
19/01/2025
অতি দুখজনক খবৰ!
আমাৰ মৰমৰ শিল্পী, গীতিকাৰ তথা সুৰকাৰ, সকলোৰে পৰিচিত আৰু হিয়াৰ আমঠু কণ্ঠশিল্পী লেখন কুম্বাং ৰ দুটা কিডনি বিকল হোৱা খবৰে অসমবাসী, বিশেষকৈ মিচিং সমাজক গভীৰভাবে আঘাত কৰিছে।
তেখেতক তামিলনাডুৰ KMCH হস্পিটালত ভৰ্তি কৰাব লাগে বুলি জানিব পৰা গৈছে। কিন্তু অধিক দুখৰ বিষয়টো হৈছে—নতুন কিডনি সংস্থাপন কৰিবলৈ বহু লক্ষ্যাধিক টকাৰ প্ৰয়োজন হৈছে। আৰ্থিক অভাৱৰ বাবে এই অপাৰেশ্যন এতিয়ালৈকে আৰম্ভ কৰিব পৰা হোৱা নাই বুলি জনা গৈছে।
তেওঁৰ চিকিৎসাৰ বাবে এতিয়া অসমৰ জনসাধাৰণ আৰু মিচিং সমাজৰ পৰা সহায় বিচাৰি অনুৰোধ জনাইছোঁ। আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো, আমাৰ মৰমৰ শিল্পী লেখন কুম্বাংক যিমানেই সম্ভৱ সহায় আগবঢ়াই দিয়ে। তলত তেখেতৰ সহায়ৰ বাবে যোগাযোগ নম্বৰ আৰু বেংকৰ তথ্য উল্লেখ কৰা হৈছে।
Gpay নম্বৰ: 8724947571(Due to UPI Limitations, you are requested to directly send through bank account details below 👇)
Account Number: 31953400404
IFSC Code: SBIN0008506
দয়া কৰি আপোনালোকৰ মূল্যবান সহায় আগবঢ়াই আমাৰ মৰমৰ শিল্পীজনক পুনৰ জীৱন দিবলৈ সাহায্য কৰক। 🙏