14/07/2026
NEET পৰীক্ষাৰ্থীসকলৰ সমৰ্থনত অনশনত বহা বিশিষ্ট পৰিৱেশ কৰ্মী ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি গুৰুতৰ সতৰ্কবাণী! দেশৰ লাখ লাখ NEET পৰীক্ষাৰ্থীৰ সমৰ্থনত আৰু NEET পৰীক্ষাক কেন্দ্ৰ কৰি দিল্লীৰ জন্তৰ মন্তৰত অনশনত বহা বিশিষ্ট পৰিৱেশকৰ্মী ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অৱস্থা অৱনতি ঘটিছে। দীৰ্ঘদিনীয়া অনশনৰ ফলত তেওঁৰ ওজন প্ৰায় ৭.৫ কিলোগ্ৰাম হ্ৰাস পাইছে আৰু তেজৰ চেনিৰ মাত্ৰাও ধাৰাবাহিকভাৱে কমি আহিছে। তীব্ৰ শাৰীৰিক দুৰ্বলতাৰ বাবে খোজ কাঢ়িবলৈ, উঠিবলৈ আৰু আনকি কথা ক'বলৈও তেওঁ গুৰুতৰ অসুবিধাৰ সন্মুখীন হৈছে।
হীৰেণ চুতীয়া