Dergaon update

Dergaon update " ওঁপজা মাটিৰ শুদ্ধ খবৰ
নিভীক,সাঁহসী,আৰু স্পষ্টবাদীয়েই মোৰ পৰিচয় "
খবৰৰ সন্ধানত আমি সদায় নিৰপেক্ষ
আপোনাৰ খবৰ আমাৰ বিষয়
ফোন কৰক 8011759119 নম্বৰলৈ।

✍️মোৰ দৃষ্টিত হিমন্তবিশ্বশৰ্মা ছাৰ অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী নেকি, যিগৰাকী মুখ্যমন্ত্ৰীয়ে মানৱসেৱা কৰাৰ  সপোন দেখি অসমৰ...
23/07/2026

✍️মোৰ দৃষ্টিত হিমন্তবিশ্বশৰ্মা ছাৰ অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী নেকি, যিগৰাকী মুখ্যমন্ত্ৰীয়ে মানৱসেৱা কৰাৰ সপোন দেখি অসমৰ মুখ্যমন্ত্ৰী হৈছিল, আৰু যোৱাকালি আমি সকলোৱেই স্পষ্ট সেই ছবিখন দেখিবলৈ পালো,
যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বশৰ্মা ছাৰে ব্যক্তিক্ৰমী ৰূপত দেৰগাঁৱ লাচিত বৰফুকন পুলিচ একাডেমিত নিশা কটাই উজনি অসমৰ বান পৰিস্থিতিৰ সৈতে মোকামিলা কৰা ৰাইজৰ কাষত সগৌৰৱেৰে থিয় হয় ।
👉এক কথাত কবলৈ গলে পুৰ্বৰ মুখ্যমন্ত্ৰীৰ দৰে কেৱল হেলিকপ্তাৰৰ পৰা অসমৰ বান পৰিস্থিতিৰ বুজ লোৱা নাই বাণৰ বিভীষিকা ময় পৰিস্থিতিৰ মাজতো যোৰহাট চৰাইদেউ, শিৱসাগৰ নাজিৰা ৰাইজৰ বিপদৰ সময়ত কাষত থাকি মত বিণিময় কৰে মোৰ চেনেলৰ বাবে ইয়াত কৈ ভালখবৰ একো হব নোৱাৰে ।
CMO Assam
Himanta Biswa Sarma
Dergaon update

✍️ শিৱসাগৰ,নাজিৰা,টিয়ক ৰ বানৰ ভয়াবহ ৰূপৰ কেইখনমান অতি হৃদয়বিদাৰক দৃশ্য ।     Dergaon update
20/07/2026

✍️ শিৱসাগৰ,নাজিৰা,টিয়ক ৰ বানৰ ভয়াবহ ৰূপৰ কেইখনমান অতি হৃদয়বিদাৰক দৃশ্য ।


Dergaon update

✍️ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে কানাইঘাটত উফন্দি উঠিছে কালিয়নী নদীৰ জলস্তৰ ।👉বিপদসীমাৰ উপৰৰে বৈছে কালিয়নী নদীৰ জলস্তৰ।De...
20/07/2026

✍️ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে কানাইঘাটত উফন্দি উঠিছে কালিয়নী নদীৰ জলস্তৰ ।
👉বিপদসীমাৰ উপৰৰে বৈছে কালিয়নী নদীৰ জলস্তৰ।
Dergaon update

✍️নেৰেনেপেৰা বৰষুণত উজনিত সৃষ্টি হৈছে জলপ্ৰলয়ৰ। 👉নাজিৰা, আমগুৰি, যোৰহাট, সোণাৰিত প্ৰৱল বান। 👉বিপদসীমাৰ ওপৰৰে বৈছে জাঁজী,...
20/07/2026

✍️নেৰেনেপেৰা বৰষুণত উজনিত সৃষ্টি হৈছে জলপ্ৰলয়ৰ।
👉নাজিৰা, আমগুৰি, যোৰহাট, সোণাৰিত প্ৰৱল বান।
👉বিপদসীমাৰ ওপৰৰে বৈছে জাঁজী, দিখৌ।
👉যোৰহাটত ছিগিল ভোগদৈ নৈৰ মথাউৰি।
Dergaon update

