23/05/2026
Slug= জামুগুৰিহাটৰ যুৱক বহিৰাজ্যত নিৰূদ্দেশৰ চাঞ্চল্য৷
Anchor= জামুগুৰিহাটৰ এজন যুৱক বহিৰাজ্যত নিৰূদ্দেশ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জামুগুৰিহাটৰ খ্ৰীষ্টানবষ্টি গাঁওখনৰ প্ৰয়াত জেমছ হৰৰ পুত্ৰ ছিলবিষ্টাৰ হৰ(২৫) নামৰ যুৱক জনে যোৱা ৫ মেত বন্ধুৰ লগত কৰ্ম্মসুত্ৰে বহিৰাজ্য বাংগালুৰলৈ গৈ থকা অৱস্থাত বাটৰ পৰাই নিৰুদ্দেশ হৈ আছে। ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰাই যুৱক জনৰ সৈতে পৰিয়ালৰ কোনো ধৰণৰ যোগাযোগ নোহোৱাত এতিয়া চিন্তিত হৈ পৰিছে মাতৃ বাহামনি হৰ আৰু পৰিয়ালবৰ্গ৷ নিজৰ সন্তান নিৰূদ্দেশ হোৱা সন্দৰ্ভত পৰিয়ালে জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও সফল হোৱা নাই৷
কোনো সদাশয় লোকে যুৱক জনৰ সন্ধান পালে 9365034894/6003145751 নম্বৰ ফোনত যোগাযোগ কৰিবলৈ আহৱান জনাইছে পৰিয়লে৷
Byte= মাতৃ৷
Byte= বন্ধু৷
Byte= আত্মীয়৷
Anwar Ahmed
Assam Live News