RMTv Live

RMTv Live আমি সদায়
সত্য পথত

ডিমৌ নদীৰ ওপৰত স্থায়ী দলং আৰু ৰাস্তাৰ উন্নয়নৰ দাবীত নামনি চিলাসুতিত বৃহৎ প্ৰতিবাদী যাত্ৰা নিউজ| ধেমাজি, ১১ মাৰ্চধেমাজি জ...
11/03/2026

ডিমৌ নদীৰ ওপৰত স্থায়ী দলং আৰু ৰাস্তাৰ উন্নয়নৰ দাবীত নামনি চিলাসুতিত বৃহৎ প্ৰতিবাদী যাত্ৰা

নিউজ| ধেমাজি, ১১ মাৰ্চ

ধেমাজি জিলাৰ চিচিবৰগাঁও সমষ্টিৰ নামনি চিলাসুতি উন্নয়ন সমিতিৰ উদ্যোগত ডিমৌ নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ দাবী আৰু নামনি চিলাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত বেয়া ৰাস্তাসমূহৰ উন্নয়নৰ দাবীত আজি এক বৃহৎ আৰু শান্তিপূৰ্ণ প্ৰতিবাদী যাত্ৰা অনুষ্ঠিত হয়। এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ পৰা অহা প্ৰায় ৭ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী যাত্ৰাত অংশগ্ৰহণ কৰা ৰাইজে বহু বছৰ ধৰি অসম্পূৰ্ণ হৈ থকা ডিমৌ নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ দাবী জনায়। ৰাইজৰ অভিযোগ অনুসাৰে বৰষুণৰ সময়ত ডিমৌ নদী পাৰ হোৱাটো অতি বিপদজনক হৈ পৰে। ইয়াৰ ফলত ছাত্ৰ-ছাত্রী, ৰোগী, কৃষক আৰু দৈনন্দিন কামত যোৱা সাধাৰণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ’বলগা হয়।

ইয়াৰ উপৰিও নামনি চিলাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত বহুতো ৰাস্তা আজিলৈকে নিৰ্মাণ কৰা হোৱা নাই বুলি ৰাইজে অভিযোগ কৰে। স্বাধীনতাৰ পিছৰে পৰা এতিয়ালৈকে অঞ্চলটোৰ প্ৰায় ৮০ শতাংশ ৰাস্তা এতিয়াও অতি দুৰ্বল অৱস্থাত আছে, য’ত কোনো ধৰণৰ যানবাহন চলাচল কৰাটো কঠিন। বাকি ২০ শতাংশ ৰাস্তাো জৰাজিন্য অৱস্থাত থকাৰ বাবে অঞ্চলটোৰ ৰাইজে দৈনন্দিন জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগা হৈছে।

বিশেষকৈ বৰষুণৰ সময়ত এই কেঁচা ৰাস্তাসমূহ অধিক বেয়া অৱস্থাত পৰিণত হয়। ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হয়। ছাত্ৰ-ছাত্রীসকলে বিদ্যালয়লৈ যাবলৈ অসুবিধা পায়, কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াত সমস্যাৰ সন্মুখীন হয় আৰু অসুস্থ ৰোগীক চিকিৎসালয়লৈ নিয়াও অত্যন্ত কষ্টকৰ হৈ পৰে বুলি ৰাইজে কয়।

প্ৰতিবাদী যাত্ৰাৰ সময়ত ৰাইজে বিভিন্ন শ্লোগানৰে চৰকাৰক অতি শীঘ্ৰে ডিমৌ নদীৰ ওপৰত স্থায়ী দলং নিৰ্মাণ আৰু অঞ্চলটোৰ ৰাস্তাসমূহ উন্নত কৰাৰ দাবী জনায়। বহু বছৰ ধৰি চৰকাৰক আবেদন আৰু অনুৰোধ জনোৱাৰ পিছতো এতিয়ালৈকে কোনো স্থায়ী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

ইফালে অঞ্চলটোৰ বিধায়ক ভুবন পেগুৰ বিৰুদ্ধেও ৰাইজৰ মাজত অসন্তোষ দেখা যায়। অভিযোগ অনুসাৰে বিধায়কজনে এতিয়ালৈকে অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ সমস্যাসমূহ সমাধানত কোনো কার্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই।

প্ৰতিবাদী যাত্ৰাটো শান্তিপূৰ্ণভাৱে সম্পন্ন হয় আৰু ৰাইজে চৰকাৰক পুনৰবাৰ অনুৰোধ জনায় যে অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ সমস্যাবোৰ শীঘ্ৰে সমাধান কৰা হওক। অন্যথা আগন্তুক দিনত অধিক শক্তিশালী গণআন্দোলন গঢ়ি তোলাৰো সতৰ্কবাণী দিয়ে।

এই বিষয়ে নামনি চিলাসুতি উন্নয়ন সমিতিৰ সভাপতি বিশ্বেশ্বৰ মিলি আৰু সম্পাদক জয়ন্ত দেৱনাথে কয় যে এই আন্দোলন সম্পূৰ্ণৰূপে ৰাইজৰ স্বাৰ্থ আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে কৰা হৈছে। আগন্তুক দিনতো এই দাবীৰ বাবে ৰাইজ একত্ৰিত হৈ থাকিব বুলি তেওঁলোকে উল্লেখ কৰে।

29/01/2026
কালভাৰ্টৰ তলত আশ্ৰয় ল’বলগীয়া হৈছে আৰক্ষীয়ে। বাক্সাত আৰক্ষীকো টাৰ্গেট কৰি ল’লে উত্তেজিত লোকে। জিলা কাৰাগাৰৰ বাহিৰত অধিক উ...
15/10/2025

কালভাৰ্টৰ তলত আশ্ৰয় ল’বলগীয়া হৈছে আৰক্ষীয়ে। বাক্সাত আৰক্ষীকো টাৰ্গেট কৰি ল’লে উত্তেজিত লোকে। জিলা কাৰাগাৰৰ বাহিৰত অধিক উত্তপ্ত পৰিস্থিতি।

কালভাৰ্টৰ তলত আশ্ৰয় ল’বলগীয়া হৈছে আৰক্ষীয়ে। বাক্সাত আৰক্ষীকো টাৰ্গেট কৰি ল’লে উত্তেজিত লোকে। জিলা কাৰাগাৰৰ বাহিৰত অধিক উ...
15/10/2025

কালভাৰ্টৰ তলত আশ্ৰয় ল’বলগীয়া হৈছে আৰক্ষীয়ে। বাক্সাত আৰক্ষীকো টাৰ্গেট কৰি ল’লে উত্তেজিত লোকে। জিলা কাৰাগাৰৰ বাহিৰত অধিক উত্তপ্ত পৰিস্থিতি।

15/10/2025
15/10/2025
15/10/2025

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when RMTv Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RMTv Live:

Share