05/09/2025
বট বৃক্ষৰ দৰে সেউজীয়া শীতল ছাঁ বিলাই ভাগৰুৱাক পথৰ নিৰ্দেশ দিছিল ; সমাজৰ দূৰ্বল মূহুৰ্ত্ববোৰত। মানৱ সৃষ্টিকাৰী পদক্ষেপ অতিক্ৰম কৰি ক'ত জনক জ্ঞান দীপ্তি অন্বেষণৰ বাট প্ৰদান কৰি সুদীৰ্ঘ কাল। আপোনালোকে আনক, জ্ঞানক প্ৰজ্ঞা আৰু প্ৰজ্ঞাক জীৱন ধাৰণৰ উপযোগী কৌশল হিচাপে গঢ়ি তোলাৰ যি প্ৰচেষ্টা কৰি গৈছে সেইয়া এক মহান কৰ্ম 🙏 আপোনালোকৰ কৃতিত্ব আৰু গৌৰৱৰ স্থল; আপোনালোকৰ কৰ্মস্থলৰ পৰা ওলোৱা শতজন মহান আৰু মহানুভৱতা ব্যক্তিয়েই তাৰ প্ৰমাণ। সুখৰ সংজ্ঞা আনজনক দিব পৰা গুণ আপোনালোকৰ পৰাই বিস্তাৰিত হওক , ৬৪ তম শিক্ষক দিৱসৰ মহান দিনটোত আপোনালোক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাৱা লগতে আপোনালোকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন আশা কৰি আহি থকা দিনবোৰ সুখ-শান্তিৰে আৰু আনন্দৰে ভৰিপৰক, ভগৱন্ত ওচৰত তাৰে কামনা কৰিলোঁ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰদলনি আঞ্চলিক সমিতিয়ে বিগত বৰ্ষৰ দৰে এই বছৰ ও বৰদলনি অঞ্চলৰ চাৰিজন শিক্ষকক সমন্ধনা জনোৱা হয় ।
১:- ড⁰ শিৰুমণি বৰুৱা অধ্যক্ষ বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ
২:- শ্ৰীযুত মাধৱ বৰগোহাঁই অধ্যক্ষ বৰদলনি কেন্দ্ৰীয় কনিষ্ঠ মহাবিদ্যালয়
৩:- শ্ৰীযুক্তা নিলাক্ষী বৰগোহাঁই অধ্যক্ষা বৰদলনি লিটিল গড মডেল স্কুল
৪:- শ্ৰীযুত জিতেন দত্ত প্ৰধানচাৰ্য শংকৰদেৱ শিশু নিকেতন বৰদলনি