Protidin Khobor Axom 24x7

Directions

Protidin Khobor Axom 24x7 আমি স্বচ্ছ, আমি স্পষ্ট, ন্যায়ৰ পক্ষত অন্যায়ৰ বিৰুদ্ধে আমাৰ এই যাত্ৰা।

06/09/2026

আচলতে কি হৈছিল সেইদিনা? যিদিনা গৌৰীপুৰ আৰু পৰ্বতঝোৰা সমষ্টিৰ সীমান্ত অঞ্চল ছাতাগুৰিৰ পৰা গৌৰীপুৰ আৰক্ষীয়ে ১৪ টাকৈ গো-ধন জব্দ কৰি আকৌ গৰু এৰি পলায়ন কৰিছিল! আৰক্ষীৰ নামত কোনে ধন বিচাৰিছিল গো ব্যৱসায়িৰ পৰা? পৰৱৰ্তী সময়ত তথ্য সহকাৰে সমগ্ৰ ঘটনা প্ৰকাশ কৰিম।

04/09/2026

বিবাহৰ পূৰ্বেই পাচমাহৰ গৰ্ভৱতী নাবালিকা ছোৱালী! ধৰ্ষণৰ অভিযোগ আনিছুৰ ৰহমান নামৰ যুৱকৰ বিৰুদ্ধে! শুনক ছোৱালী জনীৰ মুখেৰে।

04/09/2026

এগৰাকী ধৰ্ষণৰ বলি হোৱা নাবালিকা ৰ মাতৃৰ কৰুণ বিননি। কান্দি কান্দি ন্যায় ভিক্ষা ৰাজ্যৰ মূখ্যমন্ত্ৰী লৈ। আস্থা হেৰাইছে গৌৰীপুৰ আৰক্ষীৰ ওপৰত।মেডিকেল লৈ নি নকৰিলে মেডিকেল। আদালতত সঁচা কথা কলে প্ৰাণে মাৰাৰ ভাবুকি।অৱশেষত ওলাল পাঁচ মাহৰ গৰ্ভৱতী।

31/08/2026

গৌৰীপুৰৰ মৰাপাটৰ গুদামত অগ্নি কাণ্ডৰ ঘটনা! খন্তেক পূৰ্বে ধুবুৰী জিলাৰ গৌৰীপুৰ বেপাৰী পট্টি স্থিত মৰাপাটৰ গুদামত অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়! ঘটনা স্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ অপ্ৰাণ্ত চেষ্টা অব্যাহত ৰাখিছে। অগ্নি কাণ্ডৰ ফলত গুদামটোৰ বিস্তৰ ক্ষতিসাধন হয়।

26/08/2026

ধুবুৰীৰ আলমগঞ্জত ৰহমান মেডিকেলৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰু আলমগঞ্জবাসী ৰাইজৰ স্বাস্থ্যসেৱাৰ সুবিধাৰ্থে ৰহমান মেডিকেলৰ উদ্যোগত আলমগঞ্জত অনুষ্ঠিত হয় এখন বিশেষ বিনামূলীয়া চিকিৎসা শিবিৰ।

এই চিকিৎসা শিবিৰত ধুবুৰী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসা সেৱা প্ৰদানকাৰী টিমে ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে চিকিৎসক হিচাপে উপস্থিত থাকে ডাঃ ছৌবিক বানিক, MBBS, MD—ডায়েবেটিছ আৰু মেডিচিন স্পেচিয়েলিষ্ট, ধুবুৰী মেডিকেল কলেজ।

শিবিৰখনত অঞ্চলটোৰ বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে। বিশেষকৈ সাধাৰণ ৰোগ, ডায়েবেটিছ আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰা প্ৰয়োজনীয় পৰামৰ্শ লাভ কৰে ৰাইজে।

ৰহমান মেডিকেলৰ এনে জনকল্যাণমূলক পদক্ষেপে অঞ্চলবাসীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। চিকিৎসা সেৱা যাতে কেৱল ধনৰ অভাৱত কোনো লোকৰ পৰা আঁতৰি নাযায়, সেই লক্ষ্যৰে আগলৈও এনে পদক্ষেপ অব্যাহত ৰখাৰ আশা প্ৰকাশ কৰিছে সচেতন মহলে।

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এনে উদ্যোগ সঁচাকৈয়ে সমাজৰ বাবে এক ইতিবাচক বাৰ্তা।

26/08/2026

গৌৰীপুৰত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গৌৰীপুৰত চোৰাং গৰুসহ বাহন জব্দ

গৌৰীপুৰ আৰু আঠানি আৰক্ষীৰ পৃথক অভিযানত চোৰাং গৰুসহ দুখন বাহন জব্দ কৰা হৈছে।

ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে আন্তঃৰাজ্যিক চোৰাং গৰু সৰবৰাহ চক্ৰ।

পশ্চিম বংগৰ পৰা নিতৌ অসমলৈ চোৰাংভাৱে গৰু সৰবৰাহ কৰাৰ অভিযোগৰ মাজতে এই অভিযান চলায় আৰক্ষীয়ে।

