Assam Live News

Assam Live News Any event news find in this chenal so follow it

25/12/2025

Slug=ৰঙাপৰাৰ মানশিৰিত সুশাসন দিৱস উপলক্ষ্যে বৃক্ষ ৰোপন৷

Anchor=শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত মানশিৰিত আজি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু সুশাসন দিৱসৰ সৈতে সংগতি ৰাখি এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শোণিতপুৰ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত মানশিৰি কালি মন্দিৰ প্ৰঙ্গনত আয়োজিত অনুষ্ঠানত বি জে পিৰ দলীয় নেতৃবৃন্দৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক ৰাইজে অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰো আয়োজন কৰা হয় ।

Byte = উদ্যোক্তা৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

25/12/2025

Slug= জামুগুৰিহাটৰ ধলাইবিলত পবিত্ৰ বৰদিন উদযাপন৷

# কেৰলৰ ধৱনিৰে মুখৰিত গীৰ্জাৰ চৌহদ৷

Anchor= জামুগুৰিহাটৰ ধলাইবিল কেথলিক গীৰ্জাত পবিত্ৰ বৰদিন উদযাপন কৰা হয়৷সমগ্ৰ অসমৰ লগতে জামুগুৰিহাটৰ ধলাইবিলৰ কেথলিক গীৰ্জাতো যীশু খ্ৰীষ্টৰ পবিত্ৰ বাণীৰে বৰদিন উপলক্ষে মুখৰিত হয় কেৰলৰ ধ্বনি৷বিগত বৰ্ষবোৰৰ দৰে আজি পৱিত্ৰ বৰদিন উপলক্ষে হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজ সমবেত হৈ শান্তি সম্প্ৰীতিৰ হকে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়৷

Byte= চুশিল জন চৰেন/ফাডাৰ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

25/12/2025

Slug= কংগ্ৰেছে বিজেপিৰ নোম এডালো লৰাব নোৱাৰে - পদ্ম হাজৰিকা ,বিধায়ক ৷
Anchor= কংগ্ৰেছে বিজেপিৰ নোম এডালো লৰাব নোৱাৰে বুলি কটাক্ষ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।…নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ হৈ যদি ৰাহুল গান্ধী,প্ৰিয়ঙ্কা গান্ধীৰ লগতে বাঘা বাঘা নেতা আহিলেও আমাৰ ইয়াত বিজেপিৰ নোম এডালো লৰাব নোৱাৰে।" এই মন্তব্য নদুৱাৰ সমষ্টিৰ প্ৰভাৱশালী বিধায়ক পদ্ম হাজৰিকাৰ। ২৬ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ গড়মৰাত অনুস্থিত এখন বিশাল জনসভাত এনেদৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে। নিৰ্বাচনৰ প্ৰাকক্ষণত এক বিশাল মটৰচাইকেল ৰেলিৰে প্ৰথমবাৰৰ বাবে নদুৱাৰ সমষ্টিত নিৰ্বাচনী ৰণশিঙা বজালে বিজেপিয়ে। প্ৰায় ১০ সহস্ৰাধিক জনতাৰ উপস্থিতিত এই সভাতে বিধায়ক গৰাকীয়ে আগন্তুক নিৰ্বাচনৰ বাবে এটি ভিডিঅ গান মুকলি কৰে।উক্ত সভাত সমষ্টিটোৰ কংগ্ৰেছ,অগপ দলৰ পৰা প্ৰায় দুই শতাধিক লোকে বিজেপি দলত যোগদান কৰে।

Byte= পদ্ম হাজৰিকা/বিধায়ক৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

25/12/2025

Slug=Jamugurihat accident news.
# জামুগুৰিহাটত পথ দুৰ্ঘটনা।
# চুইফটৰ তলত সোমাল মটৰচাইকেল।

