Protidin Khobor Axom

Protidin Khobor Axom ন্যায়ৰ পক্ষত সত্যৰ সন্ধানত sofiqul Amin email address

13/07/2025

ধুবুৰীত যৌতুক বিচাৰি নিজ পত্নীক অত্যাচাৰ কৰাৰ অভিযোগ পত্নীৰ।

ড্ৰাগছ সেৱন কৰি স্বামীৰ বন্ধুৰ সহায়ত পত্নীৰ ওপৰত কৰোৱায় আমানৱীয় নিৰ্যাতন।

অৱশেষত মহিলা এগৰাকীয়ে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি থানাত কৰিলে এজাহাৰ দাখিল।

ধুবুৰীৰ আমেৰভিটাৰ ইৰফান আহমেদ ওৰপে ৰাখুয়ে সামাজিক ৰীতি নিয়ম অনুসাৰে ঝগৰাৰপাৰস্হিত ছালমা খাতুনক বিবাহ পাশত আবদ্ধ হৈছিল।

বহুদিন সংসাৰ চলি থকাৰ মাজতেই সদায় যৌতুক বিচাৰি নিজ পত্নীক মাৰপিট কৰাৰ লগতে শৰীৰৰ ওপৰত চলায় আমানৱীয় অত্যাচাৰ।

নিজ স্বামীয়ে অত্যাচাৰ চলাৰ পিছতো পৰিয়ালৰ লোকে মাৰপিট কৰে।

অভিযোগ অনুসৰি অকল এয়াই নহয়, স্বামীৰ নিজ বন্ধু মহিবুল হকে ড্ৰাগছ সেৱন কৰি বন্ধুৰ পত্নীক অশ্লীল কাম কৰোৱায় বুলি অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে।

এই সন্দৰ্ভত ধুবুৰী কলেজ নগৰ আৰক্ষী চকীত স্বামীসহ কেইবা গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলা গৰাকীয়ে।

13/07/2025

গঠন হ'ল ধুবুৰীৰ পদ্মেৰ আলগা গাওঁ পঞ্চায়ত।

যোৱা দহ তাৰিখে গঠন হয় পঞ্চায়ত খন।
ছয় গৰাকী সদস্যৰ সমৰ্থনত সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় আয়না খাতুন।
আয়না খাতুনে দহ নং ৰিভাৰ ব্লেক এন চি গাঁৱৰ পৰা সদস্যা পদত নিৰ্বাচিত হৈছিল।
পঞ্চায়ত খনৰ উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় শুকিৰন নেচা ঘৰ চিৰাখোৱ চতুৰ্থ খণ্ড গাঁৱত।
নব নিৰ্বাচিত সভানেত্ৰী আয়না খাতুন আৰু উপ সভানেত্ৰী শুকিৰন নেচাই আজি পঞ্চায়ত খনৰ অন্তৰ্গত চিৰাখোৱা চতুৰ্থ খণ্ড, পঞ্চম খণ্ডৰ দুখন গাঁও পৰিদৰ্শন কৰে।
ঐতিহাসিক লাঠি খেলৰ আয়োজন কৰে সভানেত্ৰী গৰাকীয়ে।
লাঠি খেল চাবলৈ হাজাৰ হাজাৰ পুৰুষ মহিলাৰ সমাগম দেখিবলৈ পোৱা যায়।
আমাৰ সাংবাদিকৰ সাক্ষাৎকাৰত নেত্ৰী গৰাকীয়ে কি ক'লে এবাৰ শুনাই লৈছোঁ।

📌 ৰাজ্যজুৰি বহুল চৰ্চিত অসমৰ জীয়ৰী অৰ্চিতা ফুকন সন্দৰ্ভত ডাঙৰ খবৰ 📌 অৰ্চিতা ফুকনৰ ৰহস্য ফাদিল, প্ৰাক্তন প্ৰেমিক প্ৰতিম ব...
12/07/2025

📌 ৰাজ্যজুৰি বহুল চৰ্চিত অসমৰ জীয়ৰী অৰ্চিতা ফুকন সন্দৰ্ভত ডাঙৰ খবৰ
📌 অৰ্চিতা ফুকনৰ ৰহস্য ফাদিল, প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই কৰিছিল কু-কাণ্ড
📌 পৰ্ণ ইণ্ড্ৰাষ্ট্ৰীত কাম নকৰে অৰ্চিতা ফুকনে, প্ৰেমিকে আখেজ ল'বলৈ কৰিছিল এই কু-কাণ্ড
📌 অৰ্চিতা ফুকনে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ লম্পট প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক্।

খুটাবাগৰা এম ই স্কুলৰ সহ শিক্ষক তথা দেবীতোলা CRCC জাকিৰ হুছেইন আজি এই খন পৃথিৱীৰ পৰা চিৰ বিদায় লয়।তেওঁৰ আকস্মিক মৃত্যু...
12/07/2025

