
25/04/2025
লগে ভাগে গাওঁ আহা লাহে লাহে
দেশ-দেশান্তৰ, বক্তৃতা, প্রবাহিত
এখোজ এখোজ কৰি খোজ বহুৱাই পোৱাগৈ টিং পৰ্বতৰ এভৰি এভৰি কৰি আগ বাঢ়ি বাঢ়ি পোৱাগৈ দেশ-দেশান্তৰ।
বোৱা হয় দীঘল কাপোৰ এটোপ এটোপ কৰি সূতা বৈ বৈ পানী গোট খাই হয় শেষে গভীৰ সাগৰ।
এডাল এডাল কৰি
একোটা একোটা কৰি আখৰ জোঁটাই লেখা হয় বহু পুথি-পাঁজি এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা বৰ গছজুপি।
এটি দুটি কৰি কথা ফুটি ফুটি আগে আজি দেখা কত সুপণ্ডিত
এষাৰ-দুষাৰকৈ বক্তৃতাৰ সোঁত নৈ যেন হয় প্রবাহিত।