Headline Dhekiajuli

Headline Dhekiajuli We Are Here To Give You Photographs,News,Videos Updates About Happening All Around Dhekiajuli.

লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ সমীপতে থকা দলংৰ ৰেলিঙ ভাঙি সোমাল এখন AS07BC8223 নম্বৰৰ টেংকাৰ। ভাগ্যক্ৰমে ৰক্ষা পৰ...
17/01/2025

লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ সমীপতে থকা দলংৰ ৰেলিঙ ভাঙি সোমাল এখন AS07BC8223 নম্বৰৰ টেংকাৰ। ভাগ্যক্ৰমে ৰক্ষা পৰিল টেংকাৰখনৰ চালক আৰু হেণ্ডিমেন।

চিৰাজুলি ড’নবস্ক হায়াৰ ছেকেণ্ডাৰী স্কুল কতৃপক্ষৰ শিক্ষক ঋত্বিক বৰুৱাৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল।
15/01/2025

চিৰাজুলি ড’নবস্ক হায়াৰ ছেকেণ্ডাৰী স্কুল কতৃপক্ষৰ শিক্ষক ঋত্বিক বৰুৱাৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল।

📌চিৰাজুলি ড’নবস্ক হায়াৰচেকেণ্ডাৰী স্কুলৰ কাণ্ডত উদিগ্ন স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘাল।📌 নিশাই চেবা অধ্যক্ষ ৰম...
15/01/2025

📌চিৰাজুলি ড’নবস্ক হায়াৰচেকেণ্ডাৰী স্কুলৰ কাণ্ডত উদিগ্ন স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘাল।
📌 নিশাই চেবা অধ্যক্ষ ৰমেশ জৈন, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে মন্ত্ৰী অশোক সিংঘালে।
📌আজি পুৱাই বিদ্যালয় কৰ্তৃপক্ষৰ লগতে বিভাগীয় কেইবাগৰাকী বিষয়া মন্ত্ৰীৰ নিৰ্দেশত গুৱাহাটীলৈ ৰাওঁনা।

14/01/2025

📌ঢেকিয়াজুলিৰ চিৰাজুলিস্থিত ড’নবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচক কাণ্ড।
📌 ৪৭ গৰাকী শিক্ষাৰ্থীৰ পৰা পঞ্জীয়নৰ মাচুল লৈ অনলাইন পঞ্জীয়ন নকৰিলে বিদ্যালয় কৰ্তৃপক্ষই। এডমিট কাৰ্ড বৰ্তমানলৈ হাতত নপৰাত শংকিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলো ৷
📌 এই অক্ষমনীয় অপৰাধ কৰা পঞ্জীয়ন বিভাগৰ দায়িত্বত থকা বিদ্যালয়খনৰ বিষয় শিক্ষক ঋত্বিক বৰুৱাক গ্ৰেপ্তাৰৰ দাবী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ পৰা ইতিবাচক ফলাফল লাভ নকৰিলে আছুৰ প্ৰতিবাদৰ হুংকাৰ।
📌 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালৰ লগতে শিক্ষামন্ত্ৰীৰ গৰাকীৰো হস্তক্ষেপৰ দাবী অভিভাৱক,শিক্ষাৰ্থী আৰু আছুৰ।

NEWS CREDIT: Kalpajyoti Nath

ভোগালী বিহুৰ শুভেচ্ছাৰে
14/01/2025

ভোগালী বিহুৰ শুভেচ্ছাৰে

12/01/2025

📌 কাইলৈ উৰুকা। আজি উৎসৱমুখৰ পৰিৱেশত শীতেৰে সেমেকা নিশা জুইৰ উত্তাপলৈ বালিশিহাবাসী ৰাইজ ব্যস্ত ভোগালী এনিশাত।

📌 ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি -সম্পাদক হৰিচৰণ তালুকদাৰ আৰু চন্দ্ৰ কান্ত গোস্বামীৰ মৃত্যু বাৰ্ষিকী উপলক্ষ...
12/01/2025