খুটাবাগৰা এম ই স্কুলৰ সহ শিক্ষক তথা দেবীতোলা CRCC
জাকিৰ হুছেইন আজি এই খন পৃথিৱীৰ পৰা চিৰ বিদায় লয়।
তেওঁৰ আকস্মিক মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা যায়।বৰ্তমান শিক্ষক গৰাকীৰ মৃত্যু দেহ দাৰ্জিলিং চিকিৎসালয়ত থকা বুলি জানিব পৰা গৈছে।

12/07/2025

নব নিৰ্বাচিত পদ্মেৰ আলগা গাওঁ পঞ্চায়তৰ সভানেত্ৰী আয়না খাতুন আৰু উপ সভানেত্ৰী শুকিৰন নেচাই চিৰাখোৱা প্ৰতিখন গাঁও পৰিদৰ্শন কৰে। ঐতিহাসিক লাঠি খেল দেখুৱাই ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰে সভানেত্ৰী গৰাকীয়ে।

12/07/2025
12/07/2025

ABMSU ৰ নেতা মাইনুদ্দিন আলীয়ে অসমীয়া ভাষাকলৈ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত ।

ABMSU ৰ নেতা মাইনুদ্দিন আলী মূৰ্খৰ নিচিনা মন্তব্য কৰিছে।ডিঙিত গামোচা লৈ তেওঁ অসমবাসীৰ ওচৰত আঠুকাঢ়ি ক্ষমা খুজিব লাগে-এই দাবী অসম মিঞা (অসমীয়া)পৰিষদৰ ।

মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল বাতেনে কয়- মাইনুদ্দিনে আত্মঘাতী মন্তব্য কৰিছে । ABMSU ৰ নেতা মাইনুদ্দিনক ধিক্কাৰ জনায় মিঞা পৰিষদৰ সভাপতি গৰাকীয়ে।

বিতৰ্কিত মন্তব্য কৰা ABMSU কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলী কৰা মন্তব্যৰ আৰত কোনো ৰাজনৈতিক নেতাৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মিঞা পৰিষদৰ সভাপতি গৰাকীয়ে।
তেওঁ কয় - বৃহত্তৰ অসমীয়া জাতি গঠনত আমাৰ পূৰ্ব পুৰুষ সকলে স্বেচ্ছাই আগভাগ লৈছিল আৰু
আমি মিঞা পৰিষদে ও অসমীয়া জাতি উন্নয়নৰ স্বাৰ্থত কাম কৰি আছোঁ। অসমৰ মিঞা সকল প্ৰাকজ্যোতিষ কামৰুপী জনজাতীয় মূলৰ আৰু হাৰে হিমজুয়ে অসমীয়া বুলি মন্তব্য কৰে আব্দুল বাতেনে।
এনে ক্ষেত্ৰত ABMSU ৰ তথাকথিত নেতাৰ মন্তব্য গৰিহণা যোগ্য বুলি মন্তব্য কৰে পৰিষদৰ সভাপতি আব্দুল বাতেনে।
তেওঁ আৰু কয়- পূৰ্ব বংগীয় শব্দটো এতিয়া আৰু প্ৰযোজ্য নহয়। কোনোবাই ইউৰেছিয়াৰ পৰা আহিছে, কোনোবাই ম্যানমাৰৰ আহিছে, কোনোবাই চীনৰ ইউহানৰ পৰা আহিছে,এতিয়া তেওঁলোকক ইউৰেছিয়ান, ম্যানমাৰ আদি মূলীয় বুলি কোৱা সম্ভৱ নহয় বুলি উদাহৰণ দাঙি ধৰে।

Good morning 🌄 all are friends
12/07/2025

Good morning 🌄 all are friends

Good night 🌉 All are friends
11/07/2025

Good night 🌉 All are friends

11/07/2025

পানবাৰীত উপস্থিত ধুবুৰীৰ সাংসদ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন। উচ্ছেদক লৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ গৰাকীয়ে। সংবাদ মেল যোগে কি ক'লে ৰকিবুল হুছেইনে।

Good morning all are Followers
11/07/2025

Good morning all are Followers

উচ্ছেদিতৰ কাষত ত্ৰাণকৰ্তা ৰূপে থিয় হব ধুবুৰীৰ সাংসদ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে।
10/07/2025

উচ্ছেদিতৰ কাষত ত্ৰাণকৰ্তা ৰূপে থিয় হব ধুবুৰীৰ সাংসদ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে।

Address

Chirakhowa Pt V Nayapara , P/O: Alomganj , P/S: Fakirganj , Dist: Dhubri
Dhubri
783339

Telephone

+919085972646

Website

Alerts

Be the first to know and let us send you an email when Protidin Khobor Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Protidin Khobor Axom:

Share