গৌৰীপুৰ আৰক্ষীয়ে চোৰাং গৰু কঢ়িয়াই নিয়া AS-01-PC-9425 নম্বৰৰ এখন ট্ৰাক পিছা কৰে। আৰক্ষীৰ পিছা কৰাৰ সময়তে আলমগঞ্জত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ ফলত ট্ৰাকখনত থকা ৫টাকৈ গৰুৰ মৃত্যু হয়। আনহাতে, ১২টা গৰু জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ইফালে, আঠানি আৰক্ষীয়েও ঝালোপাৰাত অভিযান চলাই AS-15-AB-4474 নম্বৰৰ এখন বিলাসী বেলৰো বাহনসহ ৪টা চোৰাং গৰু জব্দ কৰে।

চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে এই ঘটনাই আন্তঃৰাজ্যিক গৰু সৰবৰাহ চক্ৰটো পুনৰ সক্ৰিয় হৈ থকাৰ অভিযোগকে স্পষ্ট কৰিছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

21/08/2026

গৌৰীপুৰত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু।

গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল।

গৌৰীপুৰত সংঘটিত হৈছে এক নৃশংস হত্যা কাণ্ড ঘটনা*৷৷

এগৰাকী ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু আৰু তাৰ পিছত ওলাই আহিছে হত্যাৰ অভিযোগ।

ধুবুৰী জিলাৰ গৌৰীপুৰত শোকৰ ছাঁ মৃত যুৱতী গৰাকীৰ নাম লুবনা আহাদ শেখ বয়স মাত্ৰ ১৯ বছৰ।

ৰিয়ালৰ অভিযোগ অনুসৰি,গোসাঁই গাঁৱৰ যুৱক সমেৰ আলীয়ে প্ৰথমে লুবনাক বেয়া বস্তু খুৱায়। তাৰ পিছত নিজেই তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ চেষ্টা কৰে। কিন্তু হস্পিতালত ভৰ্তি কৰোৱাৰ আগতেই মৃত্যু হয় লুবনাৰ।

তেওঁ নিজেই মাৰিছে আমাৰ ছোৱালীক মাৰি তাৰ পিছত ধুবুৰী DMCH হস্পিটেল লৈ গৈছে*৷৷

আমাক ন্যায় লাগে আমি সন্দেহ কৰিছোঁ, এয়া হত্যা।

ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে অভিযুক্ত সমেৰ আলীক সোধ পোছ কৰাৰ বাবে আটক কৰিছে। বৰ্তমান তেওঁ গৌৰীপুৰ থানাৰ জিম্মাত আছে আৰু আৰক্ষীয়ে তেওঁক সুধ পোছ অব্যাহত ৰাখিছে।

পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পৰিকল্পিত হত্যাৰ দিশতো তদন্ত আৰম্ভ কৰিছে।

ইফালে ঘটনাৰ পিছত পৰিয়ালৰ লোকে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

পৰিয়ালৰ লোকে অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।

এতিয়া প’ষ্টমৰ্টেম ৰিপ’ৰ্ট আৰু অন্যান্য প্ৰমাণ আহিলেহে প্ৰকৃত সত্য ওলাই আহিব।

১৯ বছৰীয়া এগৰাকী যুৱতীৰ এনেকুৱা মৃত্যুৱে গোটেই গৌৰীপুৰত শোকৰ ছাঁ পেলাইছে।

17/08/2026

ধুবুৰী জিলাৰ আঠানি উন্নয়ন খণ্ডৰ অধিনস্থ জহৰমুৰা বেদলংমাৰী পাৰঘাটত দুটা নাওৰ মাজত চলাচলক কেন্দ্ৰকৰি বিতৰ্কৰ সৃষ্টি:হতাহতি আশংকা

10/08/2026

পৰ্বতঝোৰাৰৰ আলমগঞ্জ পাহাৰতলীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷৷
১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিস্কা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।৷

দুৰ্ঘটনাত আহত শিক্ষাৰ্থী লগতে ৭-৮জন যাত্ৰী।৷

আহত যাত্ৰী সকলোক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।৷

দুৰ্ঘটনা সংগঠিত হোৱা ই-ৰিস্কা খনৰ নম্বৰ AS-17-AC 0699

আনফালে বাইক খনৰ নম্বৰ AS-17-H 9871

ঘটনাস্থলীত কাজিগাঁও আৰক্ষী উপস্থিতহৈ তদন্ত আৰম্ভ কৰিছে ।৷

09/08/2026

গৌৰীপুৰ আৰক্ষীৰ জুৱাৰ বিৰুদ্ধে মাৰাথন অভিযান।

ৰোৱাত অভিযান চলাই ৭জন জুৱাৰীক আটক গৌৰীপুৰ আৰক্ষী ৰ।

জুৱাৰী কেইজন ক্ৰমে ছফিয়ৰ ৰহমান, আজিবৰ ৰহমান,আব্দুৰ ৰেজ্জাক, সহিদুৰ ৰহমান, ইউছুব আলী,জাহানুৰ ইছলাম আৰু আঞ্চাৰ আলী।

জুৱা খেলি থকা অৱস্থাত অভিযান চলাই আটক কৰে জুৱাৰী কেইজনক।

জুৱাৰী কেইজনৰ পৰা টাছপাত, নগদ ধন ,আৰু মোবাইল ফোন জব্দ।

জুৱাৰী কেইজনৰ আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷৷

Address

Village Chirakhowa Pt 5, P/O Alomganj, P/S Fakirganj
Dhubri

Website

Alerts

Be the first to know and let us send you an email when Protidin Khobor Axom 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share