Dhemaji etu-hitu

Dhemaji etu-hitu Do Like, Comments & Follow Our Channel...!!! আমি এতিয়া পৰা উপলব্ধ public app ,
YouTube, Instagram, Facebook ত

07/10/2025

টাই আহোম জনগোষ্ঠীক জনজাতিকৰনৰ দাৱীত ধেমাজিত বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰে ৰাজপথ কপাঁবলৈ সাজু আহোম ৰাইজ ।
ধেমাজিত আটাছুৰ উদ্যোগত গঠন হ’ল প্ৰতিবাদী কাৰ্যসূচী সফল ৰূপায়ণৰ হেতু আহ্বায়ক সমিতি ।
সংবাদমেল সম্বোধন কৰি আটাছুৱে ঘোষণা কৰিলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।
অহা ১৭ অক্টোবৰত চিলাপথাৰৰ ৰাস মন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত হব বৃহৎ গণসমাবেশ ৷ এই গণসমাবেশত অংশগ্ৰহণ কৰিব জনগোষ্ঠীটোৰ পঞ্চাশ সহস্ৰাধিক লোকে ।
এটা দিনৰ পিছতেই ১৯ অক্টোবৰত ধেমাজি সদৰত ৰূপায়ণ কৰা হব বৃহৎ জোঁৰ সমদল কাৰ্যসূচী ।

07/10/2025

📌ধেমাজি চাৰিআলিত শিল্পী সমাজৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ।

07/10/2025

ধেমাজি তিনিআলিৰ নিউ সংগীতা ফাৰ্নিচাৰ।

06/10/2025

পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গৰ বন্ধু তথা শিল্পী ৰুদ্ৰাংকুৰ হাজৰিকা।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলি সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই বুলি প্ৰশ্ন।

05/10/2025

জুবিন গাৰ্গৰ মৃত্যু হোৱা ঠাইত গৈ SIT য়ে যদি তদন্তই কৰিব নোৱাৰে তেনেহলে এই SIT ৰ প্ৰয়োজন ক'ত!
অসমৰ ৰাইজে যদি চিংগাপুৰৰ প্ৰবাসী অসমীয়াক হেঁচা প্ৰয়োগ কৰিব লাগে তেন্তে চৰকাৰৰ কাম কি থাকিব? অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গক ন্যায় দিব নোৱাৰ যদি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক।
সংবাদ মেল পাতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি।

04/10/2025

ধেমাজি নগৰৰ টঙনাপৰাত অগ্নিকাণ্ড ৷

04/10/2025

📌ধেমাজিত বহিৰাগত নকল মিচিং কাপোৰক লৈ সৰৱ মিচিং জাতীয় সংগঠনৰ ।
📌GI টেগ লাভ কৰা মিচিং কাপোৰক বিকৃত ৰূপত গুজৰাট চুৰাতত প্ৰস্তুত কৰা মিচিং কাপোৰক সদৃশ নকল বস্ত্ৰক লৈ সৰৱ সদৌ অসম মিচিং শিপিনী সন্থাৰ লগতে মিচিং জাতীয় সংগঠন।

04/10/2025

📌ধেমাজি নলনিপামৰ ভাৰত পেট্ৰলিয়াম ডিপুত কিছুদিন পূৰ্বে সংঘটিত হোৱা এক অনাকাংক্ষিত ঘটনাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ পেট্ৰল পাম্পৰ স্বতাধীকাৰীৰ ।
📌২৭ তাৰিখে কোনো গ্ৰাহকক কমকৈ পেট্ৰল দিয়া নাছিল ডিপু কৰ্মচাৰীয়ে ।
১২ লিটাৰ পেট্ৰল ধৰা Honda SP 125 মটৰচাইকেলত বৰ্তমান ১৬ লিটাৰ পেট্ৰল ধৰে, সেই কথা বহু গ্ৰাহকে নজনাৰ ফলতে সৃষ্টি হয় কাজিয়াৰ ।
📌অৱশেষত সংবাদ মাধ্যমৰ আগত সকলো অভিযোগ খণ্ডন কৰি সবিশেষ জনালে পাম্পৰ স্বতাধীকাৰী দীপক গগৈয়ে ।

04/10/2025

ধেমাজিৰ বিভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহৰ তাণ্ডৱ ॥

03/10/2025

📌ধেমাজি তুলসীবাৰীত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
📌ধেমাজি আৰক্ষীয়ে গোপন সূত্ৰপম খেদি তুলসীবাৰীত পাচঁটা কন্টেনাৰ ভৰ্তি ড্ৰাগছ সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম।
📌শোণিতপুৰৰ পৰা ধেমাজি তুলসীবাৰী ঘৰলৈ অনা পথত গ্ৰেপ্তাৰ অসীম গগৈ আৰু জান পাৰিক নামৰ সৰবৰাহকাৰী দ্বয়।
📌যুৱক দুজনৰ পৰা কন্টেনাৰ সহ ১৯০ গ্ৰাম ড্ৰাগছৰ লগতে এটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ধেমাজি আৰক্ষীয়ে ।
📌পূৰ্বে ও অসীম গগৈ আৰু জান পাৰিক নামৰ যুৱকদ্বয় জড়িত আছিল ড্ৰাগছ ব্যৱসায়ত

02/10/2025

আজি বিজয়া দশমী। ঠায়ে ঠায়ে দেৱী প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচী অব্যাহত।
ধেমাজি তেলিজান নদীত ১৭ খন পূজা কমিটিয়ে বিসৰ্জন দিছে দেৱী প্ৰতিমা।
দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পথত দেখা গ'ল পৃথক দৃশ্য।
প্ৰতিখন পূজা কমিটিয়ে দেৱী প্ৰতিমা লৈ অহা বাহনত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বজাই আহিল মায়াবিনি ৰাতিৰ বুকুত শীৰ্ষক গীত ।

Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when Dhemaji etu-hitu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share