27/09/2025
আত্মবিশ্লেষণ আৰু পুংখানুপুংখভাৱে পৰ্যৱেক্ষন কৰি সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়াসে আমাক সদায় ফলপ্ৰসূ কৰি তোলে। সিদ্ধান্ত গ্ৰহণ কৰোঁতে সদায় নিজস্বতা, স্থায়িত্ব আৰু সাৰ্বজনীনতাক অগ্ৰাধিকাৰ দিব লাগে। আনৰ অদূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰা অনুচিত। সঘনাই সিদ্ধান্তৰ সলনি কৰি নিজৰ স্থিৰতা নাইকীয়া কৰিলে নিজৰ জীৱনটো তাৰ প্ৰভাৱ পৰে। উপযুক্ত সময়ত সঠিক আত্মবিশ্লেষণ আৰু সঠিক সিদ্ধান্ত গ্ৰহণে আমাৰ মনটো স্থিৰ আৰু অধিক কাৰ্যক্ষম কৰি তোলে।
আনৰ সিদ্ধান্তত নিৰ্ভৰশীলতা ব্যৰ্থতাৰ অন্যতম কাৰণ। সিদ্ধান্তত নিজস্বতা আৰু সাৰ্বজনীনতা নাথাকিলে সফলতা দূৰ্লভ।
বুদ্ধিমান আৰু চতুৰতাৰ মাজত পাৰ্থক্য আছে। বুদ্ধিমান লোকে সঠিক চিন্তা, সততা আৰু সাৰ্বজনীনতাত বিশ্বাস কৰে। আনহাতে চতুৰ ব্যক্তিসকল স্বাৰ্থপৰ আৰু সুযোগৰ সন্ধানত থাকে। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোকৰ কু-অভিপ্ৰায়ো থাকিব পাৰে। পৃথিৱীত চতুৰ ব্যক্তি সাময়িকভাৱে সফল হ'ব পাৰে, কিন্তু সফলতাৰ চূড়ান্ত শিখৰত উঠাৰ উদাহৰণ নাই। আনহাতে নি:স্বাৰ্থ, পৰোপকাৰী আৰু বুদ্ধিমান ব্যক্তি পলমকৈ হ'লেও সফলতা লাভ কৰাৰ উদাহৰণ এই পৃথিৱীত বহুতো আছে।
অহংকাৰী ব্যক্তিয়ে নিজৰ গুৰুত্ব কিমান সেইটো বুজি নাপায়। তেওঁলোকৰ নিজস্বতা বুলিবলৈ একো নাথাকে। তেওঁলোক ঋণাত্মক ভাৱধাৰাৰ দ্বাৰা প্ৰভাৱিত। অহংকাৰী ব্যক্তিয়ে কেতিয়াও আনক প্ৰশংসা কৰিব নোৱাৰে। তেওঁৰ দৃষ্টিত তেওঁৰ বাদে আন কোনো শ্ৰেষ্ঠ নহয়। অহংকাৰী ব্যক্তিসকল পৰশ্ৰীকাতৰ আৰু ঈৰ্ষাপৰায়ণ হয়। আচলতে তেওঁলোক এনে হোৱাৰ কাৰণ হ'ল তেওঁলোকৰ নিজস্ব সঠিক চিন্তা, আত্মোপলব্ধি আৰু সঠিক সিদ্ধান্তৰ অভাৱ। তেওঁলোকে সাৰ্বজনীনতাক উপলব্ধি কৰিব নোৱাৰে।
সেয়েহে আমি নিজস্বতাৰে সঠিকভাৱে আত্মবিশ্লেষণ আৰু পুংখানুপুংখভাৱে পৰ্যৱেক্ষন কৰি সময় আৰু পৰিস্থিতি অনুসৰি সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য সঠিক সিদ্ধান্ত গ্ৰহণ কৰা উচিত, যাৰ দ্বাৰা আমি সমাজত আত্মমৰ্য্যদাৰে জীয়াই থাকিব পাৰোঁ।✍️ Assam