26/11/2025
ৰঙিয়াত দিন দুপৰতে চাঞ্চল্যৰ লুটপাতৰ ঘটনা ।
দুই ভণ্ড বাবাই তন্ত্ৰ মন্ত্ৰ জপ কৰি লুটি নিলে ২ লাখ টকাৰ সোনৰ আ অলংকাৰ সহ নগদ দুই হাজাৰ টকা ।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ সমীপৰ দহৰাৰ নিবাসী এগৰাকী মহিলাৰ ঘৰত দুই ভণ্ড বাবাই প্ৰৱেশ কৰে ।
তাৰ পিছত সন্তানহীনা মহিলাগৰাক সন্তানৰ প্ৰলোভন দি পূজা পাতল কৰিবলৈ আদেশ দিয়ে ।
কথা মতেই কাম, দুই ভণ্ড বাবাই ঘৰৰ চোতালত পূজা পাতল কৰিবলৈ আৰম্ভ কৰে ।
তাৰ পিছত মহিলাগৰাকীৰ ঘৰত থকা সকলো সোনৰ আ অলংকাৰ আনিবলৈ দিয়ে আৰু নগদ দুহেজাৰ টকা বিচাৰে ।
মহিলাগৰাকীৰ চকুৰ সন্মুখতে প্ৰায় দুই লাখ টকা মূল্যৰ সোণৰ আ অলংকাৰখিনি এখন গামোচাত বান্ধি মহিলাগৰাকীক চকু মুদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ কয় ।
কিছুসময় পিছতে সেইখিনি মহিলাগৰাকীৰ কঁকালত বান্ধি নদীত গা ধুবলৈ যাৱলৈ উপদেশ দিয়ে ।
মহিলাগৰাকীয়ে নদীত গা ধুই গামোচাখন দেখি হতভম্ব ।
গামোচাত সোন গহনাৰ পৰিবৰ্তে হাবি জংঘল বান্ধি ৰখা অৱস্থাত আছে ।
ততাতৈয়াকৈ মহিলাগৰাকীয়ে দুই ভণ্ড বাবাক ঘৰত বিচাৰি আহে যদিও ইতিমধ্যে দুই ভণ্ড বাবাই পলায়ন কৰে ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।