DD Abotani TV

DD Abotani TV DD Abotani TV for you, to give wings to your every dream. Please like, follow and share.

©hemchandra kamanঅতি দু-খবৰঃ আজি ইং ৩০/০৪/২০২৪ তাৰিখে বগীনদী আৰক্ষী চকীৰ অন্তৰ্গত ভীমপৰা গাওঁ পঞ্চায়তৰ কনোৱাপাৰা গাৱঁৰ ন...
04/05/2024

©hemchandra kaman
অতি দু-খবৰঃ আজি ইং ৩০/০৪/২০২৪ তাৰিখে বগীনদী আৰক্ষী চকীৰ অন্তৰ্গত ভীমপৰা গাওঁ পঞ্চায়তৰ কনোৱাপাৰা গাৱঁৰ নিবাসী শ্ৰী ঘনশ্যাম কামানৰ সহধৰ্মিনী শ্ৰীমতী তুলাদৈ কামানৰ নুমলীয়া জীয়েকৰ সন্তানটোৱে অসুষ্ট হোৱাৰ বাবে লখিমপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৷ সেয়েহে জীয়েক জনীক চাবলৈ যাওঁ বুলি গাৱঁতে বিয়া হোৱা ডাঙৰ জীয়েকৰ একেবাৰে নুমলীয়া ছোৱালী তথা তাইৰ নাতিনী প্ৰায় ন দহ বছৰীয়া শ্ৰীমতী ঐঃয় চুংক্ৰাঙক লগত লৈ যায় ৷
ভীমপৰা ঘাটেদি পাৰ হৈ বগীনদী টাউনলৈ পালেহি ৷ তেনেতে অৰ্থাৎ ৰঙা এখন ব্যক্তিগত গাড়ীত দুই দুষ্টচক্ৰই সিহঁতক ক’লৈ যাব বুলি শুধাত LMCH-লৈ যাব বুলি কওঁতে ব’লক উঠক আমি থৈ আহো বুলি কোৱাত দুয়োজনী একো নভবাকৈ বা নিচিন্তাকৈ মনে মনে গাড়ীখনত উঠি গৈ আছিল ৷ তেনেকৈ গৈ থাকোঁতে লখিমপুৰলৈ নোপোৱাৰ আগতে কাকৈয়েদি সোমাই গৈ আফাৰ জুমি নামৰ কোনোবা নিজান অঞ্চলত তুলাদৈ কামানক গতিয়াই গাড়ীৰ পৰা জোৰ কৰি নমাই দিয়াৰ পিছত ছোৱালীজনীক টানি-আজুৰি গাড়ীত উঠাই লৈ যায় ৷ ঐঃয় চুংক্ৰাঙৰ আইতাক তুলাদৈহে ঘটনাৰ বিৱৰণী উল্লেখ কৰা মতে খুৱ কন্দা কটা কৰিছিল ছোৱালীজনীয়ে ৷ অসহায় ছোৱালীজনী দুই দুষ্টকৃতিৰ বলি হৈ কান্দি কান্দি গাড়ীত গ’লগৈ ৷
হায় মানৱতা ! কোন দিশে গতি কৰিছে আজিৰ সমাজ ৷ মানুহে মানুহৰ হিংস্ৰ হোৱাৰ বাবে আজি ঐঃয় চুংক্ৰাঙে এই দুষ্কাৰ্যৰ কামনাৰ বলি হ’বলৈ হ’ল ৷
গতিকে, সকলোকে মোৰ কাতৰ আহ্বান যে এই দুই দুষ্কৃতিৰ যদি সম্বেদ পাই বা ছোৱালীজনীৰ কেনেবাকৈ সন্ধান পাই তেন্তে অনুগ্ৰহ কৰি তলত দিয়া ফোন নাম্বাৰত যোগাযোগ কৰি দিবৰ বাবে ইয়াৰে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ৷🙏🙏🙏

অনুগ্ৰহ কৰি পষ্টো যিমান পাৰে চেয়াৰ কৰি দিব ৷ ধন্যবাদ ৷

যোগাযোগৰ নাম্বাৰঃ

8453339649,
8812911902.
DD Abotani TV গভীৰ প্ৰকাশ

HAPPY BIRTHDAY 🎂 CUTIE PIE@appun_pegu    DD Abotani TV
03/02/2024

HAPPY BIRTHDAY 🎂 CUTIE PIE@appun_pegu


DD Abotani TV

কিমান দূৰ সত্য এইয়া সময়েহে কʼব।আলি আয়ে লৃগাঙৰ দৰে ৰাজনৈতিক মুনাফা নহয়টো।   DD Abotani TV
25/12/2023

কিমান দূৰ সত্য এইয়া সময়েহে কʼব।
আলি আয়ে লৃগাঙৰ দৰে ৰাজনৈতিক মুনাফা নহয়টো।

DD Abotani TV

এটা জাতিৰ বিৰোদ্ধে সংবাদগোষ্ঠীৰ এনে অপপ্ৰচাৰ কিয় ? মিচিংসকল হিন্দুৰ ধৰ্মীয় গোলাম নেকি ? সত্ৰাধিকাৰ সকলে গাহৰি খাব পাৰিব ...
24/12/2023

