31/08/2026
মেদৰটাৰী আৰু আইৰকাটাত ১০৮ এম্বুলেন্স সেৱা বহাল ৰখাৰ দাবী বিজেপিনেত্ৰী মাধবী দাসৰ
৯ নং বিৰসিং জৰুৱা সমষ্টিৰ মেদৰটাৰী হাস্পতাল আৰু আইৰকাটা উপ-স্বাস্থ্যকেন্দ্ৰৰ ১০৮ এম্বুলেন্স সেৱা দুখন অন্য ঠাইলৈ স্থানান্তৰ নকৰিবলৈ দাবী জনাইছে বিজেপিনেত্ৰী মাধবী দাসে। আজি তেওঁ এটা সঁজাতি দল লগত লৈ ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক সাক্ষাৎ কৰে আৰু এই বিষয়ে আলোচনা কৰে।
মেদৰটাৰীত ২০১৩ চনৰ পৰা আৰু আইৰকাটাত ২০১৭ চনৰ পৰা এই এম্বুলেন্স সেৱা চলি আছে। গড়াখহনীয়া আৰু দুৰ্গম অঞ্চলৰ ৰোগীসকলৰ বাবে এই এম্বুলেন্স সেৱা অতি প্ৰয়োজনীয়। সেয়েহে জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এম্বুলেন্স দুখন যাতে আগৰ দৰেই ইয়াত বহাল ৰখা হয়, তাৰ বাবে তেওঁ স্বাস্থ্য বিভাগক আহ্বান জনায়।