07/09/2026
গুৱাহাটীৰ মালিগাঁও অঞ্চলত এক দুৰ্ঘটনা সংঘটিত হৈছে। চলন্ত ৰে'লৰ পৰা নামিবলৈ লওতে বা আন কোনো কাৰণত পিছলি পৰি এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁৰ মৃত্যু ঘটে। বৰ্তমানলৈকে মৃত ব্যক্তিজনৰ কোনো সঠিক নাম-ঠিকানা বা পৰিয়ালৰ লোকৰ সন্ধান পোৱা নাই, আৰু তেওঁৰ ওচৰত কোনো মোবাইল ফোন বা পৰিচয় পত্ৰও নাই। যদি কোনোবাই এই ব্যক্তিজনক চিনি পায়, তেন্তে তৎক্ষণাৎ নিকটৱৰ্তী ৰে'লৱে আৰক্ষী (GRP) অথবা স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনো হ’ল।"