Assamese poem and Culture

Assamese poem and Culture নিজৰ সাহিত্য কৰ্মৰ লগতে সংস্কৃতিৰ যি?

06/08/2020

-

ভন্টি তই অনন্যাজীৱন যাত্ৰাৰ একঅপূৰণীয় সাধনাৰউজ্বল নক্ষত্ৰ তই।দিগন্ত প্ৰসাৰি প্ৰতিজন ককাইকেইবিচাৰে, এগৰাকী ভন্টিৰমৰম-ভাল...
20/07/2020

ভন্টি তই অনন্যা

জীৱন যাত্ৰাৰ এক
অপূৰণীয় সাধনাৰ
উজ্বল নক্ষত্ৰ তই।
দিগন্ত প্ৰসাৰি প্ৰতিজন ককাইকেই
বিচাৰে, এগৰাকী ভন্টিৰ
মৰম-ভালপোৱা।
ঠিক তোৰ দৰে সহজ মনা
তোৰ দৰে আকূলতাৰে পূৰ্ণ এখন হৃদয়
তোৰ দৰে আনক সুখি কৰিব পৰা
নিভাঁজ কন্ঠ হলেটো কথাই নাই।
পিছে,,,,তোৰ দৰে
লাজুকী হ'লেও বেচ্ জমে।।

ঐ ভন্টি,মনত বাৰু পৰেণে তোৰ
সৰুতে যে ৰজা-ৰাণী খেলা।
তোৰ বাবে ওচৰৰ ককাইটিক ৰজা সজাইছিলোঁ,
আৰু তই ৰাণী,মই তোৰ দাদা
বেচ্ জমিছিল।
সেইবোৰ দিনেই বৰ ভাল আছিল অ'
নাছিল মায়া-মোহ
নাছিল দুখ-যন্ত্ৰণা।
আজি ব্যস্ত পৃথিৱীত
ব্যস্ত জীৱন,কাৰো আহৰি নাই,
তই আনক সুখি কৰিবলৈ
নিজক প্ৰস্তুত কৰিছ
আৰু মই
তোৰ আকূলভৰা মৰম বোৰ
বুকুত মেৰিয়াই জীৱন গঢ়াৰ আখৰাত ব্যস্ত।।
তথাপি ভন্টি
তোৰলৈ কিন্তু বৰকৈ মনত পৰে
আন একো দিব নোৱাৰিলেও
দেউতাই মৰম কৰাদি
মায়েই যতন লোৱাদি
মই তোক মৰম দিব পাৰিম
মই তোৰ যতন ল'ৱ পাৰিম।

কেতিয়াবা সপোন সপোন লাগে
তোৰ নাৰীত্বৰ বাবে
আমাৰ মাজৰ পৰা আতৰি যাবি,
এইখন হেঁপাহৰ ঘৰ উদং কৰি।
এদিন আলহী হৈ আহিবি
তোৰ মৰমৰ বাবে হাইৰাণ হৈ
চিঞঁৰি চিঞঁৰি দেউতাই ক'ব
মাজনী তই সুখেৰে থাকিবি,
মায়ে উচুপি উচুপি
বিচনাত পৰি
শিতানৰ গাৰুকে তই বুলি
সাৱতি ধৰিব।
আৰু মই
তোৰ মৰমৰ বাবে
চকুলো মোহাৰি মোহাৰি
অতীতৰ স্মৃতি সোঁৱৰিব লাগিব।।
সচাঁই ভন্টি,তই অনন্যা,
তই হৃদয়ত ফুলি থকা
এপাহি সুগন্ধি ফুল,
ভন্টি তই অনন্যা।।

---জিন্টু মনি বৰা।।

16/07/2020

সময় পালে আহিবাচোন, দুয়ো মিলি সুমধুৰ গীত গাম। তুমি তৰাৰ, মই জোনৰ।বৰ ভাল লাগিব চাবা।

04/07/2020

স্বপ্ন ভংগ

কিমাননো দৌৰিম
অকনমান মৰম বিছাৰি
স্বপ্ন ভংগৰ আখৰাত
ৰহস্যতাৰ বানত
জোনাক হেৰাই
ভাহিছে কাল অমাৱস্যা
কোনোৱে কৈছে
তই আতৰি আহ সেই দোমোজাৰ পৰা
তই আতৰি আহ।।

চঞ্চলতাৰ মনো তৃঞ্চা
স্বপ্ন সাগৰত
ডুব গৈছে আজি
বহু বিষাক্ত শিকলিৰ বান্ধত
অন্ধকাৰ কক্ষত
হেৰাই যোৱাৰ উপক্ৰম
সেই কোমল স্পৰ্শবোৰ।।

প্ৰহেলিকাৰ মসৃণ শব্দৰে
উদয়াস্ত জীৱনীত
আবিৰ্ভাৱ হয় মৰ্মভেদি গাঁথনি
নিৰ্জন পৰত হতাশাৰ অশ্ৰু নিগৰি
অবিকল বিনষ্ট হয় জীৱন্ত মৰমজৰি
হাৰপাই উঠে অন্তৰৰ মধ্য কোনত
বিভীষিকাৰ জীৱন যাত্ৰা
এক যেন অবাঞ্চনীয় দস্তাবেজ।।

বিৰহৰ ধুমুহাত নষ্ট আজি আশাৰ ৰেঙনি
পলকতে উৰুৱাই নিলে হেঁপাহৰ তামিঘৰা
য'ত সঞ্চিত হৈছিল দুখন হৃদয়ৰ প্ৰেমৰ টুকুৰা।
বহু দূৰ আগুৱাই যোৱা মিলনৰ সুহুৰি
অচিন পোহৰৰ আগমনে
ধূলিস্যাৎ কৰি আতৰাই নিলে,
হিয়াৰ ফুলনিত ফুলা
তগৰৰ সুগন্ধি।।
প্ৰেমৰ নিজৰা নবই কোনোদিন
সত্যৰ অন্বেষণ নহয় কোনোদিন
এক যেন বিকট চিঞঁৰে
কঁপাই তুলিছে হিয়াৰ গোপন খিৰিকী
তই আতৰি আহ সেই দোমোজাৰ পৰা
তই আতৰি আহ।।

-- জিন্টু মনি বৰা

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when Assamese poem and Culture posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category