BPNews

Call Directions Website

BPNews সত্য আৰু নিষ্ঠাৰে এক নতুন যাত্ৰা

12/10/2026

ৰাজ্যজুৰি অসম ৰে'লযাত্ৰী সংস্থাৰ স্মাৰক-পত্ৰ প্ৰদান কাৰ্যসূচী

বজালীৰ সৰুপেটাতো ৰে'লযাত্ৰী সংস্থাৰ স্মাৰক-পত্ৰ প্ৰদান কাৰ্যসূচী

12/10/2026

ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ নেতা বিদ্যুৎ শইকীয়াক আটক কৰাৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনাটোৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ সংবাদদাতা অজিত বৰা আৰু BP NEWS-ৰ Editor শ্ৰীদাম ৰায়ে ফোনযোগে যোগাযোগ কৰি ঘটনাৰ সবিশেষ জানিবলৈ চেষ্টা কৰে।

12/10/2026

ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা।
অভিযান চলাই ১ কিলোগ্ৰাম ২১৪ গ্ৰাম সন্দেহযুক্ত গাঞ্জা জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।
আটকাধীন মহিলাগৰাকীক নাতুন গাঁৱৰ নিতুমণি বৰগোহাঁই দাস বুলি চিনাক্ত কৰা হৈছে।

12/10/2026

দৰঙৰ ছিপাঝাৰৰ কলেজ চ'কত পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হয় দুৰ্ঘটনাটো। ছিপাঝাৰ দুৱাহাটীৰ নীলমণি বৰুৱা নামৰ যুৱক নিহত। এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত আছিল নীলমণি বৰুৱা।

12/10/2026

গুৱাহাটী মহানগৰ শাখা সমিতিৰ উদ্যোগত গুৱাহাটীত অধ্যয়নৰত চাহ জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ এক নৱাগত আদৰণি সভা ও ন-পুৰণি সতীৰ্থ সন্মিলন সফলতাৰে অনুষ্ঠিত হৈ যায়। দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ কনভেনচন চেন্টাৰত এই অনুষ্ঠানভাগ অনুষ্ঠিত হয়।

12/10/2026

গুৱাহাটীত বাইক-স্কুটীৰ মুখামুখি সংঘৰ্ষ, লালগণেশৰ চালক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

মহানগৰীৰ ধীৰেনপাৰাত আজি এখন বাইক আৰু বৈদ্যুতিক স্কুটীৰ মাজত এক ভয়াৱহ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এই দুৰ্ঘটনাত AS 01G 1589 নম্বৰৰ স্কুটীখনৰ চালকজন গুৰুতৰভাৱে আহত হয়।

12/10/2026

খাৰুপেটীয়াত সেৱা সংকল্প অভিযান: ১২৯১ গৰাকী মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈ চেক্ আৰু কৃতজ্ঞতা পত্ৰ প্ৰদান
ৰান্ধনীসকলৰ মাননী ১০ হাজাৰ টকালৈ বৃদ্ধিৰ দাবী বিধায়ক মজিবুৰ ৰহমানৰ
সেৱা সংকল্প অভিযান'ৰ অংশ হিচাপে আজি খাৰুপেটীয়া অসম ক্লাব প্ৰেক্ষাগৃহত এক চেক বিতৰণী সভা অনুষ্ঠিত হৈ যায়।

12/10/2026

সম্পন্ন হ’ল বডোলেণ্ড ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অন্তিম অডিচন

সম্পন্ন হ’ল বডোলেণ্ড ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অন্তিম অডিচন। অহা ২২ নৱেম্বৰত ওদালগুৰিত অনুষ্ঠিত হ’ব এই অনুষ্ঠানৰ গ্ৰেণ্ড ফিনালে।

জোনাকী এণ্টাৰটেইনমেণ্টৰ উদ্যোগত আৰু হীৰক ৰাভাৰ পৰিচালনাত আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান।

12/10/2026

দলগাঁৱৰ বেছিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান!

বাগান ৰোডত থকা ইউছুফ আলীৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ।

শতাধিক ড্ৰাগছভৰ্তি কণ্টেইনাৰৰ লগতে উদ্ধাৰ হৈছে বহু খালী কণ্টেইনাৰ।
দীৰ্ঘদিন ধৰি বাসগৃহটোত ড্ৰাগছৰ কাৰবাৰ চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।

11/10/2026

বজালী নিত্যানন্দত নাটঘৰ নিত্যানন্দৰ উদ্যোগত অস্কফোৰ্ড ইংলিছ স্কুলৰ বাকৰিত ইশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সোৱৰণত সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতাৰ সফল সামৰণি

এই অভিনয় প্ৰতিযোগীতাখন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক ঔপন্যাসিক প্ৰভাত গোস্বামীয়ে

একক অভিনয় প্ৰতিযোগিতাখন ক আৰু খ শাখাত অনুষ্ঠিত কৰা হৈছিল ।

Address

Dhubri

Telephone

+919435441128

Alerts

Be the first to know and let us send you an email when BPNews posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share