05/09/2026
শুভেচ্ছা আৰু নমস্কাৰ!
৪ ছেপ্টেম্বৰ ২০২৬ আমাৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন। শিশুৰ আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলৰ বাবে ২৭ নৱেম্বৰক আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত বিবেচনা কৰা হৈছে।
২০২৬ চনৰ মাৰ্চ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মহিলা মৰ্যাদা বিষয়ক আয়োগৰ অধিৱেশনত ‘জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন’ৰ প্ৰতিষ্ঠাপক ভূৱন ৰিভু ডাঙৰীয়াই বাল্য বিবাহ নিৰ্মূলৰ বাবে বিশ্বজুৰি পদক্ষেপ ত্বৰান্বিত কৰিবলৈ এটা আন্তঃৰাষ্ট্ৰীয় দিৱস প্ৰতিষ্ঠাৰ আহ্বান জনাইছিল। আজি সেই আহ্বানেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে।
এই মুহূৰ্তত আমি আন্তৰিকতাৰে স্মৰণ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ সেই সকলো Stakeholder আৰু সহযোগীলৈ, যিসকলে শিশুৰ সুৰক্ষা আৰু বাল্য বিবাহ প্ৰতিৰোধৰ এই যাত্ৰাত আমাৰ সৈতে দৃঢ়ভাৱে থিয় দিছে।
বিশেষকৈ আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, গাঁওপ্ৰধানসকল, পঞ্চায়ত সচিৱসকল, শিশু কল্যাণ সমিতিৰ বিষয়ববীয়াসকল, জিলা শিশু সুৰক্ষা গোটৰ বিষয়ববীয়াসকল, আৰক্ষী বাহিনী, চৰকাৰী বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী, সমাজকৰ্মী, স্বেচ্ছাসেৱক, সমাজৰ নেতৃবৃন্দ আৰু সকলো সচেতন নাগৰিকলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ সময়োচিত হস্তক্ষেপ, সচেতনতা সৃষ্টি, তথ্য প্ৰদান, উদ্ধাৰ আৰু সংৰক্ষণমূলক পদক্ষেপ, পৰামৰ্শ, সমন্বয় আৰু নিৰন্তৰ সহযোগিতাই বহু শিশুক বাল্য বিবাহৰ পৰা সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই স্বীকৃতি কোনো এজন ব্যক্তি বা এটা সংগঠনৰ একক সফলতা নহয়; ই তৃণমূল পৰ্যায়ত শিশুৰ বাবে কাম কৰি অহা প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিটো প্ৰতিষ্ঠানৰ সামূহিক প্ৰচেষ্টাৰ স্বীকৃতি।
প্ৰতিগৰাকী সুৰক্ষিত শিশু, প্ৰতিটো প্ৰতিৰোধ কৰা বাল্য বিবাহ আৰু প্ৰতিগৰাকী শিশুৱে শিক্ষা লাভ কৰি নিজৰ সপোন পূৰণ কৰাৰ সুযোগ পোৱাটো—আমাৰ সকলোৰে যৌথ সফলতা।
আহক, আমি একেলগে এই যাত্ৰা আগুৱাই লৈ যাওঁ আৰু এনে এখন সমাজ গঢ়ি তোলোঁ, য’ত প্ৰতিগৰাকী শিশু সুৰক্ষিত, শিক্ষিত, মৰ্যাদাপূৰ্ণ আৰু বাল্য বিবাহৰ পৰা মুক্ত হৈ ডাঙৰ হ’ব পাৰে।
এই যাত্ৰাৰ অবিচ্ছেদ্য অংশ হৈ থকাৰ বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
SATRA NGO
Biswajit Deep