News 24 India

Directions Website

News 24 India Regd. Digital News Channel 'News 24 India'. Assamese News Channel News 24 India.
(1)

Digital Media (Assam).
প্ৰিয় দৰ্শক, News 24 India -ৰ যিকোনো প্ৰতিবেদনত কিবা তথ্য ভুল বা অভিযোগ থাকিলে শীঘ্ৰে যোগাযোগ কৰক : 9101094409 Regd Assamese Digital News Channel.


প্ৰিয় দৰ্শক,
News 24 India -ৰ যিকোনো প্ৰতিবেদনত কিবা তথ্য ভুল বা অভিযোগ থাকিলে শীঘ্ৰে যোগাযোগ কৰক :
9101094409 (whatsapp)

HEAD OFFICE : DHUBRI (ASSAM)

News 24 India News Channel. Digital News Channel News 24 India
Digital Media News 24 India


Facebook link : https://www.facebook.com/news24india914?mibextid=ZbWKwL

Youtube Link :
https://www.youtube.com/-digital

Whatsapp Link : https://whatsapp.com/channel/0029VaBUIbzBA1erngosha13





OTHERS LINK.....
Instagram link :
https://www.instagram.com/news24indiadigitalmedia?igsh=bWl2ZHdmN3RkNzVi

X link :
https://x.com/News24indiia?t=U3h6yPg9ewvaNidEfss08w&s=09


Mobile no : 9101094409
Email : [email protected]

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বন্তি প্ৰজ্বলন কৰিলে বিউটি ৰায়ে |         Himanta Biswa Sarma Narendra Mod...
17/09/2026

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বন্তি প্ৰজ্বলন কৰিলে বিউটি ৰায়ে |

Himanta Biswa Sarma Narendra Modi PMO India BJP Assam Pradesh

17/09/2026

বিলাসীপাৰাত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ অধীনত আৰ্থিক সাহায্য বিতৰণ |

#অসম চৰকাৰৰ অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’-ৰ অধীনত বৃহস্পতিবাৰে বিলাসীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় প্ৰতিমা পাণ্ডে বৰুৱা প্ৰেক্ষাগৃহত শতাধিক উদ্যমী যুৱক-যুৱতীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়।
সমজিলা আয়ুক্ত মানস জ্যোতি নাথে উদ্বোধনী ভাষণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ বিধায়ক জীৱেশ ৰয়ে কয় যে ৰাজ্য চৰকাৰে যুৱপ্ৰজন্মক কেৱল চাকৰিমুখী নকৰি স্বাৱলম্বী তথা নিয়োগ সৃষ্টিকাৰী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ হিতাধিকাৰীসকলক লাভ কৰা পুঁজিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাবলৈ আহ্বান জনায়।অনুষ্ঠানৰ অংশ হিচাপে দিনৰ ১২ বজাত গুৱাহাটীৰ খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা ভাষণ পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হয়।
সভাত প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ ৰায়, কে.এ.চি.-ৰ কাৰ্যবাহী সদস্য সুধীৰ ৰায়,দেৱজীৎ বৰকলিতা,অমৰেন্দ্ৰ নাথ,বিভিন্ন বেংকৰ প্ৰবন্ধক,পৌৰপতি, প্ৰশাসনৰ বিষয়ববীয়া, গণ্য-মান্য ব্যক্তি, স্থানীয় ৰাইজ আৰু হিতাধিকাৰীসকল উপস্থিত থাকে। আঁচনিখনৰ অধীনত বিলাসীপাৰাত মুঠ ৯৮১ জন হিতাধিকাৰীয়ে আৰ্থিক সাহায্য লাভ কৰাৰ বিপৰীতে অনুষ্ঠানত প্ৰতীকীভাৱে পাঁচজন হিতাধিকাৰীক এক লাখ টকাকৈ চেক প্ৰদান কৰা হয়। আৰ্থিক সাহায্য লাভ কৰি যুৱক-যুৱতীসকলৰ মাজত উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়।
-----------------------
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট।

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন | ৭৬ বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে
17/09/2026

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন | ৭৬ বছৰত ভৰি দিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে

17/09/2026

Assamese Digital News Channel News 24 India
News 24 India

15/09/2026

ধুবুৰী জিলাৰ সৌলমাৰী থানাৰ অন্তৰ্গত কাছাৰীহাট ডাঙাৰপাৰ হৰিমন্দিৰ প্ৰাংগনত অসম গণ পৰিষদ (AGP)অগপ দলৰ এখন নতুন ২১জনীয়া শক্তিশালী আঞ্চলিক কমিটি গঠন কৰা হয়।
এই সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ ধুবুৰী বিধান পৰিষদৰ সভাপতি ৰনেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য লগতে বিভিন্ন অগপ দলৰ কৰ্মকৰ্তা সকল এই সভাত উপস্থিত থাকে। কাছাৰীহাট আঞ্চলিক নতুন কমিটিখনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। জতিন চন্দ্ৰ ৰায়। আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় । প্ৰদিব কুমাৰ ৰায়ক ।