এটা জাতিৰ বিৰোদ্ধে সংবাদগোষ্ঠীৰ এনে অপপ্ৰচাৰ কিয় ?
মিচিংসকল হিন্দুৰ ধৰ্মীয় গোলাম নেকি ?
সত্ৰাধিকাৰ সকলে গাহৰি খাব পাৰিব নে ?
∆∆∆∆∆∆∆∆∆∆∆
মাজুলীত এতিয়া উখল-মাখল পৰিৱেশ । সন্মূখত বৰদিন । এতেকে কেৰলৰ ধ্বনিত মূখৰিত নদীদ্বীপ মাজুলী । বৰদিন উদযাপনৰ প্ৰস্তুতিত এফালে এচামৰ উল্লাস, আনফালে এচামৰ ভয়, আশংকা, উদ্বিগ্নতা । মানে এটা জাতিক লৈ এচাম হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ মাজত টনা-আজোৰা । মিচিংসকলৰ ইতিহাস নজনাকৈয়ে প্ৰতিষ্ঠিত সংবাদগোষ্ঠী NKTVয়ে এই যুঁজখনক বিকৃত ৰূপত প্ৰচাৰ কৰি জাতিটোক আৰু লজ্জানত, এক প্ৰকাৰ ৰাজহুৱাকৈ অপমান কৰিছে । লগতে বিজেপি/আৰএছএছ'ৰ দৰ্শনত দীক্ষিত হৈ দিব্যজ্ঞান লাভ কৰা জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াও সত্ৰধিকাৰ প্ৰভূসকলক মিচিংসকলৰ চাং ঘৰে ঘৰে গৈ জাতিটোক ধৰ্মান্তৰকৰণৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ।
এই সমগ্ৰ বিষয়টোক লৈ আমাৰ প্ৰতিক্ৰীয়া ৰাজহুৱা কৰিব বিচাৰিছো !
১) অসমৰ ভূমিপুত্ৰ জনজাতীয় মিচিংসকলৰ ইতিহাস, পিতৃপুৰুষ কোনোদিন হিন্দু নাছিল । সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংস্পৰ্শকলৈ আহি এচামে নৱ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল । কিন্তু সকলো নহয় । চুবুৰীয়া অৰুণাচলৰ মিৰি সকলৰ এজনো বৈষ্ণৱী নহয় । মন কৰিব ।
২) মিচিং সকলে ডনি:পল: (সূৰ্য্য-চন্দ্ৰ)ক উপাসনা কৰে । অৰ্থাৎ মিচিং সকল প্ৰকৃতিৰ পুজাৰী । তেওঁলোকে গাংগিং (মিচিংসকলৰ উপাসনাস্থলি)ত বহি সুৰ্য্য-চন্দ্ৰ আৰু প্ৰকৃতিৰ পুজা কৰে । গতিকে খ্ৰীষ্টান আৰু হিন্দু দুয়োটা ধৰ্মই মিচিংসকলৰ নিজা নহয় ।
৩) এতেকে, যদিহে মিচিংসকল স্বধৰ্মলৈ ঘুৰি আহিব লাগে, তেন্তে তেওঁলোকে গাংগিংলৈ ঘুৰি আহি ডনি:পল:ৰ উপাসনা কৰিব লাগিব; মঠ-মন্দিৰলৈ ঘুৰি আহি ৩৩ কৌটি দেৱতাক পুজা কৰিলে নহব ।
৪) কোনো মিছনেৰীয়ে যদি প্ৰলোভন দি মিচিংসকলক খ্ৰীষ্টান ধৰ্মত দীক্ষা প্ৰদান কৰি আপৰাধ কৰিছে, সংবিধান উলংঘা কৰিছে, তেন্তে মিচিং সকল হিন্দু ধৰ্মাৱলম্বী বুলি দাবী কৰা সকলো একেই পথ গ্ৰহণ কৰা নাই জানো ?
৫) যদি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাটো অপৰাধ তেন্তে মিচিং সকল হিন্দু ধৰ্ম গ্ৰহণ কৰাটোও অপৰাধ ।
৬) জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ আহ্বান মৰ্মে সত্ৰাধিকাৰ প্ৰভূ সকলে চাং ঘৰলৈ গলে মিচিং সকলক বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি সত্ৰৰ গোলামী খাটিবলৈ কব নে নিজ ধৰ্ম ডনি:পল:ত বিস্বাস ৰাখি গাংগিং প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাব ?
৭) জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াই লগতে কৈছে, মিচিংসকলৰ দূখ-দৰিদ্ৰতা, মনৰ বেজাৰ বুজ লৈ স্বধৰ্মত থাকিবলৈ বুজনি দিব লাগে । আমিও ভাৱিছো - সত্ৰধিকাৰ সকলে বুজনি দিলে ঘুৰি আহিবই যেনিবা । কিন্তু গাহৰি মাংস আৰু আপং মিচিং জাতিৰ পৰিচয়, ঐতিহ্য, সংস্কৃতি সকলো । এতিয়া কথা হল মিচিং সকলে যদি আনৰ সকলো নিজৰ কৰি লব পাৰে, আমাৰটো আকৌ সত্ৰাধিকাৰ সকলে গ্ৰহণ কৰিব পাৰিব নে নাই ? নে আমিহে কেৱল চিৰদিন ব্ৰাহ্মন্যবাদৰ গোলামী খাটি থাকিম ? ই আকৌ কেনে অমানৱীয় দমন, উৎপীড়ন ?
এটাই অনুৰোধ, NKTVৰ সম্পাদকগৰাকী ৰাইজৰ মাজত ঘুৰি ফুৰা মানুহ । সভাই সমিতিয়ে বক্তব্য ৰখা মানুহ । গতিকে কাৰোবাৰ প্ৰৰোচনাত পৰি চলাই থকা বৌদ্ধিক ভণ্ডামি পৰিহাৰ কৰিব লাগে । অন্তত একোটা জাতিৰ ইতিহাস বিকৃত কৰা অপচেষ্টা ত্যাগ কৰিব লাগে । মিচিং সকলৰ মাজতো NKTVৰ সম্পাদকতকৈ শিক্ষিত মানুহৰ অভাৱ নাই ।