Anchor= জামুগুৰিহাটৰ উজৰাচুক তিনিআলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।AS12-M-5701 নম্বৰৰ চুইফট আৰু AS12-AG-5847 নম্বৰৰ পালচাৰ বাইকৰ মাজত হয় সংঘৰ্ষ। তীব্ৰবেগী মাৰুতী চুইফট বাহন খনে পালচাৰ মটৰ চাইকেল খন মহতিয়াই নিয়াই নিয়ে। দুৰ্ঘটনাটোত মটৰ চাইকেলখন বিধ্বস্ত হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে আৰোহীৰ।

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

24/12/2025

Slug= Jamugurihat elephant news.
# জামুগুৰিহাটত হালধীয়া সৰিয়হ তলিত বন্যহস্তীৰ উপদ্ৰৱ।
# ঠন ধৰি উঠা সৰিয়হ তহিলং।

Anchor= জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ মাজবস্তিত বনৰীয়া হাতীৰ উপদ্ৰৱ। তহিলং কৰিছে কৃষকৰ সৰিয়হৰ খেতি।নিশাও ভাগত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে ঠন ধৰি উঠা সৰিয়হ খেতি কৰিছে তহিলং। বন্যহস্তীৰ উপদ্ৰৱত চিন্তিত হৈ পৰিছে চহা খেতিয়ক সকল।সম্প্ৰতি অঞ্চলটোৰ কৃষক ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে বনবিভাগক আহ্বান জনাইছে।

Byte=কৃষক ৰাইজ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

24/12/2025

Slug=জামুগুৰিহাটৰ মাধৱ গাঁৱত দিন-দুপৰতে চুৰিকাণ্ড।
# চোৰে লুটি নিলে নগদ ৫০ হাজাৰ টকা৷

Anchor= জামুগুৰিহাটৰ মাধৱ গাঁৱত দিনদুপৰতে সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা৷ গাঁও খনৰ নিৰ্মল ভূঞা নামৰ ব্যক্তিজনৰ বাসগৃহত আজি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি চোৰ ভিতৰত প্ৰবেশ কৰে আৰু গডৰেজৰ লকাৰ ভাঙি পঞ্চাশ হাজাৰোধিক টকা লুটি নিয়াৰ লগতে ঘৰৰ আচবাব লণ্ডভণ্ড কৰি থৈ যায়৷তিনিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰই নিজা টমটমখন লৈ ভাড়া মৰাৰ বাবে ওলাই যোৱাৰ লগতে ভূঞাৰ পত্নীও এখন বিদ্যালয়ৰ ৰান্ধনীৰ দায়িত্ব পালন কৰাৰ বাবেই পুৱাই বিদ্যালয়লৈ গৈছিল৷ ইফালে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ বাবেই ঘৰখনৰ মূল ব্যক্তি নিৰ্মল ভূঞাও বাসগৃহৰপৰা কিছু সময়ৰ বাবে ওলাই যোৱাৰ সময়তেই চোৰৰ দলে দিনদুপৰতে সংঘটিত কৰে এই চুৰিকাণ্ড ৷কষ্টোপাৰ্জিত সাঁচতীয়া ধন কেইটা বিশেষ এটি কামৰ বাবে জমা কৰি থোৱাৰ মূহুৰ্তত এইদৰে চোৰে লুটি নিয়াত মানসিক ভাৱে ভাগি পৰিছে পৰিয়ালটি৷ ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এইমূহুৰ্তলৈকে চোৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ উল্লেখ্য যে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাটাও চুৰিকাণ্ড দিনদুপৰতে সংঘটিত হোৱাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে।