📌 ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি -সম্পাদক হৰিচৰণ তালুকদাৰ আৰু চন্দ্ৰ কান্ত গোস্বামীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আজি দুয়োগৰাকী সাংবাদিকৰ স্মৃতিত প্ৰেছ ক্লাবে বক্তৃতানুষ্ঠানৰ আয়োজন কৰে।‌ ''অসম তথা ভাৰতৰ সাম্প্ৰতিক সাংবাদিকতা: প্ৰত্যাহ্বান আৰু সম্ভাৱনা ' -শীৰ্ষক বিষয়ত এই বক্তৃতা প্ৰদান কৰে 'আমাৰ অসম ' কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই আৰু উদ্বোধনী ভাষণ প্ৰদান কৰে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰীয়ে।

12/01/2025

📌৭৫ বছৰীয়া হ'ল নেতাজী বিদ্যা মন্দিৰ,ঢেকিয়াজুলি।
স্বামী বিবেকানন্দৰ ওপজা দিনটোতেই ৭৫ খন পতাকা উত্তোলন অনুষ্ঠানত একলগ হলে ন-পুৰণি সকলো ছাত্ৰ ছাত্ৰী।

📌শোনিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫২ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু উত্তৰ ঢেকিয়াজুলি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৭...
12/01/2025

📌শোনিতপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫২ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু উত্তৰ ঢেকিয়াজুলি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৭ সংখ্যক বাৰ্ষিক অধিবেশনৰ মুকলি সভা যোৱা ১১/০১/২৫ তাৰিখে অনুস্থিত হয়।

🔴 অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰে নিখিল বড়ো ছাত্ৰ সন্থা (ABSU)ৰ উপদেষ্টা, শ্ৰী খুংখৰা স্বৰ্গীয়াৰীয়ে।

🔴 উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল, বি.টি.আৰ. প্ৰধান প্ৰমোদ বড়ো, দ্বিপেন বড়ো সভাপতি নিখিল বড়ো ছাত্ৰ সন্থা (ABSU) ।

📌ঢেকিয়াজুলিৰ ১নং বছাশিমলু গাওঁত বাঘৰ আতংক।📌এগৰাকী মহিলাক আক্ৰমণ কৰে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে৷ আহত মহিলাগৰাকী তেজপ...
11/01/2025

📌ঢেকিয়াজুলিৰ ১নং বছাশিমলু গাওঁত বাঘৰ আতংক।
📌এগৰাকী মহিলাক আক্ৰমণ কৰে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে৷ আহত মহিলাগৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন।
📌 ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটো বিচাৰি বন বিভাগে অভিযান চলাই যদিও বাঘটো মাকৈ খেতিৰ মাজত অৱস্থান কৰাৰ সন্দেহ।

ঢেকিয়াজুলিৰ আলিচিঙাত ভয়ংকৰ পথ দূৰ্ঘটনা। মণিপুৰৰ পৰা বিহাৰ অভিমুখী MN-01-2174 নম্বৰৰ নৈশ বাছ আৰু PB05AB-2619 নম্বৰৰ ট্ৰাক...
10/01/2025

ঢেকিয়াজুলিৰ আলিচিঙাত ভয়ংকৰ পথ দূৰ্ঘটনা। মণিপুৰৰ পৰা বিহাৰ অভিমুখী MN-01-2174 নম্বৰৰ নৈশ বাছ আৰু PB05AB-2619 নম্বৰৰ ট্ৰাকৰ সৈতে মূখামুখি সংঘৰ্ষ।নৈশ বাছৰ যাত্ৰী সামান্য ভাৱে আহত হোৱাৰ লগতে চালকদ্বয় গুৰুত্বৰ ভাৱে আহত হয়।ঘটনাস্থলীত ঢেকিয়াজুলি যানবাহন আৰক্ষী উপস্থিত হৈ সুকলমে উদ্ধাৰ কৰে আহত যাত্ৰীসকলক।

Address

Dhekiajuli
784110

Website

Alerts

Be the first to know and let us send you an email when Headline Dhekiajuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share