01/09/2026
ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ বুলি আমি সকলোৱে জানো বিশ্বাস কৰো কাৰণ তেওঁৰ ঈশ্বৰৰ গুণ আছিল আৰু সেই আমি আজিও কিছুমান অলৌকিক ঘটনা দেখা পাইছো। গতিকে এজন ঈশ্বৰ পুত্ৰৰ অন্তৰ আত্মা ঈশ্বৰৰ দৰে হ'ব । হিন্দুক বোলে ভগৱানে সৃষ্টি কৰিলে,খ্ৰীষ্টানক ঈশ্বৰে সৃষ্টি কৰিলে,মুছলমানক আল্লাই সৃষ্টি কৰিলে। তিনিজন সৃষ্টি কৰ্তা তিনি ধৰ্মৰ লোকক সৃষ্টি কৰিলে তেন্তে কৰবাতটো কিবা প্ৰাৰ্থক্য সাদৃশ্য থাকিব লাগিব। সকলোটো একে হ'ব নোৱাৰে। আৰু যদি কোনো প্ৰাৰ্থক্য সাদৃশ্য নাই তেন্তে কোনো এজনেই সকলোকে সৃষ্টি কৰিব লাগিব। যদি এজন সৃষ্টিকৰ্তাৰ সৃষ্টি আমি তেন্তে সেই সৃষ্টিকৰ্তাই সকলোকে সমান দৃষ্টিৰেই চাব। এজন পিতৃৰ সন্তানক পিতৃয়ে নিজৰ সন্তানৰ দৰে সকলোকে প্ৰেম মৰম কৰিব তাত কোনো ভাগ নাৰাখে। গতিকে জুবিন দা ঈশ্বৰৰ পুত্ৰ সেই জুবিন দাৰ অন্তৰত কোনো ভেদভাৱ নাছিল। আৰু জুবিন দাই বিচাৰিছিল সকলোৰে অন্তৰ মন এক হোৱাটো। সেই জুবিন দাৰে মনলৈ এই ভাৱ আহিছিল যে মানুহ হ'লে চৰাই দৰে হ'ব লাগে যাতে মছজিদটো পৰিব পাৰি,মন্দিৰটো পৰিব পাৰি আৰু নামঘৰটো পৰিব পাৰি। জুবিন দাৰ এই ভাৱনাৰ মাজত গভীৰতা সোমাই আছে। আৰু জুবিন দাৰ মৃত্যুৰ পিছত বহুতো দুৰ্ঘটনা হোৱা আৰম্ভ হৈছে ,প্ৰকৃতিৰ প্ৰলয় দেখিব পোৱা গৈছে এনে ঠাইত য'ত কেতিয়াও বানৰ দৰে প্ৰকৃতিৰ প্ৰলয় অহা নাছিল। ঈশ্বৰ পুত্ৰ জুবিন দাৰ ভাৱনা সমুহ বুজি পোৱাটো প্ৰয়োজন আছে বুলি মই ভাৱো। ৰাইজ একমত নে? যদি একমত জনাব।