Byte= ভূক্তভোগী মহিলা৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

23/12/2025

Slug= জামুগুৰিহাটৰ ধলাইবিল কেথলিক গীৰ্জাত বৰ দিনৰ প্ৰস্তুতি ।

Anchor= জামুগুৰিহাটৰ ধলাইবিলৰ কেথলিক গীৰ্জাত বৰ দিন উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি । খ্ৰীষ্টান ধৰ্ম্মালম্বী লোক সকলৰ পৱিত্ৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ এটা দিন৷ সমগ্ৰ অসমৰ লগতে জামুগুৰিহাটৰ ধলাইবিল কেথলিক গীৰ্জাটো বৰদিনৰ ব্যাপক আয়োজন কৰা দেখা গৈছে৷
Byte= চুশিল জন চৰেন/ ফাডাৰ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

23/12/2025

# *BREAKING NEWS* #
---------------------------------------------
# চতিয়াৰ ইটাখোলাত চুৰি গাড়ী উদ্ধাৰ আৰক্ষীৰ৷

# বিশ্বনাথৰ বলোডোঙাৰ পৰা চুৰি হোৱা AS- 12- R- 7086 নম্বৰৰ এল্ট বাহন খন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইটাখোলা আৰক্ষী ।

# হানিফ আলি নামৰ যুৱক জনৰ এল্ট বাহন খন বিশ্বনাথ বলোডাঙৰ পৰা চুৰি হোৱাত বিশ্বনাথ আৰক্ষীক অৱগত কৰিছিল৷

# আৰক্ষীৰ অনুসন্ধান অব্যাহত থকাৰ মাজতে ইটাখোলা আৰক্ষীয়ে যোৱা নিশা এল্ট বাহন খন চতিয়াৰ চেঙামাৰিৰ পথৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে৷

Byte= ইটাখোলা আৰক্ষী বিষয়া৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

23/12/2025

Slug= শোণিতপুৰৰ বালিপৰাত ৰং তুলিকাৰে এদল ছাত্ৰ ছাত্ৰী।

Anchor= শোণিতপুৰৰ বালিপৰাত ৰং তুলিকা লৈ ব্যস্ত হল এদল ছাত্ৰ ছাত্ৰী । দেৱালত এফালৰ পৰা আকিছে বিভিন্ন ছবি । এইদৃশ্য বালিপৰাৰ । বালিপৰাৰ অন্যতম চিত্ৰলেখা কলা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কৰা হয় ৱাল পেইণ্টিং | বালিপৰা মজলীয়া মাধ্যমিক বিদ্যালয়ৰ দেৱালত অসমৰ ৰংঘৰ,কামাখ্যা মন্দিৰৰ লগতে কাজিৰঙা, নামেৰীৰ অপূৰ্ব সৌন্দৰ্যৰ লগতে অসমৰ কলা সংস্কৃতি আৰু ঐতিহ্যসমূহ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে ৰং তুলিকাৰ মাজেৰে সুন্দৰ ভাৱে প্ৰতিফলিত কৰে।