✍️আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ দেবাদিদেৱ মহাদেৱৰ চৰণত কৌটি কৌটি প্ৰণাম জনালোঁ ।🙏🏼হৰ হৰ মহাদেৱ 🙏🏼     Dergaon upda...
20/07/2026

✍️আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ দেবাদিদেৱ মহাদেৱৰ চৰণত কৌটি কৌটি
প্ৰণাম জনালোঁ ।
🙏🏼হৰ হৰ মহাদেৱ 🙏🏼



Dergaon update

✍️১৯৯৯ চনৰ ভাৰত-পাক কাৰ্গিল যুদ্ধৰ কথা প্ৰতিজন ভাৰতীয়ৰে মনত আছে। ১৯৯৯ চনৰ আজি দিনটোতে দেশ মাতৃৰ সেৱাত ব্ৰতী থকাৰ সময়তে শ...
30/06/2026

✍️১৯৯৯ চনৰ ভাৰত-পাক কাৰ্গিল যুদ্ধৰ কথা প্ৰতিজন ভাৰতীয়ৰে মনত আছে। ১৯৯৯ চনৰ আজি দিনটোতে দেশ মাতৃৰ সেৱাত ব্ৰতী থকাৰ সময়তে শ্বহীদ হৈছিল অসমৰ বীৰ গোলাঘাটৰ সন্তান কেপ্তেইন জিন্তু গগৈ। আজি কাৰ্গিল যুদ্ধৰ অসম সন্তান মহান বীৰ শ্বহীদ গৰাকীলৈ তেখেতৰ পূণ্য মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।কাৰ্গিল যুদ্ধৰ এই মহান বীৰ গৰাকী আমাৰ গৌৰৱ আৰু প্ৰেৰণাৰ উৎস ।
"কেপ্তেইন জিন্তু গগৈ অমৰ হওঁক"।
জয় হিন্দ।
জয় আই অসম।
Dergaon update

✍️প্ৰকৃতিৰ বুকুলৈ এন্ধাৰ নামি অহাৰ লগে লগেই যেন নিজৰ্ণতাই গ্ৰাহ কৰিছে নীলাচলৰ বুকু ।👉 সামৰণি পৰিল এইবাৰৰ মহাকুম্ভ মেলাৰ ...
26/06/2026

✍️প্ৰকৃতিৰ বুকুলৈ এন্ধাৰ নামি অহাৰ লগে লগেই যেন নিজৰ্ণতাই গ্ৰাহ কৰিছে নীলাচলৰ বুকু ।
👉 সামৰণি পৰিল এইবাৰৰ মহাকুম্ভ মেলাৰ মহাযোগ।
আমাৰ হাতত পৰা তথ্য অনুসৰি বিগত ৪ দিনত প্ৰায় ৮.৫ লাখ ভক্তৰ সমাগমেৰে এক আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ পৰ্য্যটন বিভাগলৈ।
👉 সম্পূৰ্ণ শৃংখলাবদ্ধতাৰ মাজেৰে সম্পন্ন হ'ল মহাযোগৰ সময় ।সকলোলৈ মা ভগৱতীৰ কৃপা দৃষ্টি থাকক ।

"কামাখ্যাে কাম সম্পন্নে
কামেশ্বৰী হৰপ্ৰিয়ে ,
কামনাং দেং হি মে নৃত্যং
কামেশ্বৰী নমস্তুতেঃ ।।"

🙏জয় মা কামাখ্যা 🙏

✍️উদুলি মুদুলি আজি নীলাচলৰ বুকু, একপ্ৰকাৰে ভক্তিৰসত যেন  কম্পমান আজি নীলাচলৰ আকাশ‌ বতাহ ।      শক্তিৰ আন এটা নাম মা কামা...
24/06/2026

