থা, অসমৰ দ্বিবাৰ্ষিক অধিবেশনত ড: কটকীৰ ‘অকণিৰ কবিতা’ পুথিখনে #বিশেষ বটা লাভ কৰে।
বাইদেউৰ বহুমূলীয়া সময় আমাক দি সুক্ষ্ম বিচাৰেৰে ফলাফল আগবঢ়াই দিয়াৰ বাবে তেখেতলৈ আমাৰ #ভক্তিভৰা সেৱা আৰু কৃতজ্ঞতা জনালোঁ।

প্ৰতিযোগিতাখনৰ স্থানপ্ৰাপ্ত সকলক আন্তৰিক অভিনন্দন আৰু অংশগ্ৰহণকাৰী শুভাকাংক্ষী সদস্যবৃন্দক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতাখন সফল কৰি তোলা প্ৰতিগৰাকী উত্তৰণৰ সদস্যৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'লো।

#বৰ্ণালী_তামুলী🙏
পৰিচালিকা
দেৱালী বিশেষ ফটো প্ৰতিযোগিতা
"উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ " অসম
চিন্তামনি মহন্ত
গোট প্ৰশাসক🙏
১১.০৬.২০২৪


07/06/2025

#ৰঙালী_বিহুৰ_বিশেষ_ফটো_প্ৰতিযোগিতাৰ_ফলাফল -২০২৫
🙏🌹🙏🌹🙏🌹

"বিহুটি নামেৰে তিনিটি আখৰে
কোনে লিখি গ'ল শিলত
ঘুণেও নধৰে মামৰেও নধৰে
থাকিব অসমীয়াৰ মাজত।"

চ'তৰ সংক্ৰান্তিৰ দিনৰ পৰা আৰম্ভ কৰি ব'হাগৰ ছয় তাৰিখলৈকে সাতদিন ধৰি পালন কৰা হয় অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি‌। প্ৰতিজন অসমীয়া ৰে অতি আপোন এক মিঠা অনুভৱ এই ৰঙালী বিহুটি। ই অসমীয়াৰ অতি আদৰৰ ,অতি হেঁপাহৰ। প্ৰতি বছৰৰ দৰেই এই বছৰো "উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ" ই অনুষ্ঠিত কৰিছিল " #ৰঙালী_বিহুৰ_বিশেষ_ফটো_প্ৰতিযোগিতা -২০২৫।" ইয়াত মুঠ ত্ৰিশ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।
সন্মানীয় প্ৰতিযোগীসকল আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে আমাৰ প্ৰতিযোগিতা খনিৰ বিচাৰকৰ আসন অলংকৃত কৰিছিল দেৰগাঁও ুৱৰা_মহাবিদ্যালয়ৰে_প্ৰাক্তন_ছাত্ৰী #ডা_ভানু_শইকীয়া_বাইদেউৱে । তেওঁ এগৰাকী প্ৰাক্তন #ৰাজ্যিক_যুটীয়া_সঞ্চালক_আৰু_ভাৰপ্ৰাপ্ত_অতিৰিক্ত_সঞ্চালক_অসম_চৰকাৰৰ_স্বাস্থ্য_আৰু_পৰিকল্পনা_বিভাগৰ। বৰ্তমান তেওঁ #আয়ুষ্মান_আৰোগ্য_মন্দিৰ_গুৱাহাটীত_চিকিৎসক হিচাবে সেৱা আগবঢ়ায় আছে। ইয়াৰোপৰি তেওঁ #এগৰাকী_বিশিষ্ট_কবি_লেখক আৰু সমাজ কৰ্মী। তেখেতৰ ইতিমধ্যে কেইবাখনো কবিতা পুথি প্ৰকাশ পাইছে। তেওঁ বৰ্তমান #গুৱাহাটী_চেনিকুঠীৰ স্থায়ী বাসিন্দা ।তেখেতক আমি আমাৰ মাজত বিচাৰক হিচাপে পায় ধন্য হৈছো। তেওঁৰ বহুমূলীয়া সময়ৰ যি ক্ষণিক সময় আমাক দি সূক্ষ্ম বিচাৰেৰে #ফলাফল আগবঢ়ালে তাৰ বাবে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।
প্ৰতিযোগিতা খনত স্থান লাভ কৰা প্ৰতিযোগী সকলক #আন্তৰিক অভিনন্দন জনাইছোঁ আৰু অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী শুভাকাংক্ষী সদস্যক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰতিযোগিতাখন সফল কৰি তোলা প্ৰতিগৰাকী #উত্তৰণৰ সদস্যৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰলো ।শেষত গোটৰ সকলোকে ধন্যবাদ জনাই আজিৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছো।

#ৰীত_খাউণ্ড🙏🏻
#নিবেদিতা_হাজৰিকা🙏🏻
(পৰিচালিকাদ্বয়) ৰঙালী বিহুৰ বিশেষ ফটো প্ৰতিযোগিতা -২০২৫