গোলকগঞ্জৰ পৰা মৃনাল ৰায়ৰ এক প্ৰতিবেদন।

14/09/2026

গৌৰীপুৰৰ চুপাৰ মাৰ্কেট কল্যাণকামী সংঘৰ শনি মন্দিৰৰ বাৰ্ষিক পূজা অনুষ্ঠান আয়োজন।

ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ ২ নং বাৰ্ডৰ চুপাৰ মাৰ্কেট কল্যাণকামী সংঘৰ শনি দেৱৰ বাৰ্ষিক পূজা উপলক্ষে আজি ৰাতিপুৱাৰে পৰা উক্ত অঞ্চলটোত ভক্ত সকলে কৰি পূজা অৰ্চনা কৰাৰ লগতে যথেষ্ট ভিৰ কৰা দেখা গৈছে।

চাওঁ আহক আমাৰ বিশেষ প্ৰতিবেদন।

মৃনাল ৰায়ৰ প্ৰতিবেদন

13/09/2026

শ্ৰী মন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

অসমৰ বিভিন্ন নামঘৰ আদি ঠাইত জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি নামনি অসমৰ দেৱদাৰু নগৰী অভয়াপুৰী সাহিত্য সভাৰ পথৰ কাষত অৱস্থিত নামঘৰত উদযাপন কৰা হয়। নাম প্ৰসংগ, আইনাম আদি কাৰ্যসূচীৰ লগতে ভাগৱত যাত্ৰা উলিওৱা হয়। ভক্তি ৰসৰ মাজত ডুব যোৱা এই তিথি উপলক্ষে বহু ভক্তৰ সমাগম ঘটে।

12/09/2026

ধুবুৰী জিলাৰ ধৰ্মশালা থানাৰ অন্তৰ্গত ধৰ্মশালা চৈধ্য মাঠ ঈদগা ময়দান খেলপথাৰত ধৰ্মশালা যুৱ সমাজৰ উদ্যোগত ১৬ টিমৰ ফুটবল টুৰ্ণামেণ্ট খেল আয়োজন কৰে।
অহা ১৩-১৫-আৰু ২০ তাৰিখ ফাইনাল ফুটবল টুৰ্ণামেণ্ট খেলখনত সকলো ফুটবল প্ৰেমী ৰাইজক ফুটবল টুৰ্ণামেণ্ট খেলখনত উপস্থিত থাকিবলৈ আহ্বান জনাইছে কৰ্মকৰ্তা সকল ।
গোলকগঞ্জৰ পৰা মৃনাল ৰায়ৰ এক প্ৰতিবেদন।

//আজি মুক্তিলাভ কৰিব 'দেশী গানেৰ সম্ৰাট ৰে তুই আব্দুল জব্বাৰ// মেঘালয়ৰ প্ৰতিষ্ঠিত এইচ ডি আৰ এছ প্ৰডাকচনৰ নিবেদনত নিৰ্মা...
11/09/2026

//আজি মুক্তিলাভ কৰিব 'দেশী গানেৰ সম্ৰাট ৰে তুই আব্দুল জব্বাৰ//

মেঘালয়ৰ প্ৰতিষ্ঠিত এইচ ডি আৰ এছ প্ৰডাকচনৰ নিবেদনত নিৰ্মাণ কৰা দেশী গীত 'দেশী গানেৰ সম্ৰাট ৰে তুই আব্দুল জব্বাৰ' আজি ইউটিউব তথা ফেচবুক পেজ HIGHLAND TONE যোগে ভিডিঅ' গীতটি শুভ মুক্তি পাব | গীতটিৰ কথা, সুৰ, কণ্ঠৰ লগতে সংগীত হাফিজুৰ ৰহমানৰ | নিখুঁত ভাবে দৃশ্যগ্ৰহণ কৰিছে মেহবুব হাছান | অভিনয় কৰিছে ক্ৰমে নূৰ উদ্দিন মোল্লা, মোঃ আলীৰ লগতে অন্যান্য | এই সুমধুৰ গীতটি নামনি অসমৰ ধুবুৰী জিলাৰ বিষখোৱা অঞ্চলৰ জনপ্ৰিয় কণ্ঠশিল্পী আব্দুল জব্বাৰে দেশী গীতৰ প্ৰতি যি অৱদান আগবঢ়াইছে, সেই অৱদানক কৃতজ্ঞতা জনাই এই ভিডিঅ' গীতটি নিৰ্মাণ কৰিছে বুলি পৰিচালক ৰবিন চন্দ্ৰ ৰায়ে জানিবলৈ দিয়ে |

10/09/2026

সুধাকন্ঠ'ক স্মৰণ কৰি_ _"জ্ঞানজ্যোতি জাতীয়" বিদ্যালয় প্ৰাংগণত গছপুলি ৰোপণ |

স্বেচ্ছাসেৱী সংগঠন আলোকৰে যাত্ৰাৰ উদ্যোগত চাপৰ চহৰৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয় প্ৰাংগণত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে গছপুলি ৰোপণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আলোকৰে যাত্ৰাৰ সম্পাদক তিলক চন্দ্ৰ প্ৰসাদে আঁতধৰা এই অনুষ্ঠানত জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ সঞ্চালিকা শেখ হেনিফা আফৰুজ আৰু ৰেক্টৰ ৰঞ্জিত দাস দেৱে সুধাকণ্ঠৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। লগতে আলোকৰে যাত্ৰাৰ পদক্ষেপৰ প্ৰতি শলাগ লয়।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট

Address

Dhubri
783325

Alerts

Be the first to know and let us send you an email when News 24 India posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share