News Today Axom

News Today Axom News

06/09/2026
06/09/2026

শোণিতপুৰ ঢেকীয়াজুলিৰ জুলিয়া চাহ বাগিছাৰ চাহ শ্ৰমিকৰ সন্তান মানৱ তাঁতি নামৰ এগৰাকী দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰই এইবেলি নীট পৰীক্ষাত ৩৭৫ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত এম বি বি এচ পাঠ্যক্ৰম পঢ়িবলৈ আসন লাভ কৰাত আনন্দিত হৈ পৰিছে দুখীয়া পৰিয়ালটোৰ লগতে বাগিচা খনৰ স্হানীয় লোকসকল ৷

05/09/2026

ৰৌমাৰী মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক চিৰাজুলি সত্ৰ নিবাসী শ্ৰীযুত অমৃত দাসক শিক্ষক দিৱসৰ দিনটোত তেখেতৰ বাসগৃহলৈ গৈ প্ৰণাম জনালে ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি তথা তেখেতৰ ছাত্ৰ ভগৱান বৈশ্য ই৷

05/09/2026

ঢেকীয়াজুলিত নটৰাজ ডাঞ্চ একাডেমীৰ
শুভ উদ্বোধন । শুভ উদ্বোধন কৰিলে ঢেকীয়াজুলি সমজিলা আয়ুক্তই ।

04/09/2026

ছহীদ নগৰী ঢেকীয়াজুলিত বিশ্ব হিন্দু পৰষদ;ঢেকীয়াজুলি প্ৰখণ্ডৰ সৌজন্যত ঢেকীয়াজুলি শ্বহীদ ময়দান প্ৰাঙ্গণত দিনজোৰা বিস্তৃত কাৰ্য্যসুচীৰে উদযাপন কৰা হয় শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী ৷অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ কণ কণ ছাত্ৰছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা;শিশু ক্‌ষ্ণ প্ৰতিযোগিতা; কুইজ প্ৰতিযোগিতা আৰু ৰাধাকৃষ্ণ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয়৷

03/09/2026

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যব্‌দ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতীকী “শৱযাত্ৰাৰে“ঢেকীয়াজুলিত অভিনৱ প্ৰতিবাদ৷

মূল্যব্‌দ্ধি হ্ৰাস কৰাৰ দাবীত খাদ্য; ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ "শৱযাত্ৰা"

02/09/2026

স্বাধীনতাৰ ৮০ বছৰৰ পিছতো চৰকাৰৰ কোনো উন্নয়ন মূলক আঁচনিয়ে ঢুকি নোপোৱা এটা দুৰ্দশা গ্ৰস্ত দুখীয়া পৰিয়ালৰ এইয়া কৰুণ ছবি।এটা উৱলি যোৱা জৰাজীৰ্ণ ঘৰত দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে এটা তিনি জনীয়া দুখীয়া পৰিয়ালে । বিকশিত অসমৰ এইয়া উন্নয়নৰ জলন্ত প্ৰতিচ্ছবি।এই দৃশ্য বৰছলা বিধানসভা সমষ্টিৰ বিহগুৰি গাওঁ পঞ্চায়ত অন্তৰ্গত নিজ বিহগুৰি গাৱঁৰ ।
দুখ সহিব নোৱাৰি নিজ বিহগুৰি শ্ৰমিক সংঘই পৰিয়ালটোক সাজি দিলে এটা ঘৰ ।

01/09/2026

আপুনি ফাষ্ট ফুড প্ৰেমী নেকি ? ঘৰতে বহি গৰমাগৰম মম;চাওমিন;বিৰিয়ানী বা পিজাৰ সোৱাদ ল‘ব বিছাৰে নেকি ? ঘৰতে বহি থাকি প্ৰয়োজনীয় গেলামালৰ সা সামগ্ৰী ল’ব বিছাৰে নেকি ?
QUICK MART ASSAM নামৰ এপটোৱে লৈ আহিছে আপোনাৰ বাবে এই বিশেষ সুবিধা৷ আজিয়েই ডাউনলোড কৰক Quick Mart Assam আৰু যোগাযোগ কৰক 8724996718 নম্বৰত ।

01/09/2026

স্বাধীনতাৰ ৮০ বছৰৰ পিছতো মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰা ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত ২ নং সন্মিলনৰ পৰা ৰৌমাৰী; ৰাক্ষসমাৰী;হুগ্ৰাজুলি সংযোগী এটা পথৰ দুৰাবস্হা ৷ পথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদ্‌শ বিশাল গাত ।
যাতায়তৰ নামত ৰাইজৰ চৰম দুৰ্ভোগ৷

Address

Dhekiajuli/Sonitpur/
Dhekiajuli

Website

Alerts

Be the first to know and let us send you an email when News Today Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Today Axom:

Shortcuts

Share