চিন্তামনি মহন্ত🙏
গোট প্ৰশাসক
উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চ।
০৭/০৬/২০২৫

Highlights

 #প্ৰতি ,   উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ সদস্য /সদস্যা সকল...    ২০১৭ চনৰ ২০ অক্টোবৰ মহান দিনটিতেই জন্ম লাভ কৰা বাৰেৰহন...
06/06/2025

#প্ৰতি ,
উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চৰ সদস্য /সদস্যা সকল...
২০১৭ চনৰ ২০ অক্টোবৰ মহান দিনটিতেই জন্ম লাভ কৰা বাৰেৰহনীয়া , #প্ৰজ্ঞাক_সন্ধানী_গোটৰ প্ৰতিদিনৰ পৰম্পৰা সাবটি কালিৰে পৰা আজিলৈকে সম্পূৰ্ণ এটি দিন ডিপি বিষেশ হিচাপে থাকি মোৰ বুকুত সাবটিলো সকলোৰে একলমকৈ আগবঢ়োৱা মৰম স্নেহৰ হেঁপাহবোৰ। দুচকুত স্বাভিমানত স্তব্ধ হৰ খোজা বৰষুণ এজাকত আকৌ প্ৰাণ পালো ,সুখানন্দ দিলে । কেইবাবছৰীয়া এই #সুবিশাল ব্যতিক্ৰমী মঞ্চ খনিৰ সতীৰ্থ , জেষ্ঠ কনিষ্ঠ সদস্য সকলৰ মৰম চেনেহ ,সুখ-দুখৰ সমভাগিতা বোৰ সদায় এনেদৰেই থাকক।আশা কৰিছো অনাগত দিনত প্ৰজ্ঞাৰ সাধনাৰে আগবাঢ়িব আমাৰ গোট।
এদিনৰ বাবে বিশেষ কৰি সকলোৰে মাজত ৰাখি, বিশেষ সন্মান প্ৰদান কৰি গোটটিক সজীৱ কৰি ৰাখি আমাক সকলোৰে পৰা মৰম বুটলিবলৈ কৰা প্ৰচেষ্টাৰ বাবে গোট প্ৰধান চি এম দাদাক অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো।
#সময়ে শিকাই ,
#সময়ে বুজাই ...
সময়ৰ বোকোচাত উঠিয়েই আমি জ্ঞান লাভ কৰো, অনুপ্ৰাণিত হঁও।গোটৰ সৰব/নিৰব সকলো সদস্যলৈ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আকৌ এটি সুন্দৰ দিনৰ মিঠা #স্বাদেৰে সমৃদ্ধ হৈ আজিৰ ডিপিৰ পৰা আঁতৰি যাম।
শেষত,নতুন পৰিকল্পনাৰে উত্তৰণ গোট উজ্বলি উঠক ,সকলো সু-স্বাস্থ্যৰে ভালে থাকক তাৰেই কামনাৰে ....

ডিপিৰ পৰা ....🙏

#গীতালী_তামুলী.....
০৬/০৬/২০২৫

Highlights

02/06/2025

🙏❤ #প্ৰতিযোগিতাৰ_ফলাফল

আমি এন্ধাৰ বিনাশী পোহৰ বিচাৰি যাওঁ
এখন সেউজীয়া পৃথিৱী নিজ হাতে গঢ় দিওঁ

পোহৰৰ উৎসৱ দীপান্বিতাত অনেক পোহৰমুখী মুখে উত্তৰণ, প্ৰজ্ঞা প্ৰয়াসী মঞ্চত অনুষ্ঠিত কৰা "দেৱালী বিশেষ ফটো প্ৰতিযোগিতা"২০২৪ত সৰ্বাধিক ৪৭গৰাকী প্ৰতিযোগীয়ে যোগদান কৰি প্ৰতিযোগিতাখনৰ জেউতি চৰাইছিল ।