©Debananda Medak Miri

 11𝒕𝒉 𝑬𝑫𝑰𝑻𝑰𝑶𝑵𝑵𝑶𝑹𝑻𝑯𝑬𝑨𝑺𝑻 𝑭𝑬𝑺𝑻𝑰𝑽𝑨𝑳,2023.𝐃A𝐓E𝐒- 𝟐2𝐧d-2𝟑r𝐝-𝟐4𝐭h D𝐞c𝐞m𝐛e𝐫.V𝐀N𝐔E- J𝐀W𝐀H𝐀R𝐋A𝐋 𝐍E𝐇R𝐔 𝐒T𝐀D𝐈U𝐌, N𝐄W D𝐄L𝐇I.➡️ 𝐌𝐈𝐒𝐈𝐍𝐆...
13/12/2023


11𝒕𝒉 𝑬𝑫𝑰𝑻𝑰𝑶𝑵
𝑵𝑶𝑹𝑻𝑯𝑬𝑨𝑺𝑻 𝑭𝑬𝑺𝑻𝑰𝑽𝑨𝑳,2023.
𝐃A𝐓E𝐒- 𝟐2𝐧d-2𝟑r𝐝-𝟐4𝐭h D𝐞c𝐞m𝐛e𝐫.
V𝐀N𝐔E- J𝐀W𝐀H𝐀R𝐋A𝐋 𝐍E𝐇R𝐔 𝐒T𝐀D𝐈U𝐌,
N𝐄W D𝐄L𝐇I.
➡️ 𝐌𝐈𝐒𝐈𝐍𝐆 𝐑𝐄́𝐍𝐆𝐀𝐌 𝐈́𝐑𝐑𝐎𝐈 ✊

DD Abotani TV

আমি গৌৰৱান্বিত    moment of MISINGLAND.  power of MISINGLAND.  cricket association .  DD Abotani TV
06/12/2023

আমি গৌৰৱান্বিত
moment of MISINGLAND.
power of MISINGLAND.
cricket association .


DD Abotani TV

Migom ké onané longé so bíkkolo:pé asin aséng ko asé:lígdung. Migom mé turyarla du:moteika mo:disém turyarla du:monam lé...
31/10/2023

Migom ké onané longé so bíkkolo:pé asin aséng ko asé:lígdung. Migom mé turyarla du:moteika mo:disém turyarla du:monam léga:pé!...
বাৰে বৰণ্য ধৰিত্ৰীক চিৰসেউজীয়া কৰি তুলিব খোজা অসম সন্তান ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত অৰণ্য মানৱ যাদৱ মলায় পায়েঙৰ আজি ওপজা দিন। আপুনি কুশলে থাকক, ভালে থাকক আৰু দীৰ্ঘায়ু হ‌ওঁক তাৰে কামনাৰে নেদেখা জনক প্ৰাৰ্থনা জনালোঁ।
DD Abotani TV

ইয়াকেই হʼবলা জন নেতা বোলে নেকি?
28/10/2023

ইয়াকেই হʼবলা জন নেতা বোলে নেকি?

 #লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা মিচিং জনজাতিৰ একমাত্ৰ মহিলা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুতা ৰাণী নৰহ বাইদেউ কি...
25/10/2023

#লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা মিচিং জনজাতিৰ একমাত্ৰ মহিলা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুতা ৰাণী নৰহ বাইদেউ কিছু দিন ধৰি অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
#চিকিৎসাধীন বাইদেউৰ অতি সোনকালে আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ!

Ch Narah

DD Abotani TV

Address

Gogamukh
Dhemaji
787034

Alerts

Be the first to know and let us send you an email when DD Abotani TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DD Abotani TV:

Share