✍️উদুলি মুদুলি আজি নীলাচলৰ বুকু, একপ্ৰকাৰে ভক্তিৰসত যেন কম্পমান আজি নীলাচলৰ
আকাশ‌ বতাহ ।
শক্তিৰ আন এটা নাম মা কামাখ্যা, প্রাচীন কালৰে পৰাই অসমত প্ৰচলিত হৈ অহা লোকাচাৰ অম্বুবাচীৰ মহাযোগ যোৱা কালিৰ পৰা আৰম্ভ হৈছে। ভাৰতৰ (৫১)খন জাগ্ৰত শক্তিপীঠৰ ভিতৰত অন্যতম পীঠস্থান কামাখ্যাতেই উদযাপন কৰা হয় অম্বুবাচী মেলা। কামাখ্যাৰ অম্বুবাচীৰ মহত্ব কেৱল অসমতেই সীমাবদ্ধ হৈ নাথাকি আজি সমগ্ৰ বিশ্বতে প্ৰসাৰিত আৰু প্ৰচাৰিত হৈছে।
নীলাচলৰ বুকুত অৱস্থিত শক্তিপীঠ মা কামাখ্যাৰ এই অম্বুবাচী মেলাৰ বাবে ইতিমধ্যে কামাখ্যা মন্দিৰ সঁজাই-পৰাই তোলা হৈছে। অম্বুবাচী বুলি ক'লেই কামাখ্যালৈ ভাৰতৰ বিভিন্ন ঠাইৰ লোকৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটে। অম্বুবাচীৰ সময়ছোৱাত কামাখ্যালৈ বিভিন্ন বেশ-ভূষাৰ সাধু-সন্ন্যাসী আদি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। একপ্ৰকাৰে এই মেলাতেই সাধু সন্নাসীৰ শ শ বছৰৰ তপস্যাৰ ফল স্বৰুপে জাগ্ৰত হৈ উঠে তেওঁলোকৰ তন্ত্ৰ মন্ত্ৰৰ শক্তি, এই সাধু-সন্ন্যাসীৰ অলৌকিক চৰিত্ৰই অম্বুবাচী মেলাৰ সময়ত সাধাৰণ লোকৰ মাজত সৃষ্টি কৰে আলোড়নৰ।
অম্বুবাচী মেলাই সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় বুলি ক'লেও অতিৰিক্ত নহ'ব। হিন্দু ধর্মৰ বাহিৰেও আন সম্প্ৰদায়ৰ লোকো কামাখ্যাৰ প্ৰাঙ্গণৰ অম্বুবাচী মেলালৈ যায়। সমান্তৰালকৈ, ৰাজ্যৰ পৰ্যটনৰ দিশতো অম্বুবাচী মেলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। শক্তিপীঠ মা কামাখ্যাৰ এই পূণ্যতিথিত Dergaon update চেনেলৰ তৰফৰ ফালৰ পৰাওঁ নিবেদিছো ভক্তিভৰা সেৱা ।
🙏🏼জয় মা কামাখ্যা 🙏🏼

✍️আজি ২০ জুন ৰাভা দিৱস, জীৱন কালতে কিম্বদন্তিত পৰিণত হোৱা "একমেব দ্বিতীয়ম" এইগৰাকী বিপ্লৱী চেতনাস্ৰোতৰ চিৰন্তন বাৰ্তাবা...
20/06/2026

✍️আজি ২০ জুন ৰাভা দিৱস, জীৱন কালতে কিম্বদন্তিত পৰিণত হোৱা "একমেব দ্বিতীয়ম" এইগৰাকী বিপ্লৱী চেতনাস্ৰোতৰ চিৰন্তন বাৰ্তাবাহকক আজিৰ দিনটোত ৰজা প্ৰজা সকলোৱেই শ্ৰদ্ধাৰে সুঁৱৰিব।
বিষ্ণু প্ৰসাদ ৰাভাই অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জ্ঞাপন কৰি ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। ১৯৬৯ চনৰ ২০ জুন তাৰিখে তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল ।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী "শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু" । বিষ্ণু প্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল ।
বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। "সংগীত, নৃত্য, চিত্ৰকলা," আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও বহু কাম কৰি থৈ গৈছে । লগতে তেওঁ বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। আজি ৰাভা দিৱসৰ এই শুভক্ষণত Dergaon update চেনেলৰ ফালৰ পৰা ৰাভাদেৱৰ পুণ্যতিথিত সহস্র প্রণাম । ৰাভাদেৱৰ আৰ্দশ সাহিত্য কৃষ্টি সংস্কৃতি অসমীৰ প্ৰাণত চিৰকাললৈ বৈ থাকিব ।
#ৰাভা_দিৱস

Address

Golaghat
Dergaon
785614

Alerts

Be the first to know and let us send you an email when Dergaon update posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share