যিহেতু প্ৰতিযোগিতা গতিকে সুবিচাৰেৰে আমালৈ ফলাফল আগবঢ়ালে, #আঞ্চলিক_দন্ত_চিকিৎসা_মহাবিদ্যালয়_গুৱাহাটীৰ_এণ্ডডন্টিকচ্_বিভাগৰ_মুৰব্বী_অধ্যাপিকা_শ্ৰদ্ধাৰ_ডাঃ(ডঃ) #ৰুবী_কটকী_বাইদেউৱে।
জন্মসূত্রে গুৱাহাটীৰ ৰাজগড় নিবাসী ড: ৰু‌বী কটকীৰ পিতৃ প্রয়াত #ললিত চন্দ্ৰ কটকী আৰু মাতৃ স্বর্গীয়া #বাসন্তী কটকী। বর্তমান আঞ্চলিক দন্ত-চিকিৎসা মহাবিদ্যালয়ত বিভাগীয় মূৰব্বী অধ্যাপিকাৰূপে কার্যনির্বাহ কৰি থকা ড: কটকীয়ে ২০০৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা #ডক্টৰেট_ডিগ্রী লাভ কৰে। #শ্ৰীমন্ত_শংকৰদেৱ_স্বাস্থ্যবিজ্ঞান_বিশ্ববিদ্যালয়ৰ, দন্তস্বাস্থ্য বিভাগৰ ডীন হিচাপে দায়িত্বৰত ডা: কটকীয়ে বিগত সময়ছোৱাত বিভিন্ন বিষয়ত ভালেমান গুৰুত্বপূৰ্ণ লেখা প্রকাশ কৰিছে। ' #আমাৰ অসম', 'খবৰ', 'এদিনৰ সংবাদ', 'দৈনিক বাতৰি', 'দৈনিক জনমভূমি', 'দৈনিক অসম', 'নিয়মীয়া বার্তা', 'সাদিন', 'অসম বাণী' আদি বাতৰিকাকত আৰু আলোচনীত দাঁতৰ ৰোগ আৰু পৰিচৰ্যা বিষয়ক লেখাৰ উপৰি বিভিন্ন বিষয়ত সুখপাঠ্য ৰচনা লিখি পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। কেৱল এগৰাকী দন্ত চিকিৎসক হিচাপেই নহয়, ডা: কটকীয়ে সুলেখিকা হিচাপেও ইতিমধ্যে সুনাম অর্জন কৰিছে। #ডাঃকটকীৰ বৰ্তমানলৈকে প্রকাশিত #গ্রন্থসমূহ হ'ল:
১/ 'আমাৰ দুপাৰি দাঁত' (২০০৮)
২/ 'দাঁত আৰু সৌন্দর্য' (২০০৯)
৩/'জীৱনৰ স্নেপশ্বট(২০১১)
৪/পাখি লগা মন' (২০১১)
৫/ 'যমল' (হোমেন বৰগোহাঞিৰ লগত যুটীয়াভাবে, ২০১১)
৬/'তপত জুৰি' (২০১২)
৭/'একুৰি চিকিৎসকৰ একুঁকি গল্প' (সম্পাদনা গ্রন্থ, ২০১৩)
৮/ 'মানুহ, প্রকৃতি আৰু কিছু নষ্টালজিয়া' (২০১৫)
৯/দাঁতৰ কথা, দাঁতৰ দিহা(২০১৭)
১০/আন্দোলন(উপন্যাস)(২০২০)
১১/দুখৰ আঁৰৰ সুখ(২০২১)
১২/ ‘অকণিৰ কবিতা’(২০২১)
১৩/আঞ্চলিক দন্ত-চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড: বি.আৰ ভূঞা সম্পাদিত গ্ৰন্ঠ আৰু
১৪/'সন্তানৰ দাঁতৰ যতন কেনেদৰে ল’ব’( শিশুৰ দাঁতৰ যতন)(২০২৫)।
#উল্লেখযোগ্য যে 'আমাৰ দুপাৰি দাঁত', 'দাঁত আৰু সৌন্দর্য' আৰু ‘দাঁতৰ কথা, দাঁতৰ দিহা’ নামৰ দন্ত চিকিৎসা সম্পকীয় গ্রন্থৰ বাবে ড: কটকীয়ে ২০০৯, ২০১৪ আৰু ২০২৪ চনত অসম লেখিকা সন্থাৰ বিশেষ বঁটা লাভ।তাৰোপৰি ২০২৪ চনৰ চেপ্তেম্বৰ মাহত, ডিব্ৰুগড়ত অনুষ্ঠিত #লেখিকা_সন্থা, অসমৰ দ্বিবাৰ্ষিক অধিবেশনত ড: কটকীৰ ‘অকণিৰ কবিতা’ পুথিখনে #বিশেষ বটা লাভ কৰে।
বাইদেউৰ বহুমূলীয়া সময় আমাক দি সুক্ষ্ম বিচাৰেৰে ফলাফল আগবঢ়াই দিয়াৰ বাবে তেখেতলৈ আমাৰ #ভক্তিভৰা সেৱা আৰু কৃতজ্ঞতা জনালোঁ।

প্ৰতিযোগিতাখনৰ স্থানপ্ৰাপ্ত সকলক আন্তৰিক অভিনন্দন আৰু অংশগ্ৰহণকাৰী শুভাকাংক্ষী সদস্যবৃন্দক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতাখন সফল কৰি তোলা প্ৰতিগৰাকী উত্তৰণৰ সদস্যৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'লো।

#বৰ্ণালী_তামুলী🙏
পৰিচালিকা
দেৱালী বিশেষ ফটো প্ৰতিযোগিতা
"উত্তৰণ প্ৰজ্ঞা প্ৰয়াসী মঞ্চ " অসম
চিন্তামনি মহন্ত
গোট প্ৰশাসক🙏
০২.০৬.২০২৪


Highlights

Address

Dergaon

Telephone

+918638461941

Alerts

Be the first to know and let us send you an email when উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to উত্তৰণ,প্ৰজ্ঞা প্ৰয়াসী মঞ্চ DKDC:

Share