As Online New Update

As Online New Update As Online New Update

profile টো চাইছে যেতিয়া Page টো (AS Online New Update) follow কৰিবলৈ নাপাহৰিব।।

“তুলসীৰ তলে মৃগপহু চৰেতাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”অসমবাসীলৈ কাতি বিহুৰ হিয়াভৰা ওলগ
18/10/2025

“তুলসীৰ তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে”

অসমবাসীলৈ কাতি বিহুৰ হিয়াভৰা ওলগ

18/10/2025

▲সকলো অসমবাসী ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা

জ্ঞাপন কৰিলো ❤️

19/09/2025

Himanta Biswa Sarma
Ranoj Pegu In view of the untimely death of Late Zubeen Garg, all Inspectors of Schools are instructed to postpone the half-yearly examination scheduled tomorrow until the cremation of the mortal remains of the legendary artist.

শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত‍্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক কাইলৈ অনুষ্ঠিত হ’বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰদেহৰ অন্ত‍্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে।

জুবিন গাৰ্গ আৰু নাই
19/09/2025

জুবিন গাৰ্গ আৰু নাই

মহিলা সবলীকৰণেৰে সমাজ শক্তিশালী কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈছিল অৰুণোদয় আঁচনি। এই...
17/09/2025

মহিলা সবলীকৰণেৰে সমাজ শক্তিশালী কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈছিল অৰুণোদয় আঁচনি।

এই আঁচনিৰ সম্প্ৰসাৰণ কৰাৰ বাবে আৰম্ভ হ'বলগীয়া অৰুণোদয় ৩.০-ৰ কেন্দ্ৰীয় শুভাৰম্ভণী অনুষ্ঠান ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই আঁচনিৰ অধীনত ৩৮ লাখৰো অধিক পৰিয়াল লাভান্বিত হ'ব।

Orunodoi, a flagship welfare scheme launched under the leadership of HCM Dr. Himanta Biswa Sarma , continues to empower women and support families across Assam.

The central launch event for Orunodoi 3.0 will take place on September 25 (earlier scheduled for September 17). Over 38 lakh families will benefit under this expanded phase.

Himanta Biswa Sarma : NRC থকা মানে ভাৰতীয় নাগৰিক নহয়, বিদেশী প্ৰমাণিত হ'লে উভতাই পঠোৱা হ'ব।
09/09/2025

Himanta Biswa Sarma : NRC থকা মানে ভাৰতীয় নাগৰিক নহয়, বিদেশী প্ৰমাণিত হ'লে উভতাই পঠোৱা হ'ব।

Himanta Biswa Sarma আপোনালোকক জনাবলৈ পাই অতি ভাল লাগিছে যে খাৰিফ বিপণন ঋতু ২০২৪-২৫ৰ সময়কালত অসমে ন্যূনতম সমৰ্থিত মূল্যৰ ...
06/09/2025

Himanta Biswa Sarma
আপোনালোকক জনাবলৈ পাই অতি ভাল লাগিছে যে খাৰিফ বিপণন ঋতু ২০২৪-২৫ৰ সময়কালত অসমে ন্যূনতম সমৰ্থিত মূল্যৰ অধীনত ধান ক্ৰয়ত এক ঐতিহাসিক সীমা অতিক্ৰম কৰিছে।

✅ প্ৰথম ফচল: ৬,৯৭,৮০২.৭৪ মেট্ৰিক টন
✅ দ্বিতীয় ফচল (৫ ছেপ্টেম্বৰলৈকে): ১,০৪,৭৫৭.৯৮ মেট্ৰিক টন
📊 মুঠ (৫ ছেপ্টেম্বৰলৈকে): ৮,০২,৫৬০.৭২ মেট্ৰিক টন

প্ৰথমবাৰৰ বাবে অসমে ধান ক্ৰয়ত ৮ লাখ মেট্ৰিক টনৰ সীমা অতিক্ৰম কৰিলে৷ সঁচাকৈয়ে আমাৰ সমৃদ্ধিৰ যাত্ৰা তথা কৃষক বন্ধুৰ বাবে এয়া এক ঐতিহাসিক সাফল্য।

