STAR NE

Directions Website

STAR NE তথাকথিত নিৰপেক্ষ আমি নহওঁ আমি পক্ষপাতিত্ব কৰিম, আমি থাকিম ৰাইজৰ পক্ষত STAR NE

For Advertisement Call 📞 9365599857 & 7002982536

17/09/2026

কামৰূপ জিলাৰ চাম্পুপাৰাৰ কলহী নদীত নৱম সংখ্যক নাও খেলৰ সামৰণি
হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত ৰোমাঞ্চকৰ নাও খেল
১৩খন দলে অংশ ল’লে প্ৰতিযোগিতাত
চূড়ান্ত প্ৰতিযোগিতাত ‘ৰাজমাতা’ দল চেম্পিয়ন
দ্বিতীয় ‘সাহানা এক্সপ্ৰেছ’, তৃতীয় ‘মা হাওৱা’
কটকটীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে সামৰণি

17/09/2026

বঙাইগাঁও চহৰ আৰু ইয়াৰ আশে-পাশে চোৰৰ ত্ৰাস বৃদ্ধি পোৱাৰ সময়তে দোলাইগাঁও ৩য় খণ্ডত চুৰি হোৱা অটোৰিক্সা উদ্ধাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে।

চুৰি হোৱা AS 19 C 6018 নম্বৰৰ অটোৰিক্সাখনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই অটোৰিক্সাখন উদ্ধাৰ কৰে।

ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত।


Bongaigaon Police

17/09/2026

চাপৰত অব্যাহত আছে সুৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।

হৃষি ৰেষ্টুৰেণ্ট নামৰ IMFL ON SHOP ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ!

চাপৰৰ মাজ মজিয়াত আজি ভয়ংকৰ প্ৰতিবাদ!


17/09/2026

বঙাইগাঁৱৰ জিলা পুথিভঁৰালত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অনুদান বিতৰণ

যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ অনন্য পদক্ষেপ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০ৰ অধীনত অনুদান বিতৰণ

17/09/2026

লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
৪০ লাখ টকাৰ পথ মেৰামতিৰ তদন্তৰ দাবী

বিধায়ক আফতাব উদ্দিন মোল্লাৰ বিৰুদ্ধেও ক্ষোভ
প্ৰতিবাদী ধ্বনিৰে উত্তাল লক্ষীপুৰৰ ৰাজপথ

17/09/2026

ধুবুৰী জিলাৰ Assam Pharma Nursing academy ত পালন কৰে নবাগত আদৰণি সভা ।

আজি 16 ছেপ্টেম্বৰ তাৰিখে Assam Pharma Nursing academy পালন কৰে নবাগত আদৰণি সভা ।
এই উপলক্ষে বিদ্যালয়খনত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান।
ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ তৰফৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

17/09/2026

গৌৰীপুৰ চুপাৰমাৰ্কেটৰ মদৰ দোকান বন্ধৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ।।
ৰাইজৰ দাবী - এই দোকান যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগে, অন্যথা জংগী আন্দোলন।।

16/09/2026

কোকৰাঝাৰত যানজঁটত বাহনৰ খুন্দাত কেইবাখনো বাইক ক্ষতিগ্ৰস্ত, এজন লোক আহত

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ ৰে’ল গেটৰ সন্মুখত বহু লোক আবদ্ধ হৈ পৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ইয়াৰ মাজতে যানজঁটত আবদ্ধ এখন বাহনে কেইবাখনো বাইকৰ লগতে এজন লোকক চোচৰাই নিয়াৰ অভিযোগ উত্থাপন হয়।

চালকজনে খঙতে ইচ্ছাকৃতভাৱে এনে কৰা বুলি অভিযোগ তুলি ক্ষুব্ধ হৈ পৰে ৰাইজ।

পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীৰ সন্মুখতে ক্ষুব্ধ ৰাইজে বাহনখন ভাঙি পেলোৱাৰ অভিযোগ।

আৰক্ষীয়ে আঘাতপ্ৰাপ্ত লোকজনক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে বাহনসহ চালকজনক থানালৈ লৈ যায়।

ইফালে, ঘটনাস্থলীত এখন খুকুৰী উদ্ধাৰক লৈও সৃষ্টি হৈছে ৰহস্য।

16/09/2026

গৌৰীপুৰত কুখ্যাত বালি মাফিয়া হাছেন আলি শেখক গ্ৰেপ্তাৰ।

16/09/2026

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ মনোনয়ন দাখিল।
মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, তাঞ্জিল হুছেইন, ৰেকিবুদ্দিন আহমেদসহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-বিষয়ববীয়া।

Address

Guwahati, Bongaigaon, Gauripur, Kokrajhar BTC
Dhubri

Alerts

Be the first to know and let us send you an email when STAR NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share