Byte= প্ৰশিক্ষক৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

22/12/2025

Slug- jamugurihat drama news

#বাঁপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ ৷

# বাঁপুজী ভৱনৰ মঞ্চত প্ৰয়াত দীপক গগৈৰ “ভালপোৱাৰ দিকচৌ বাট”নাট মঞ্চস্হ ৷

Anchor = জামুগুৰিহাটৰ একাংশ পুৰুধা ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯৫০ চনৰ এটি শুভ ক্ষণত জন্ম লাভ কৰা বাঁপুজী ভৱন নাট্য সমাজে সম্প্ৰতি ৭৫ বছৰ স্পৰ্শ কৰিলে। সেই উপলক্ষে বাঁপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তী ভাগ বৰ্ষজোৰা কাৰ্যসূচীৰ প্ৰথম পতাকা উত্তোলনেৰে শুভাৰম্ভ হয়৷ ইয়াৰ পাছতে যোৱা নিশা অনুষ্ঠিত হয় পুৰ্নাংগ নাট "ভালপোৱাৰ দিকচৌ বাট"। বাঁপুজী ভৱন নাট্য সমাজৰ মঞ্চত সন্ধিয়া ৭বজাৰ পৰা মঞ্চস্হ হোৱা অসমৰ স্বনামধন্য নাট্যকাৰ প্ৰয়াত দীপক গগৈৰ ৰচিত "ভালপোৱাৰ দিকচৌ বাট"নাটৰ পৰিচালক হিচাপে আছিল জামুগুৰিহাটৰ শিল্পী, সমাজকৰ্মী শৈলেন বৰকটকী আৰু মনজ্যোতি হাজৰিকা। জামুগুৰিহাটৰ অভিনয় অনুৰাগী এচাম যুৱক যুৱতীৰ দ্বাৰা সুন্দৰ ভাৱে অভিনীত"ভালপোৱাৰ দিকচৌ বাট" নাট ভাগ উপভোগ কৰিলে বাপুজী ভৱন নাট্য সমাজৰ পূৰ্ণ প্ৰেক্ষাগৃহৰ দৰ্শকে। উল্লেখ্য যে অহা ২০২৬ৰ নবেম্বৰ মাহত বাপুজী ভৱন নাট্য সমাজৰ মহাৰজত জয়ন্তী বৰ্ষৰ মুল কাৰ্যসূচী অনুষ্ঠিত হব।

Byte= বিষয়ববীয়া/ বাপুঁজীভৱন নাট্য সমাজ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

22/12/2025

Slug=Jamugurihat samkar sangha news.
# জামুগুৰিহাটত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি তুংগত ৷
# হৰিনাম ধ্বনিৰে মুখৰিত জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু স্থলী ৷
# হাতত কাচি লৈ জ্যোতি-বিষ্ণু ক্ষেত্ৰ চাফাইত নামিল সহস্ৰাধিক মহিলা ৷
Anchor = জামুগুৰিহাটৰ চৈবাৰী-ধলাইবিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনৰ সফল কামনাৰে গঠিত ৩৫ খনকৈ উপ সমিতি এতিয়া নিজ নিজ কৰ্মত পূৰ্ণোদ্যমে নিয়োজিত হৈ পৰা দেখা গৈছে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগা শ্ৰীমন্তশংকৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশন প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে৷ এই উদ্দেশ্যেৰে ৰবিবাৰে সহস্ৰাধিক মহিলাই জ্যোতি-বিষ্ণু স্থলী চাফাই কৰাৰ মানসেৰে হাতত কাচি লৈ নৰা কটাত ব্যস্ত হৈ পৰা দেখা যায় ৷ নৰা কটা সময়ত মহিলা সকলে হৰি নাম গাই ভক্তি ৰসত বুৰ গৈ বৈকুণ্ঠ পুৰি কৰি তোলে জ্যোতি-বিষ্ণু ক্ষেত্ৰ ৷ হৰি নাম ধ্বনি দি আনন্দত নাচিবাগি আত্মহাৰা হৈ পৰাও দেখা যায় মহিলা সকলক ৷ নৰাকটা স্থলীতে জুবিন গাৰ্গৰ মায়াবিনী গীত গাই শিল্পী গৰাকীক স্মৰণ কৰাও পৰিলক্ষিত হয় ৷ নৰাকটাৰ অন্তত সকলো মহিলাই পথাৰতে আনন্দ- প্ৰিতীৰে এসাজ ভোজভাত খোৱাও পৰিলক্ষিত হয় ৷ এই খেৰকটা হজত শোণিতপুৰ জিলাখনৰ উপৰি ওদালগুৰি,বিশ্বনাথ জিলাৰ ভক্তপ্ৰাণ মহিলা সকলেও অংশগ্ৰহণ কৰা বিষয়ে জানিবলৈ দিয়ে উদ্যোক্তা সকলে৷


Byte = বিপুল বৰা, সম্পাদক/আদৰণি সমিতি ৷
Byte=ভক্তপ্ৰাণ মহিলা ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

Address

Dhubri
783330

Telephone

9678910880

Website

Alerts

Be the first to know and let us send you an email when Assam Live News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Live News:

Share