ASTC Interview Notification
06/09/2025

ASTC Interview Notification

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ।। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষ...
05/09/2025

গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱো মহেশ্বৰ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈশ্রী গুৰুৱে নমঃ।। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো।

Himanta Biswa Sarma আমাৰ বাবে এই সময়ৰ অতি ভাল লগা খবৰ হ'ল জি এছ টিৰ সংস্কাৰ। ইয়াৰ দ্বাৰা স্বাস্থ্য বীমাৰ পৰা জীৱন দায়িনী...
04/09/2025

Himanta Biswa Sarma
আমাৰ বাবে এই সময়ৰ অতি ভাল লগা খবৰ হ'ল জি এছ টিৰ সংস্কাৰ।

ইয়াৰ দ্বাৰা স্বাস্থ্য বীমাৰ পৰা জীৱন দায়িনী ঔষধকে ধৰি বিভিন্ন সামগ্ৰীত জি এছ টি শূন্য কৰি দিয়া হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এয়া এক অতি জনদৰদী সিদ্ধান্ত হিচাপে ইতিমধ্যে বিবেচিত হৈছে।

কেৱল এয়াই নহয়, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈকে জি এছ টি হ্ৰাস কৰা হৈছে। মধ্যবিত্তই ব্যৱহাৰ কৰা চাৰিচকীয়া গাড়ী, দুচকীয়া বাহন আদিৰো জি এছ টি ২৮ৰ পৰা ১৮ শতাংশলৈকে হ্ৰাস কৰা হৈছে। শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকমুহূৰ্তত এয়া অসমবাসীৰ বাবেও এক সুন্দৰ উপহাৰ।

স্বাধীনতা দিৱসৰ বক্তব্যত তেখেতে উল্লেখ কৰা অনুসৰি দেশৰ কৃষক বন্ধুসকলৰ পৰা ক্ষুদ্ৰ উদ্যোগীলৈকে প্ৰতিটো স্তৰৰ নাগৰিকৰ বাবে সামগ্ৰী আৰু সেৱা কৰ হ্ৰাস কৰাৰ এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী, স্বাস্থ্য, শিক্ষা, অটোম'বাইল, ইলেক্ট্ৰনিকছকে ধৰি প্ৰতিটো খণ্ডত এই সিদ্ধান্তই জনসাধাৰণৰ জীৱনযাত্ৰা সুচল কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্যক বাস্তৱায়িত কৰি তুলিব।

দেশৰ অৰ্থনীতিৰ বাবেও এয়া হ'ব এক ইতিবাচক সংযোজন। মোৰেই সৌভাগ্য যে মই অসমৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ভাৰতীয় অথৰ্নীতিত জি এছ টি সংস্কাৰ আৰম্ভ হৈছিল। তেতিয়াৰ পৰা যোৱা ৮ বছৰে মই জি এছ টিৰ সংস্কাৰ প্ৰক্ৰিয়াটোক নিবিড়ভাৱে অনুসৰণ কৰি আহিছোঁ। আজিৰ এই পদক্ষেপক মই এক ঐতিহাসিক মুহূৰ্ত বুলি গণ্য কৰিবলৈ ভাল পাম।

বিশ্বৰ ভিন্ন দেশৰ তুলনাত আটাইতকৈ কম সময়ৰ ব্যৱধানত জি এছ টি সংস্কাৰ আমাৰ দেশত সফলভাৱে কাৰ্যকৰী কৰাৰ লগতে প্ৰয়োজন অনুসৰি ইয়াক সংশোধন আৰু সংস্কাৰ কৰাৰ ক্ষমতা মোদী চৰকাৰৰ দৃঢ় তথা সুপৰিকল্পিত শাসন শৈলীৰ এটা উজ্জ্বল প্ৰমাণ।

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when As Online New Update posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to As Online New Update:

Share